ETV Bharat / sports

বিগত 24 বছৰত অলিম্পিকত ভাৰতে কিমানটা স্বৰ্ণপদক লাভ কৰিছে ? - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 12:16 PM IST

Paris Olympics 2024: যোৱা 24 বছৰত ভাৰতে অলিম্পিকত কিমানটা সোণৰ পদক জিকিছে ? বৰ্তমানলৈকে 36 খন অলিম্পিক গেমছত দেশখনে কিমানটা পদক লাভ কৰিছে ? এই সকলোবোৰ জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন...

PARIS OLYMPICS 2024
পেৰিছ অলিম্পিক সমাপ্ত (IANS Photos)

নেশ্যনেল ডেস্ক, 12 আগষ্ট: ২০২৪ চনৰ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শন আশানুৰূপ নাছিল ৷ ভাৰতে পেৰিছ অলিম্পিকত মাত্ৰ ৬ টা পদক লাভ কৰিছে, যাৰ ভিতৰত আছে এটা ৰূপ আৰু ৫ টাকৈ ব্ৰঞ্জৰ পদক ৷ কিন্তু ভাৰতীয় দলটোৱে লাভ কৰা নাছিল এটাও সোণৰ পদক ৷

এইবেলি দেশখনে আকৌ এবাৰৰ বাবে জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাৰ পৰা সোণৰ পদক আশা কৰিছিল, যদিও খেলুৱৈগৰাকীয়ে কোটি কোটি ভাৰতীয়ৰ আশা পূৰণত ব্যৰ্থ হয় ৷ বিগত 24 টা বছৰত অলিম্পিকত ভাৰতে কিমানটা সোণৰ পদক লাভ কৰিলে, তাকে লৈ প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন ৷

বৰ্তমানলৈকে অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন

1990 চনৰ পৰাই ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰি আহিছে । ভাৰতীয় খেলুৱৈসকলে এতিয়ালৈকে মুঠ 36 খন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছে । তেতিয়াৰে পৰা দেশে লাভ কৰিছে সৰ্বমুঠ 41 টা পদক ৷ এই সময়ছোৱাত ভাৰতে জয় কৰা স্বৰ্ণপদকৰ সংখ্যা হৈছে মাত্ৰ 10 টা ৷ যাৰ ভিতৰত ভাৰতীয় পুৰুষ হকী দলে 4 টা সোণৰ পদক জয় কৰাৰ সমান্তৰালকৈ মাত্ৰ দুজন খেলুৱৈয়ে ব্যক্তিগত শাখাত দেশৰ হকে সোণৰ পদক জয় কৰে ৷

যোৱা 24 বছৰত ভাৰতে কিমানটা সোণৰ পদক জিকিছে ?

ভাৰতে যোৱা 24 বছৰত মাত্ৰ দুটাহে সোণৰ পদক জিকিছে । '20 চনৰ পৰা 2024 চনলৈ ভাৰতে অলিম্পিকত মাত্ৰ দুটা সোণৰ পদক লাভ কৰে । 2008 চনৰ বেইজিং অলিম্পিকত শ্বুটাৰ অভিনৱ বিন্দ্ৰাই ভাৰতক সোণৰ পদক প্ৰদান কৰিছিল । 12 বছৰ পিছত নীৰজ চোপ্ৰাই টকিঅ' অলিম্পিক 2020 ত জেভলিন থ্ৰ’ত দেশক সোণৰ পদক প্ৰদান কৰে ।

ইয়াৰ পূৰ্বে 1980 চনৰ মস্কো অলিম্পিকত ভাৰতীয় হকী দলে সোণৰ পদক লাভ কৰিছিল । ভাৰতে যোৱা 44 বছৰত মাত্ৰ তিনিটা সোণৰ পদক জিকিছিল ।

লগতে পঢ়ক: টম ক্ৰুজৰ ৰেপলিং ষ্টাণ্টৰে আৰম্ভ হৈ আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীতৰে সামৰণি পেৰিছ অলিম্পিকৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.