ETV Bharat / sports

বেডমিণ্টনত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন মেচত পৰাস্ত অশ্বিনী পোনপ্পা-তানিছা ক্ৰাষ্টো - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 6:43 PM IST

Updated : Jul 29, 2024, 7:46 PM IST

Paris Olympics 2024 Badminton: গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত ভাৰতীয় যুটি অশ্বিনী পোনপ্পা আৰু তানিছা ক্ৰাষ্টো জাপানৰ যুটি চিহাৰু শ্বিদা আৰু নমি মাটছুয়ামাৰ হাতত ১১-২১, ১২-২১ ছেটত প্ৰত্যক্ষভাৱে পৰাস্ত হয় । পেৰিছ অলিম্পিকত এইটো তেওঁলোকৰ একেৰাহে দ্বিতীয়টো পৰাজয় । প্ৰশ্ন হৈছে, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিবনে ভাৰতৰ এই যুটিটোৱে ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Badminton
অশ্বিনী পোনপ্পা আৰু তানিছা ক্ৰাষ্টো (AP Photo)

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : পেৰিছ অলিম্পিকৰ তৃতীয় দিনটোত ভাৰতে বেডমিণ্টনত হতাশাৰ সন্মুখীন হৈছে । সোমবাৰে লা চেপেল এৰিনাত অনুষ্ঠিত বেডমিণ্টন মহিলা ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত ভাৰতৰ তাৰকা শ্বাটলাৰ যুটি তানিছা ক্ৰাষ্টো আৰু অশ্বিনী পনপ্পাই জাপানৰ হাতত পৰাস্ত হয় ।

গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত পৰাস্ত ক্ৰাষ্টো-পনপ্পা:

ভাৰতীয় খেলুৱৈসকলে খেলখনত বেয়া প্ৰদৰ্শন কৰাৰ লগতে কেইবাটাও ডাঙৰ ভুল কৰে । যাৰবাবে জাপানীজ যুটি নামি মাটছুয়ামা আৰু চিহাৰুৱে তানিছা ক্ৰাষ্টো আৰু অশ্বিনি পনপ্পাক ২১-১১, ২১-১২ প্ৰত্যক্ষ ছেটত পৰাস্ত কৰে ।

লগতে পঢ়ক: লক্ষ্যৰ আশাত চেঁচাপানী : জয়ী হৈও নাপালে স্বীকৃতি - Paris Olympics 2024

প্ৰথমখন মেচতো পৰাস্ত হৈছিল ক্ৰাষ্টো-পনপ্পা:

৪৮ মিনিটৰ খেলখনত ক্ৰাষ্টো-পনপ্পাক দ্বিতীয়বাৰৰ বাবে পৰাস্ত কৰে জাপানী যুটিটোৱে ৷ ইয়াৰ পূৰ্বে শনিবাৰে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত ভাৰতীয় যুটিটোৱে কোৰিয়া ৰিপাব্লিকৰ কিম ছ’ ইয়ং আৰু কং হি ইয়ঙৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই মেচতো ক্ৰাষ্টো-পনপ্পা ১৮-২১, ১০-২১ ছেটত পৰাস্ত হয় ।

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কঠিন হ’ব:

ভাৰতীয় দলটোৰ এই পৰাজয়ৰ পাচত তেওঁলোকৰ ভবিষ্যত ৰিপাব্লিক অৱ কোৰিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ ওপৰত নিৰ্ভৰ কৰিব ৷ ৰিপাব্লিক অৱ কোৰিয়া দলটোৱে আজি মেচখনত অষ্ট্ৰেলিয়াৰ চেটিয়ানা মাপাছা আৰু এঞ্জেলা ইউক পৰাস্ত কৰিলে ক্ৰাষ্টো-পনাপ্পাই মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ সকলো পথ বন্ধ হৈ পৰিব ৷

লগতে পঢ়ক: ফ্ৰান্সৰ পেডলাৰৰ হাতত হৰমিতৰ শোচনীয় পৰাজয় : সামৰিলে অলিম্পিকৰ অভিযান - Paris Olympics 2024

মঙলবাৰে অনুষ্ঠিত হ’ব পৰৱৰ্তী মেচ

গ্ৰুপ পৰ্যায়ৰ দুয়োখন মেচত পৰাস্ত হোৱাৰ পিচত ভাৰতীয় যুটিটো গ্ৰুপ চিৰ তৃতীয় স্থানত আছে ৷ ইফালে শীৰ্ষ দুটা যুটিয়েহে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব পাৰিব । মঙলবাৰে অষ্ট্ৰেলিয়াৰ চেটিয়ানা মাপাছা আৰু এঞ্জেলা ইউৰ মুখামুখি হ’ব তানিছা আৰু অশ্বিনী ।

Last Updated : Jul 29, 2024, 7:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.