ETV Bharat / sports

আজি জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ বহু প্ৰত্যাশিত ছেমি ফাইনেল : দুয়ো দেশৰ ৰেকৰ্ডে কি কয় ? - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 Hockey Semifinal : মঙলবাৰে ভাৰত আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত হ'ব অলিম্পিক হকীৰ ছেমি ফাইনেল । ৪৪ বছৰৰ পিচত অলিম্পিকৰ ফাইনেলত উপনীত হোৱাৰ লক্ষ্যৰে খেলপথাৰত নামিব ভাৰত । মেচখনৰ পূৰ্বে দুয়োটা দলৰ পূৰ্বৰ ৰেকৰ্ড, ভাৰতীয় সময়মতে মেচখন কোন সময়ত আৰু ক'ত চাব পাৰিব জানো আহক ।

Paris Olympics 2024 Hockey Semifinal
ভাৰতীয় হকী দল (AP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 6, 2024, 3:40 PM IST

স্পৰ্টছ ডেস্ক, ৬ আগষ্ট : চলিত পেৰিছ অলিম্পিকত মঙলবাৰৰ দিনটো এক উল্লেখনীয় দিন হ'বলৈ গৈ আছে । কিয়নো মঙলবাৰে অলিম্পিকৰ এক বহু প্ৰত্যাশিত প্ৰতিদ্বন্দ্বিতা হ'ব । ভাৰতীয় পুৰুষ হকী দলটোৱে মঙলবাৰে ছেমি ফাইনেলত চিৰ প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ মুখামুখি হ'ব । ভাৰতৰ দৃষ্টি থাকিব ৪৪ বছৰৰ পিচত অলিম্পিকৰ ফাইনেলত উপনীত হোৱাৰ ওপৰত । অৱশ্যে ইয়াৰ বাবে জাৰ্মানীৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব । দেশৰ ১৪০ কোটি জনতাই এই প্ৰাৰ্থনা কৰিব যাতে ভাৰতীয় দলটোৱে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু অন্তত ৰূপৰ পদক নিশ্চিত কৰে ।

ইয়াৰ পূৰ্বে কোৱাৰ্টাৰ ফাইনেলৰ পেনাল্টি শ্বুটআউটত ভাৰতে গ্ৰেট ব্ৰিটেইনক ৪-২ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, দেওবাৰে অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাক ৩-২ গ'লত পৰাস্ত কৰি জাৰ্মানী ছেমি ফাইনেলত উপনীত হয় । দুয়োটা দলৰ মাজত ছেমি ফাইনেলখনত এক কঠিন যুঁজ হ'ব বুলি আশা কৰা হৈছে । এই পৰ্তিবেদনত মেচখনৰ পূৰ্বে দুয়োটা দলৰ পৰস্পৰৰ বিৰুদ্ধে ৰেকৰ্ডৰ লগতে এই মেচখন ভাৰতত কেতিয়া আৰু ক'ত পোনপটীয়াকৈ চাব পাৰিব সেই বিষয়ে উল্লেখ কৰা হৈছে ।

হকীৰ ইতিহাসত ভাৰত বনাম জাৰ্মানী

এতিয়ালৈকে ভাৰত আৰু জাৰ্মানীৰ মাজত মুঠ ৩৫ খন হকী মেচ অনুষ্ঠিত হৈছে । এই ক্ষেত্ৰত জাৰ্মানীৰ ৰেকৰ্ড ভাৰততকৈ উন্নত । জাৰ্মানীয়ে ৩৫ খন মেচৰ ভিতৰত ১৬ খনত জয়লাভ কৰিছে । আনহাতে, ভাৰতে ১২ বাৰ বিজয় সাব্যস্ত কৰিছে । দুয়োটা দলৰ মাজত অনুষ্ঠিত ৭ খন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছে । অৱশ্যে বিগত 5 খন মেচত ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে 3 খন মেচত জয়লাভ কৰিছে ।

টকিঅ' অলিম্পিকৰ পিচত দুয়োখন দেশৰ মুখামুখিৰ ৰেকৰ্ড

২০২০ চনত টকিঅ'ত অনুষ্ঠিত অলিম্পিকত ভাৰতে জাৰ্মানীক প্লে'-অফত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰে । এই ৰোমাঞ্চকৰ মেচখনত ভাৰতে ৫-৪ গ'লত জয়লাভ কৰে । তেতিয়াৰে পৰা এফ আই এইচ প্ৰ' লীগত দুয়োটা দলৰ মাজত মুঠ 6 খন মেচ অনুষ্ঠিত হৈছে আৰু ভাৰতে ইয়াৰে 5 খন মেচত জয়লাভ কৰিছে । আনহাতে, জাৰ্মানীয়ে এই বছৰৰ জুন মাহত মাত্ৰ এখন মেচত জয়লাভ কৰিছে, যিখন দুয়োটা দলৰ মাজত খেলা অন্তিমখন মেচ ।

অলিম্পিকত দুয়োটা দলৰ প্ৰদৰ্শন

অলিম্পিকৰ ইতিহাসত ভাৰতীয় পুৰুষ হকী দলে মুঠ 12 টা পদক জয় কৰিছে । ইয়াৰে ভিতৰত আছে অভিলেখ সংখ্যক 8 টা সোণৰ পদক । আনহাতে, জাৰ্মানীয়ে অলিম্পিক হকীত 3 টা স্বৰ্ণ পদক জয় কৰিছে ।

কেতিয়া আৰম্ভ হ'ব মেচ

ভাৰত আৰু জাৰ্মানীৰ মাজত অনুষ্ঠিত হ'বলগীয়া পেৰিছ অলিম্পিকৰ ছেমি ফাইনেল মেচখন ভাৰতীয় সময়মতে মঙলবাৰে নিশা ১০.৩০ বজাত অনুষ্ঠিত হ'ব ।

ক'ত অনুষ্ঠিত হ'ব মেচখন

পেৰিছ অলিম্পিকত ভাৰত আৰু জাৰ্মানীৰ মাজৰ ছেমি ফাইনেল মেচখনৰ পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাব জিঅ' চিনেমাত । ইয়াৰ উপৰি এই মেচখন স্পৰ্টছ18 নেটৱৰ্ক টিভি চেনেলতো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ।

লগতে পঢ়ক :হকীৰ ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীতৰ স্পষ্ট বক্তব্য, সকীয়ালে জাৰ্মানীক - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিকত দৃশ্যমান ভাৰতীয় হকীৰ শক্তি : ৪৪ বছৰৰ পাচত সোণৰ আশা দেশবাসীৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.