ETV Bharat / sports

"তেওঁ মোক চৰ মাৰিব পাৰে" কোনগৰাকী বিশেষ ব্যক্তিক উদ্দেশ্যি ক’লে মনু ভাকৰে - MANU BHAKER ON COACH JASPAL RANA

author img

By ETV Bharat Sports Team

Published : Aug 19, 2024, 3:57 PM IST

Manu Bhaker latest statement: পেৰিছ অলিম্পিক 2024 ত দুটাকৈ ব্ৰঞ্জৰ পদক জিকি ভাৰতক গৌৰৱান্বিত কৰা তাৰকা শ্বুটাৰ মনু ভাকৰে তেওঁৰ জীৱনৰ এগৰাকী বিশেষ ব্য়ক্তিৰ কথা কৰিছে ৰাজহুৱা ৷ এক আচৰিত মন্তব্যৰে ভাকৰে কৈছে যে "তেওঁ মোক চৰ মাৰিব পাৰে" ৷ পিছে কোন এইগৰাকী বিশেষ ব্যক্তি ?

MANU BHAKER ON COACH JASPAL RANA
মনু ভাকৰ আৰু প্ৰশিক্ষক যশপাল ৰাণা (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: সদ্যসমাপ্ত পেৰিছ অলিম্পিকত ভাৰতৰ হৈ দুটাকৈ পদক অৰ্জন কৰিছিল শ্বুটাৰ মনু ভাকৰে ৷ যদিহে অনুশীলনৰ সময়ত নিজৰ দক্ষতাৰ ওপৰত খেলুৱৈগৰাকীৰ কোনো সন্দেহ ওপজে, তেন্তে প্ৰশিক্ষকগৰাকীয়ে তেওঁক চৰ মাৰিব পাৰে বুলি শেহতীয়াকৈ ভাকৰে স্পষ্টকৈ প্ৰকাশ কৰিছে ৷ মনু ভাকৰৰ প্ৰশিক্ষক হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে যশপাল ৰাণাই ৷

টকিঅ’ অলিম্পিক 2020 ত হতাশাজনক প্ৰদৰ্শনৰ পিছত দুয়োগৰাকীৰে মাজত মতভেদ থকা পৰিলক্ষিত হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া মীমাংসা হয় ৷ ইয়াৰে তিনিবছৰৰ পিছত এই অংশীদাৰিত্বই ভাৰতক পেৰিছ অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক জয় কৰাত সহায় কৰিছিল ।

প্ৰশিক্ষক ৰাণাই মোক চৰিয়াব পাৰে

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শ্বুটাৰ মনু ভাকৰে কয়, "মই ক’ম যে তেওঁ মোৰ পিতৃৰ দৰে আৰু এজন ব্যক্তিক আপুনি বিশ্বাস কৰাটোও এক বিশ্বাসৰে বিষয় । যেতিয়াই মই অনুভৱ কৰোঁ যে, মই এইটো কৰিব পাৰো বা নকৰোঁ, তেওঁ মোক যথেষ্ট সাহস দিয়ে ৷ প্ৰয়োজনসাপেক্ষে তেওঁ মোক চৰিয়াই ক’ব পাৰে যে, আপুনি এইটো কৰিব পাৰে, আপুনি ইয়াৰ বাবে প্ৰশিক্ষণ লৈছে"।

MANU BHAKER ON COACH JASPAL RANA
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে শ্বুটাৰ মনু ভাকৰ আৰু তেওঁৰ প্ৰশিক্ষক (IANS PHOTO)

শ্বুটাৰগৰাকীৰ এই কথা শুনি হতবাক হৈ পৰে তেওঁৰ লগতে উপস্থিত থকা প্ৰশিক্ষক যশপাল ৰাণা ৷ ৰাণাই ততালিকে খেলুৱৈগৰাকীক বাধা প্ৰদান কৰি ই এক বিতৰ্কিত মন্তব্য বুলিও প্ৰকাশ কৰে ৷ পিছে প্ৰশিক্ষকৰ এই কথাত খেলুৱৈগৰাকীয়ে কয় যে,"মই ইয়াত এটা চৰ মৰা মানে আচলতে কি সেয়া বুজাব নোৱাৰো ৷ মই ক’বলৈ চেষ্টা কৰিছো যে তেওঁ(প্ৰশিক্ষক) মোৰ পৰিধি ভাঙি মোক উলিয়াই আনিবলৈ চেষ্টা কৰে ৷ তেওঁ মোক কয় যে, মই এইবাবেই প্ৰশিক্ষণ লৈ আছো" ৷

টকিঅ'ৰ পিছত পেৰিছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন

টকিঅ' অলিম্পিক 2020 সকলো অৰ্থতে মনু ভাকাৰৰ বাবে এক দুৰ্যোগস্বৰূপ আছিল । 10 মিটাৰ এয়াৰ পিষ্টলৰ অৰ্হতাৰ পূৰ্বে শ্বুটাৰগৰাকীৰ পিষ্টলটো ক্ষতিগ্ৰস্ত হৈছিল, যাৰ ফলত তেওঁ পৰৱৰ্তী কোনো শাখাতে অংশগ্ৰহণ কৰিব নোৱাৰিলে ৷

কিন্তু পেৰিছ অলিম্পিক 2024 ত তাৰকা শ্বুটাৰ মনু ভাকৰে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি দুবাৰকৈ পোডিয়াম সমাপ্ত কৰিছিল । তেওঁ পেৰিছত অনুষ্ঠিত 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ভাৰতৰ হৈ প্ৰথম পদক আৰু তাৰপিছত সৰৱজ্যোত সিঙৰ সৈতে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাৰ ইভেণ্টত আন এটা ব্ৰঞ্জ জয় কৰে । পেৰিছ অলিম্পিকত দুটা পদক জয় কৰাৰ লগতে মনু ভাকৰ একেখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক: ফোগাটলৈ 16 কোটি টকাৰ পুৰস্কাৰ ! স্বামীয়ে জনালে প্ৰকৃত সত্য - VINESH PHOGAT PRIZE LIST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.