ETV Bharat / sports

পেৰিছ অলিম্পিকত শ্বুটিঙত ইতিহাস সৃষ্টিৰ সোণালী সুযোগ ভাৰতৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 30, 2024, 7:56 PM IST

Paris Olympics 2024 Shooting : পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰসকলে উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে । ২০২৪ চনৰ পেৰিছত ইতিহাস সৃষ্টি কৰি এতিয়া ভাৰতে এক বৃহৎ অভিলেখ গঢ়িবলৈ সুযোগ লাভ কৰিছে । জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Shooting
পেৰিছ অলিম্পিকত শ্বুটিঙত ইতিহাস সৃষ্টিৰ সোণালী সুযোগ ভাৰতৰ (AP Photo)

স্প’ৰ্টছ ডেস্ক, ৩০ জুলাই: টকিঅ’ অলিম্পিকৰ হতাশাজনক প্ৰদৰ্শনৰ পাচত এইবাৰ পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে । মনু ভাকৰে ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত ভাৰতৰ একাউণ্ট মুকলি কৰে । ইয়াৰ পিচত মঙলবাৰে মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সৰবজোৎ সিঙৰ সৈতে আন এক পদক লাভ কৰি ইতিহাস ৰচনা কৰে মনু ভাকৰে ।

ভাৰতে এতিয়ালৈকে পেৰিছ অলিম্পিকত দুটা পদক লাভ কৰিছে আৰু দুয়োটা পদক কেৱল শ্বুটিঙতহে আহিছে । দুয়োটা পদকতে মনু ভাকৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । ইয়াৰ দ্বাৰা অলিম্পিক শ্বুটিং ইভেণ্টত পদকৰ সংখ্যাৰ ক্ষেত্ৰতো ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সমান বুলি বিবেচনা কৰা হৈছে । ভাৰতীয় শ্বুটাৰৰ ইভেণ্ট এতিয়াও পেৰিছ অলিম্পিকত বাকী আছে আৰু শ্বুটিঙত পদকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে এক নতুন অভিলেখ গঢ়ি তোলাৰ সুযোগ লাভ কৰিছে ।

ৰিঅ’ আৰু টকিঅ’ অলিম্পিকত শ্বুটিঙৰ ক্ষেত্ৰত ভাৰতে হতাশাজনক প্ৰদৰ্শন আগবঢ়াইছিল আৰু কোনো পদক লাভ কৰা নাছিল । ২০১২ চনৰ লণ্ডন অলিম্পিকত বিজয় কুমাৰে ৰূপ আৰু গগন নাৰঙে ব্ৰঞ্জৰ পদক লাভ কৰাৰ সময়ত ভাৰতে পদকৰ সংখ্যাৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছিল ।

২০০৮ চনৰ বেইজিং অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি অভিনৱ বিন্দ্ৰাই ইতিহাস ৰচনা কৰিছিল । শ্বুটিঙত ভাৰতে লাভ কৰা এইটো একমাত্ৰ অলিম্পিক স্বৰ্ণ পদক আছিল । বেইজিং অলিম্পিকত শ্বুটিঙত মাত্ৰ এটা পদকহে লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰত । ৰাজ্যবৰ্ধন সিং ৰাথোৰে এথেন্স অলিম্পিকত শ্বুটিঙত একমাত্ৰ ৰূপৰ পদক লাভ কৰে ।

লগতে পঢ়ক: ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024

মনু ভাকৰ যি ধৰণৰ ফৰ্মত আছে, সেইটোলৈ চালে ভাৰতে পেৰিছত শ্বুটিঙত এক নতুন অভিলেখ গঢ়ি তোলাৰ সুযোগ লাভ কৰিছে । মনু ভাকৰে এতিয়া ২৫ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত খেলিব লাগিব আৰু এই ইভেণ্টতো তেওঁ ভাল খেলে । যদি তেওঁ পদক লাভ কৰে তেন্তে ভাৰত আৰু মনুৰ বাবে সেয়া হ’ব এক অবিশ্বাস্য কৃতিত্ব ।

অলিম্পিক পদকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল টকিঅ’ অলিম্পিক । তেতিয়া ভাৰতে ১টা স্বৰ্ণসহ ৭টা পদক লাভ কৰিছিল । ভাৰতে মাত্ৰ পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু দুয়োটা শ্বুটিঙত আহিছে । বৰ্তমান পেৰিছ অলিম্পিকৰ পদক তালিকাত ২৫ নম্বৰ স্থানত আছে ভাৰত ।

লগতে পঢ়ক: পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.