ETV Bharat / sports

ডাচ্চ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ১/৮ এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ আৰ্চাৰ দীপিকা কুমাৰী - paris olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 31, 2024, 9:09 PM IST

Archer Deepika kumari :ভাৰতীয় ধনুৰ্বিদ দীপিকা কুমাৰীয়ে বুধবাৰে ইষ্ট’নিয়াৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি পেৰিছ অলিম্পিক ২০২৪ৰ ১/৮ এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ কৰিছে। সম্পূৰ্ণ খবৰ পঢ়ক...

Archer Deepika kumari
এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ দীপিকা কুমাৰীৰ (AFP)

স্পৰ্টছ ডেস্ক, 31 জুলাই : বুধবাৰে পেৰিছ অলিম্পিকৰ 1/8 এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতীয় ধনুৰ্বিদ দীপিকা কুমাৰীয়ে ৷ ডাচ্চ ধনুৰ্বিদ ৰফেন কুইণ্টীক 6-2 ব্যৱধানত পৰাস্ত কৰি এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতীয় মহিলা আৰ্চাৰগৰাকীয়ে ৷ আৰম্ভণিৰে পৰা দীপিকাই মেচখনত আধিপত্য বিস্তাৰ কৰাৰ লগতে প্ৰতিদ্বন্দ্বী দলেও কিছু ভুল কৰে ৷ যাৰ ফলত মেচখন দীপিকাৰ পক্ষত থাকে ৷

প্ৰথমটো ছেটত দীপিকাই 29 পইণ্টেৰে আৰম্ভণি কৰাৰ বিপৰীতে ডাচ্চ প্ৰতিদ্বন্দ্বীগৰাকীয়ে মাত্ৰ 28 পইণ্টহে লাভ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় আৰ্চাৰগৰাকী যেতিয়া দুটা ছেট পইণ্টেৰে আগবাঢ়ি আছিল তেতিয়া মেচখনত ৰ’ফেনে পুনৰ প্ৰত্যাৱৰ্তন ঘটায় ৷ দীপিকাৰ 27 পইণ্টৰ বিপৰীতে পৰৱৰ্তী ছেটত 29 পইণ্ট সংগ্ৰহ কৰি প্ৰতিদ্বন্দ্বী দলৰ সৈতে 2-2 ব্যৱধানত সমতা স্থাপন কৰে ৷ তৃতীয় ছেটত ডাচ্চ আৰ্চাৰগৰাকীয়ে এটা অদ্ভুত শ্বট মাৰিছিল, যাৰ ফলত স্ক’ৰ ব’ৰ্ডত 0 (শূণ্য) পইণ্ট লাভ কৰিছিল আৰু তাৰ পিচত তেওঁ ছেট হেৰুৱাইছিল ৷

ভাৰতীয় ধনুৰ্বিদগৰাকীয়ে শেষৰ ছেটতো নিজৰ উজ্জ্বল প্ৰদৰ্শন অব্যাহত ৰাখি প্ৰতিপক্ষক 6-2 ব্যৱধানত পৰাস্ত কৰে ৷ ইয়াৰ পূৰ্বে ট্ৰাই বেকাৰলৈ যোৱা এখন মেচত তেওঁ ইষ্ট’নিয়াৰ প্ৰতিদ্বন্দ্বী পাৰ্নাট ৰেইনাক পৰাস্ত কৰিছিল ৷ ভাৰতীয় ধনুৰ্বিদগৰাকীয়ে অতি সোনকালে মেচখন সামৰিব বুলি আশা কৰা হৈছিল যদিও চতুৰ্থ ছেটত তেওঁ বিফল হৈ প্ৰতিদ্বন্দ্বীক সমতা স্থাপন কৰাৰ সুযোগ দিছিল ৷ অৱশেষত ট্ৰাই বেকাৰত মেচখনত জয়লাভ কৰে ভাৰতীয় আৰ্চাৰগৰাকীয়ে ৷

শীঘ্ৰেই স্ক’ৰ ৫-৫ হৈ পৰে আৰু শ্বুট অফত ৰেইনাই ৮ পইণ্ট লাভ কৰে যদিও দীপিকাই ৯ পইণ্ট লাভ কৰি ইয়াক উন্নত কৰে। বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ স্বৰ্ণ পদককে ধৰি বহু পদক লাভ কৰা ৩০ বছৰীয়া ধনুৰ্বিদগৰাকী দেশৰ এগৰাকী সফল আৰ্চাৰ । আগন্তুক ৩ আগষ্টত দিনৰ ১:৫২ বজাত জাৰ্মান প্ৰতিদ্বন্দ্বী ক্ৰপ মিচেলৰ বিৰুদ্ধে দীপিকাই পৰৱৰ্তী মেচ খেলিব।

লগতে পঢ়ক : পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.