ETV Bharat / sports

কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন দীপিকা কুমাৰীৰ, বাহিৰ হ’ল ভজন কৌৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 5:24 PM IST

Paris Olympics 2024 Archery : ভাৰতৰ অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীয়ে পেৰিছ অলিম্পিক 2024ত ১/৮ এলিমিনেচন মেচত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ বিপৰীতে ভজন কৌৰে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলখনত পৰাস্ত হয়। সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024 Archery
কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা কুমাৰীৰ (AP PHOTOS)

স্পৰ্টছ ডেস্ক, 3 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত 1/8 এলিমিনেচন ৰাউণ্ডৰ মেচত জয়লাভ কৰি ভাৰতীয় অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীয়ে কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ জাৰ্মানীৰ মিচেল ক্ৰপেনক 6-4 ব্যৱধানত পৰাস্ত কৰি দীপিকাই পদকৰ দিশে আৰু এখোজ আগুৱাই যায় ৷

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে দীপিকাই :

30 বছৰীয়া দীপিকাই প্ৰথম ছেটত 27-24 ব্যৱধানত জয়লাভ কৰে, যেতিয়া তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে প্ৰথম প্ৰচেষ্টাত মাত্ৰ 6 পইণ্টহে লাভ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয়টো ছেট ড্ৰ’ত শেষ হয় আৰু দুয়োগৰাকী ধনুৰ্বিদে 27 পইন্ট সংগ্ৰহ কৰে ৷ ইয়াৰ পাচত দীপিকাই তৃতীয় ছেটত 26-25 ব্যৱধানত জয়লাভ কৰে যদিও ক্ৰ’পেনে এক উজ্জ্বল প্ৰত্যাৱৰ্তন কৰি চতুৰ্থ ছেটত 29-27 ব্যৱধানত জয়লাভ কৰে ৷

অৱশ্যে ভাৰতৰ অভিজ্ঞ ধনুৰ্বিদগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰি পঞ্চম ছেটত জাৰ্মান প্ৰতিদ্বন্দ্বী দলৰ 27 পইণ্টৰ সমান কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে ৷ আজিয়ে অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেলত তেওঁ কোৰিয়াৰ আৰ্চাৰ নাম এছৰ বিৰুদ্ধে খেলিব ৷

ভজন কৌৰ বাহিৰ হয় :

আনহাতে ভজন কৌৰে শ্বুট আউটত ইণ্ডোনেছিয়ান প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হয় ৷ ইণ্ডোনেছিয়াৰ দয়াণ্ডা চয়ৰুনিছাৰ হাতত 5-6 পৰাস্ত হৈ ভজন কৌৰে নিয়মীয়া শ্বুটিং ড্ৰ’ 5-5 ব্যৱধানত অন্ত পেলায় ৷ এই মেচখনত ভজন কৌৰে বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু বাহিৰ হয় ৷ তেওঁৰ সুযোগ আছিল যদিও ইণ্ডোনেছিয়ান খেলুৱৈগৰাকীৰ বিৰুদ্ধে মেচখনত পৰাস্ত হয় ৷

উল্লেখ্য যে, কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা অভিজ্ঞ আৰ্চাৰ দীপিকা কুমাৰীৰ পৰা পদকৰ আশা কৰিছে দেশবাসীয়ে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ পদক তালিকা : সপ্তম দিনৰ অন্তত 48 নম্বৰ স্থানত ভাৰত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.