ETV Bharat / sports

ভাৰতৰ ডাবল অলিম্পিক পদক বিজয়ী : কোন কোন আছে এই তালিকাত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 9:27 PM IST

Paris Olympics 2024 : পেৰিছ অলিম্পিক ২০২৪ত এতিয়ালৈকে মিশ্ৰিত ফলাফল লাভ কৰিছে ভাৰতে ৷ যদিও এই অলিম্পিকত ভাৰতৰ দুগৰাকী খেলুৱৈয়ে বিশেষ ক্লাবত প্ৰৱেশ কৰিছে। আজি আমি আপোনালোকক কেৱল তেওঁলোকৰ বিষয়েহে ক'ম। সম্পূৰ্ণ খবৰ পঢ়ক....

DOUBLE OLYMPIC MEDALLIST FOR INDIA
ভাৰতৰ ডাবল অলিম্পিক পদক বিজয়ী (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : ভাৰতৰ বাবে পেৰিছ অলিম্পিক 2024 ৰ যাত্ৰা প্ৰায় সমাপ্ত হৈছে ৷ এইবাৰ ভাৰতীয় খেলুৱৈয়ে এতিয়ালৈকে দেশৰ হৈ মাত্ৰ 6 টা পদকহে লাভ কৰিবলৈ সক্ষম হয়, য’ত এটা ৰূপ আৰু 5 টা ব্ৰঞ্জৰ পদক অন্তৰ্ভুক্ত হৈছে ৷ কিন্তু আজি আমি আপোনালোকক ক'ম সেই ভাৰতীয় খেলুৱৈসকলৰ বিষয়ে যিসকলে অলিম্পিক গেমছত ভাৰতৰ হৈ দুটাকৈ পদক লাভ কৰিছে ৷ এই তালিকাত ভাৰতৰ কোন কোন খেলুৱৈ সন্নিবিষ্ট হৈছে জানক ৷

নৰ্মান প্ৰিচাৰ্ড :

ভাৰতৰ হৈ প্ৰথম ডাবল মেডেলিষ্ট দৌৰবিদ আছিল নৰ্মান প্ৰিচাৰ্ড ৷ 1900 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ 200 মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিছিল তেওঁ ৷ ইয়াৰ লগতে 1900 চনৰ পেৰিছ অলিম্পিকত পুৰুষৰ 200 মিটাৰ হাৰ্ডলছত দেশৰ হৈ ৰূপৰ পদক লাভ কৰিছিল এথলীটগৰাকীয়ে ৷

DOUBLE OLYMPIC MEDALLIST FOR INDIA
সুশীল কুমাৰ (IANS PHOTOS)

সুশীল কুমাৰ : ভাৰতীয় পুৰুষ মল্লযুঁজাৰু সুশীল কুমাৰে দেশৰ হৈ দুটা অলিম্পিক পদক লাভ কৰিছে ৷ তেওঁ ভাৰতৰ হৈ দুটা অলিম্পিক পদক লাভ কৰা প্ৰথমজন খেলুৱৈ ৷ 2008 চনৰ বেইজিং অলিম্পিকত পুৰুষৰ 66 কেঃজি মল্লযুঁজত দেশৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল সুশীলে ৷ ইয়াৰ পিচত 2012 চনৰ লণ্ডন অলিম্পিকত পুৰুষৰ 66 কেঃজি মল্লযুঁজত দেশৰ হৈ ৰূপৰ পদক লাভ কৰে তেওঁ ৷

DOUBLE OLYMPIC MEDALLIST FOR INDIA
পি ভি সিদ্ধু (IANS PHOTOS)

পিভি সিন্ধু : দেশৰ হৈ দুটাকৈ অলিম্পিক পদক লাভ কৰা খেলুৱৈসকলৰ মাজত ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুও আছে ৷ ৰিঅ’ অলিম্পিক 2016 ৰ মহিলা একক বেডমিণ্টন ইভেণ্টত ৰূপৰ পদক লাভ কৰে সিন্ধুৱে ৷ ইয়াৰ পিচতে টকিঅ’ অলিম্পিক 2020 ত মহিলা একক বেডমিণ্টন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল তাৰকা শ্বাটলাৰগৰাকীয়ে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত মনু ভাকৰ-শ্ৰীজেশ হ'ব ভাৰতৰ ধ্বজাবাহক - Paris Olympics 2024

নীৰজ চোপ্ৰা : দেশৰ হৈ দুটাকৈ অলিম্পিক পদক লাভ কৰা খেলুৱৈসকলৰ ভিতৰত ভাৰতৰ তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাও অন্যতম ৷ এই সময়ছোৱাত নীৰজে দেশৰ হৈ স্বৰ্ণ পদকো লাভ কৰিবলৈ সক্ষম হৈছে ৷ টকিঅ’ অলিম্পিক 2020ত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত তেওঁ স্বৰ্ণ পদক লাভ কৰে ৷ ইয়াৰ পিচত 2024 চনৰ পেৰিছ অলিম্পিকত জেভেলিন থ্ৰ’ ইভেণ্টত ৰূপৰ পদক লাভ কৰে তেওঁ ৷

DOUBLE OLYMPIC MEDALLIST FOR INDIA
মনু ভাকৰ (IANS PHOTOS)

মনু ভাকৰ : ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰেও দেশৰ হৈ দুটা অলিম্পিক পদক লাভ কৰা খেলুৱৈসকলৰ সৈতে অন্তৰ্ভূক্ত হৈছে ৷ পেৰিছ অলিম্পিক 2024তেই তেওঁ দুয়োটা অলিম্পিক পদক লাভ কৰিছে ৷ প্ৰথমে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তৃতীয় স্থান দখল কৰি প্ৰথম ব্ৰঞ্জৰ পদক লাভ কৰি তাৰ পিচত মিক্সড 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সৰবজোৎ সিঙৰ সৈতে দ্বিতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰে মনুৱে ৷

একেখন অলিম্পিকতে দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ মনু ভাকৰ ৷ ইয়াৰ লগে লগে শ্বুটিঙত পদক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈও হিচাপে পৰিগণিত হৈছে তেওঁ ৷

লগতে পঢ়ক : ব্ৰঞ্জ জয়ী ভাৰতীয় হকী দলক সাক্ষাৎ কৰি অভিনন্দন জনালে ক্ৰীড়া মন্ত্ৰীয়ে - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.