ETV Bharat / sports

ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 5:29 PM IST

Paris Olympics 2024 Shooting : দেওবাৰে পেৰিছ অলিম্পিক ২০২৪ত ভাৰতে প্ৰথমটো পদক অৰ্জন কৰিছে। ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক দখল কৰে। পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Shooting
ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ মনু ভাকৰৰ (AP Photo)

স্পৰ্টছ ডেস্ক, 28 জুলাই : পেৰিছ অলিম্পিক 2024ত প্ৰথমটো পদক দখল ভাৰতৰ ৷ মহিলাৰ একক শাখাৰ 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ ৰূপত ভাৰতলৈ আহে প্ৰথমটো পদক ৷

মনু ভাকৰে ৰচিলে ইতিহাস :

ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা 20 বছৰৰ ভিতৰত প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হোৱাৰ পিচত, মনু ভাকাৰে পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি মহিলাৰ ব্যক্তিগত প্ৰতিযোগিতাত 10 মিটাৰ এয়াৰ পিষ্টলত এক দৃঢ় প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ৷ লগতে তেওঁ শ্বুটিং ইভেণ্টত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ৷ যাৰ ফলত গ্ৰীষ্মকালীন গেমছত শ্বুটিংত প’ডিয়াম ফিনিছৰ বাবে ভাৰতৰ 12 বছৰৰ অপেক্ষা সমাপ্ত হয় ৷ শেষবাৰৰ বাবে এগৰাকী ভাৰতীয় মহিলা শ্বুটাৰে 2004 চনত ফাইনেলত উপনীত হৈছিল, যেতিয়া সোমা শিৰুৰে 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছিল ৷

মনু ভাকৰৰ প্ৰদৰ্শন :

মনুৱে প্ৰথম পাঁচটা শ্বটত মুঠ 50.4 স্ক’ৰ সংগ্ৰহ কৰি ইভেন্টটোত শক্তিশালী আৰম্ভণি কৰিছিল ৷ তেওঁ কোৰিয়ান শ্বুটাৰ কিম য়েজিৰ হাতত দ্বিতীয় স্থান হেৰুৱাইছিল ৷ কোৰিয়ান খেলুৱৈগৰাকীয়ে নিজৰ স্ক’ৰ 101.5 লৈ বৃদ্ধি কৰি দ্বিতীয় শৃংখলাৰ শেষলৈ ভাৰতীয় শ্বুটাৰগৰাকীক অতিক্ৰম কৰিছিল ৷ ইয়াৰ পিচত দ্বিতীয় স্থানৰ বাবে মনু আৰু কোৰিয়ান প্ৰতিদ্বন্দীগৰাকীৰ মাজত এক উত্তেজনাপূৰ্ণ সংঘৰ্ষ হয় ৷ শেষত আৰু দুটা শ্বট বাকী থকা অৱস্থাত য়েজিয়ে মনুৰ বিৰুদ্ধে 0.1 ৰ নিকট ব্যৱধানত অগ্ৰগতি লাভ কৰে আৰু ভাৰতীয় শ্বুটাৰগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

তিনি বছৰ পূৰ্বে টকিঅ’ গেমছত পিষ্টলৰ বিজুতি ঘটাত মনু অলিম্পিক অভিযানৰ থৰ পৰা বাহিৰ হৈছিল ৷ ইয়াৰ পিচতেই এতিয়া পেৰিছত শ্বুটাৰগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাইছে ৷

লগতে পঢ়ক : ইতিহাস সৃষ্টি বলৰাজ পানৱাৰৰ : পুৰুষৰ একক স্কলছৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম ভাৰতীয় - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.