ETV Bharat / sports

বিনেশ ফোগাটে এতিয়াও ৰূপৰ পদক লাভ কৰিব পাৰিবনে ? সিদ্ধান্ত কেতিয়া আহিব জানক - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 9, 2024, 8:49 PM IST

Paris Olympics 2024: বিনেশ ফোগাটৰ আবেদনৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই। ক্ৰীড়াৰ বাবে মধ্যস্থতাৰ আদালতে এতিয়াও বিনেশৰ আপীলৰ ওপৰত ৰায় ঘোষণা কৰা নাই ৷ কিন্তু অলিম্পিক সমাপ্ত হোৱাৰ পূৰ্বে বিনেশৰ আপীলৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সম্পূৰ্ণ বাতৰি পঢ়ক...

Paris Olympics 2024
ৰূপৰ পদক লাভ কৰিব নেকি বিনেশ ফোগাটে (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 9 আগষ্ট : বিনেশ ফোগাট আৰু আই অ’ এই অযোগ্যতাৰ সিদ্ধান্তৰ বিৰুদ্ধে চি এ চি (ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্ট)ত আবেদন জনাইছে ৷ বিনেশে ক্ৰীড়া আদালতত আৱেদন জনাইছিল যে তেওঁলোকক যৌথভাৱে সন্মান জনোৱা উচিত ৷ একেটা কথাকে লক্ষ্য কৰি মধ্যস্থা আদালতে কয় যে অলিম্পিক শেষ হোৱাৰ পূৰ্বে বিনেশ ফোগাটৰ আৱেদনৰ সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব ৷ উল্লেখ্য যে বিনেশ ফোগাটে ইতিমধ্যে ৰাজহুৱাকৈ অৱসৰৰ কথা ঘোষণা কৰিছে ৷

Paris Olympics 2024
বিনেশ ফোগাটৰ আবেদনৰ সিদ্ধান্ত কেতিয়া ? (ANI PHOTOS)

বিনেশৰ আবেদনৰ ওপৰত কেতিয়া সিদ্ধান্ত আহিব ?

চি এ এচ (CAS) এ এক বিবৃতিত কয় যে, ‘ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটে (আবেদনকাৰী) ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙে (ইউ ডব্লিউ ডব্লিউ) 2024 চনৰ 7 আগষ্টত লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তদৰ্থ বিভাগত আবেদন দাখিল কৰে ৷ পেৰিছ অলিম্পিকৰ মহিলা ফ্ৰীষ্টাইল 50 কেজি ফাইনেল (সোণৰ পদক) মেচৰ পূৰ্বে দ্বিতীয়টো ওজন পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হয় ৷'

লগতে পঢ়ক : "মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - PARIS OLYMPICS 2024

বিনেশ ফোগাটে (আবেদনকাৰী) প্ৰথমে তদৰ্থ বিভাগক অনুৰোধ কৰিছিল যে এই সিদ্ধান্ত বাতিল কৰি চূড়ান্ত মেচৰ পূৰ্বে আন এক ওজন প্ৰক্ৰিয়াৰে তেওঁক ফাইনেলত অংশগ্ৰহণৰ বাবে যোগ্য ঘোষণা কৰক ৷ তাৎক্ষণিক অন্তৱৰ্তীকালীন ব্যৱস্থাৰ বাবে অনুৰোধ জনোৱাৰ পিছতো চি এ এচ তদৰ্থই এঘণ্টাৰ ভিতৰত যোগ্যতাৰ ওপৰত কোনো সিদ্ধান্ত ল’ব পৰা নাছিল ৷ আবেদনকাৰীয়ে তেতিয়া ৰায়টো বাতিল কৰিবলৈ আৰু যুটীয়াভাৱে ধন প্ৰাপ্ত কৰাৰ বাবে প্ৰাৰ্থনা কৰিছিল ৷ বিষয়টো ড৹ এনাবেল বেনেটৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, যি শুকুৰবাৰে সকলো সংশ্লিষ্ট পক্ষৰ বিবৃতি শুনিব ৷ সিদ্ধান্তটো অলিম্পিক শেষ হোৱাৰ পূৰ্বে ঘোষণা কৰা হ'ব ৷

এতিয়া দেশে ৰূপৰ পদক লাভৰ আশা কৰিছে :

এছিয়াড আৰু কমনৱেলথৰ স্বৰ্ণ পদক বিজয়ী ফোগাটে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে ইতিহাস ৰচনা কৰে ৷ চলিত অলিম্পিকত 140 কোটি দেশবাসীয়ে মল্লযুঁজৰ পৰা সোণৰ পদক আশা কৰিছিল যদিও সেয়া হৈ নুঠিল ৷ এইবাৰ অন্ততঃ দেশখনে ৰূপৰ পদক পাব, এতিয়া এয়া দেশবাসীৰ আশা ৷

লগতে পঢ়ক : তেওঁ নিজৰ ভুল স্বীকাৰ কৰা উচিত : বিনেশৰ অযোগ্যতা সন্দৰ্ভত ছাইনা নেহৱালৰ প্ৰতিক্ৰিয়া - paris olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.