ETV Bharat / sports

পেৰিছ অলিম্পিক : স্পেইনক 2-1 গলত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ ভাৰতীয় হকী দলৰ - Paris Olympics 2024 - PARIS OLYMPICS 2024

India vs Spain Hockey : ভাৰত বনাম স্পেইনৰ মাজত অনুষ্ঠিত হোৱা ব্ৰঞ্জৰ পদক মেচত বৃহস্পতিবাৰে ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায় । ইয়াৰ লগে লগে ভাৰতে অলিম্পিকত চতুৰ্থবাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে । সম্পূৰ্ণ খবৰ পঢ়ক...

India vs Spain Hockey
স্পেইনক 2-1 গলত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ ভাৰতীয় হকী দলৰ (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 8, 2024, 8:04 PM IST

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : পেৰিছ অলিম্পিক 2024ত ভাৰতে লাভ কৰিছে আন এক পদক ৷ ভাৰত বনাম স্পেইনৰ মাজত অনুষ্ঠিত হোৱা ব্ৰঞ্জৰ পদক মেচখনত ভাৰতে শক্তিশালী প্ৰদৰ্শনেৰে জয়লাভ কৰি স্পেইনক 2-1 গ’লত পৰাস্ত কৰে ৷ এই জয়েৰে ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

ছেমি ফাইনেলত জাৰ্মানীৰ হাতত পৰাস্ত হোৱাৰ পাচত টিম ইণ্ডিয়াই এক দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰি আজি ব্ৰঞ্জৰ পদক দখল কৰে ৷ ভাৰতীয় খেলুৱৈসকলে আজি শক্তিশালী প্ৰদৰ্শন আগবঢ়াই অলিম্পিকত চতুৰ্থবাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ লগে লগে ভাৰতীয় হকী দলটোৱে পি আৰ শ্ৰীজেশকো এক ৰাজকীয় তথা স্মৰণীয় বিদায় জনায় ৷

প্ৰথম কোৱাৰ্টাৰত ভাৰতে আধিপত্য বিস্তাৰ কৰে :

এই মেচখনত ভাৰতে এক আগ্ৰাসী আৰম্ভণি কৰে ৷ প্ৰথম কোৱাৰ্টাৰত বেছিভাগ সময় বল ভাৰতীয় খেলুৱৈৰ দখলত আছিল ৷ কিন্তু এই কোৱাৰ্টাৰত কিছুমান সুক্ষ্ম সুযোগ আছিল যিবোৰক মূলধন কৰিব নোৱাৰিলে দলটোৱে ৷ ইয়াৰ মাজতে ভাৰতীয় খেলুৱৈ সঞ্জয়ৰ মূৰত বলে আঘাত কৰে, যাৰ বাবে তেওঁ বাহিৰত বহিবলগীয়া হয় ৷ এই কোৱাৰ্টাৰত ভাৰতে আক্ৰমণাত্মক খেল দেখুৱাইছিল ৷ প্ৰথম কোৱাৰ্টাৰ 0-0 গ’লত অন্ত পৰে ৷

হাফ টাইমলৈকে ভাৰত-1 স্পেইন-0

দ্বিতীয় কোৱাৰ্টাৰত খেলিবলৈ অহা ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰি 3 মিনিট ধৰি বলটো নিজৰ দখলত ৰাখিছিল ৷ ইয়াৰ পাচতে খেলখনৰ 17 মিনিটত স্পেইনে পেনাল্টি কৰ্ণাৰ লাভ কৰে আৰু 18 মিনিটত স্পেইনৰ খেলুৱৈগৰাকীয়ে পি আৰ শ্ৰীজেশক আঘাত কৰি প্ৰথমটো গল লাভ কৰে ৷ ইয়াৰ পাচত স্পেনিছ দলটোৱে আক্ৰমণাত্মক মোডলৈ আহি পুনৰ 20 মিনিটত পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷

ভাৰতে পুনৰবাৰ আক্ৰমণাত্মক মোডলৈ আহি 25 মিনিটত এটা গল দিয়াৰ সুযোগ পাইছিল যদিও তাৰ সুবিধা ল’ব পৰা নাছিল ৷ খেলখনৰ 29 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷ দ্বিতীয়াৰ্ধ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ভাৰতে পুনৰ পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷ শেষৰ 10 ছেকেণ্ডত ভাৰতৰ হৰমনপ্ৰীত সিঙে এটা দৰ্শনীয় গল দি মেচখনত পুনৰ প্ৰত্যাৱৰ্তন কৰে ৷ দ্বিতীয়াৰ্ধৰ শেষলৈকে দুয়োটা দলৰ স্ক’ৰ 1-1 হয় ৷

লগতে পঢ়ক : তেওঁ নিজৰ ভুল স্বীকাৰ কৰা উচিত : বিনেশৰ অযোগ্যতা সন্দৰ্ভত ছাইনা নেহৱালৰ প্ৰতিক্ৰিয়া - paris olympics 2024

তৃতীয় কোৱাৰ্টাৰত ভাৰতৰ আধিপত্য অব্যাহত থাকে :

তৃতীয় কোৱাৰ্টাৰত হাফ টাইমৰ পাচত ভাৰতে আক্ৰমণাত্মক আৰম্ভণি কৰে ৷ ভাৰতীয় খেলুৱৈ হৰমনপ্ৰীতে খেলৰ 33 মিনিটত শক্তিশালী গল দি ভাৰতক অগ্ৰগতি প্ৰদান কৰে ৷ তেওঁৰ গলৰ পাচতে ভাৰতে 2-1 ত অগ্ৰগতি লাভ কৰি ভাৰতৰ ব্ৰঞ্জৰ পদকৰ আশা জীয়াই ৰাখে ৷ ইয়াৰ পিচত 34 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷ ইয়াৰ পাচত ভাৰতে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখি বিৰোধী দলটোক প্ৰত্যাৱৰ্তন কৰিবলৈ কোনো সুযোগ নিদিলে আৰু তৃতীয় কোৱাৰ্টাৰলৈকে স্পেইনৰ বিৰুদ্ধে 2-1 গলত অগ্ৰগতি বজাই ৰাখিলে ৷

চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ ৰোমাঞ্চকৰ জয় :

চতুৰ্থ কোৱাৰ্টাৰত যেতিয়া ভাৰতে খেলিবলৈ আহে, তেতিয়া কেৱল ব্ৰঞ্জৰ পদকহে দেখা পাইছিল ৷ চতুৰ্থ কোৱাৰ্টাৰত ভাৰতে নিজৰ শক্তিশালী খেল অব্যাহত ৰাখি স্পেইনক আক্ৰমণাত্মক মোডত সোমাবলৈ নিদি নিজেই আক্ৰমণ অব্যাহত ৰাখিলে ৷ গলৰক্ষক পি আৰ শ্ৰীজেশে উজ্জ্বল খেল প্ৰদৰ্শন কৰি বহু গুৰুত্বপূৰ্ণ গল ৰক্ষা কৰি ভাৰতক অগ্ৰগতি প্ৰদান কৰে ৷ উল্লেখ্য যে, টকিঅ’ অলিম্পিক 2020 টো ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক দখল কৰিছিল ৷

লগতে পঢ়ক : পুৰুষ কুস্তিৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰামৰ ছেমি ফাইনেলত ভাৰতৰ অমন চেহৰাৱাত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.