স্পৰ্টছ ডেস্ক,১১ আগষ্ট : ৩ সপ্তাহৰ এক ৰোমাঞ্চকৰ প্ৰতিযোগিতাৰ অন্তত পেৰিছৰ ষ্টেট ডি ফ্ৰান্সত এক বিশাল অনুষ্ঠানৰ জৰিয়তে অলিম্পিক সমাপ্ত হ'ব । ছেইন নদীৰ উদ্বোধনী অনুষ্ঠানৰ বিপৰীতে সামৰণি অনুষ্ঠানটো এক পৰম্পৰাগত অনুষ্ঠান হ'ব য'ত প্ৰায় ৮০,০০০ দৰ্শক একত্ৰিত হ'ব ।
Indian medallists Manu Bhaker and PR Sreejesh to lead the 🇮🇳 contingent at the closing ceremony of #Paris2024 tonight! 🤩 pic.twitter.com/3mhArRaXjy
— Olympic Khel (@OlympicKhel) August 11, 2024
মনু-শ্ৰীজেশ ভাৰতৰ পতাকা বাহক হ'ব :
সামৰণি অনুষ্ঠানৰ বাবে ভাৰতে দুগৰাকী পতাকা বাহক বাছনি কৰিছে । তেওঁলোক হৈছে তাৰকা শ্বুটাৰ মনু ভাকৰ আৰু হকী দলৰ গ'লকীপাৰ পিআৰ শ্ৰীজেশ । মনুৱে পেৰিছ অলিম্পিকৰ শ্বুটিঙত ২ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে । আনহাতে ভাৰতৰ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰাৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ হকী গ'লকীপাৰ পিআৰ শ্ৰীজেশৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল ।
It is an honour and privilege to be named as India's flagbearer for the Closing Ceremony of the Paris Olympics. Leading the outstanding Indian contingent with the tricolour in my hands with millions around the world watching is a truly humbling opportunity and one that I will… pic.twitter.com/tQ49SSDTk1
— Manu Bhaker🇮🇳 (@realmanubhaker) August 5, 2024
মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু সৰবজ্যোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলত আন এটা ব্ৰঞ্জৰ পদক লাভ কৰে । ব্ৰঞ্জৰ পদকৰ খেলখনত স্পেইনৰ বিৰুদ্ধে ভাৰতৰ ২-১ গ'লৰ ব্যৱধানত জয়ত শ্ৰীজেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধেও সুন্দৰ প্ৰদৰ্শন কৰিছিল ।
Tom Cruise's Jaw-Dropping Stunt at Paris Olympics Closing Ceremony: The Torch is Passed to Los Angeles 2028!
— Slavie 🇺🇦🇨🇦🇺🇸 (@Yarochenko) August 8, 2024
Hey everyone! Get ready for an unforgettable spectacle at the Paris Olympics Closing Ceremony on August 11th! The legendary Tom Cruise is set to perform an epic stunt… pic.twitter.com/yYqmsiNtUk
কিয় বিশেষ হ'ব সামৰণি অনুষ্ঠান ?
সামৰণি অনুষ্ঠানত, অলিম্পিকৰ অগ্নিশিখা নিৰ্বাপিত কৰা হ'ব আৰু অলিম্পিকৰ পতাকা লছ এঞ্জেলছ ২০২৮ আয়োজক সমিতিক হস্তান্তৰ কৰা হ'ব যাতে ইয়াক পৰৱৰ্তী গেমছত ব্যৱহাৰ কৰিব পাৰে ।
ফৰাচী থিয়েটাৰ পৰিচালক থমাছ জলীয়ে সামৰণি অনুষ্ঠানত ফৰাচী আৰু আমেৰিকান সংস্কৃতি প্ৰদৰ্শন কৰিব । এৰিয়েল ডিচপ্লে আৰু কিছুমান আকৰ্ষণীয় অনুষ্ঠানৰ লগতে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত বিশ্বৰ বহু তাৰকা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।
Phoenix and Air are set to perform at the closing ceremony of the 2024 Paris Olympics on Sunday → https://t.co/VWMLoaaNgv pic.twitter.com/ScLzLQTYw0
— CONSEQUENCE (@consequence) August 6, 2024
- পেৰিছ ২০২৪ অলিম্পিকৰ সামৰণি অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ'ব ?
ভাৰতীয় সময় অনুসৰি পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ১২ আগষ্টত আৰম্ভ হ'ব ।
- পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ক'ত অনুষ্ঠিত হ'ব ?
সামৰণি অনুষ্ঠান ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত হ'ব ।
- পেৰিছ ২০২৪ অলিম্পিক সামৰণি অনুষ্ঠান কিমান সময়ত আৰম্ভ হ'ব ?
সামৰণি অনুষ্ঠানটো ১২ আগষ্টত ভাৰতীয় সময় মতে পুৱা ১২:৩০ বজাত আৰম্ভ হ'ব ।
- পেৰিছ ২০২৪ অলিম্পিক সামৰণি অনুষ্ঠান ক'ত সম্প্ৰচাৰ কৰা হ'ব ?
সামৰণি অনুষ্ঠানটো স্পৰ্টছ ১৮ ১ এছডি আৰু স্পৰ্টছ ১৮ ১ এইচডি টিভি চেনেলত সম্প্ৰচাৰ কৰা হ'ব ।
- পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ক'ত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব ?
সামৰণি অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং চাবলৈ আগ্ৰহী দৰ্শকসকলে জিঅ' চিনেমা এপ আৰু ৱেবছাইটত চাব পাৰিব ।