ETV Bharat / sports

পেৰিছ অলিম্পিকৰ ২৮ জনীয়া ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব নীৰজ চোপ্ৰাক - Paris Olympic 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:57 PM IST

Indian Olympic team: ১ আগষ্টৰ পৰা পেৰিছ অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টবোৰ অনুষ্ঠিত হ'ব । এই ইভেণ্টবোৰত ২৮ জনীয়া দলে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । এই দলটোক অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই নেতৃত্ব দিব ।

Indian Olympic team
অলিম্পিকত নীৰজ চোপ্ৰাই দিব ২৮ জনীয়া ভাৰতীয় দলক নেতৃত্ব (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, ৫ জুলাই : ভাৰতৰ গোল্ডেন বয় আৰু ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিক ২০২৪ ত দেশক প্ৰতিনিধিত্ব কৰিব । নীৰজে ২৮ জনীয়া ভাৰতীয় এথলেটিকছ দলৰ নেতৃত্ব দিব । ভাৰতীয় অনুৰাগীসকলে তাৰকা জেভেলিন থ্ৰ'ৱাৰগৰাকীৰ পৰা অলিম্পিকত শক্তিশালী প্ৰদৰ্শন আশা কৰিছে আৰু আশা কৰিছে তেওঁ যাতে পুনৰ এবাৰ সোণৰ পদক লাভ কৰে । দেশৰ বাবে সদায় বৃহৎ মঞ্চত প্ৰদৰ্শন কৰাৰ তেওঁৰ অভিজ্ঞতাৰ পৰা বাকী ২৭ গৰাকী খেলুৱৈয়ে অনুপ্ৰেৰণা লাভ কৰিব বুলি আশা কৰা হৈছে ।

২৮ জনীয়া দলটোৰ নেতৃত্ব দিব নীৰজ চোপ্ৰাই । য'ত মুঠ ১৭ জন পুৰুষ আৰু ১১ গৰাকী মহিলা খেলুৱৈ অন্তৰ্ভুক্ত থাকিব । ভাৰতীয় পুৰুষ খেলুৱৈসকলৰ ভিতৰত আছে এছিয়ান গেমছৰ নক্ষত্ৰ অবিনাশ সাবলে, তাজিন্দৰপাল সিং তুৰ আৰু স্প্ৰিণ্টাৰ জ্যোতি য়াৰাজী । এই সকলো খেলুৱৈয়ে পেৰিছ অলিম্পিকত পুনৰ এবাৰ ভাল প্ৰদৰ্শন কৰিব আৰু ভাৰতৰ হৈ অধিক পদক লাভ কৰিব বুলি আশা কৰা হৈছে । পেৰিছ অলিম্পিকত ১ আগষ্টৰ পৰা ১১ আগষ্টলৈ ট্ৰেক এণ্ড ফিল্ড ইভেণ্ট অনুষ্ঠিত হ'ব ।

পেৰিছ অলিম্পিকৰ বাবে ২৮ জনীয়া ভাৰতীয় এথলেটিকছ দল

পুৰুষ : অবিনাশ সাবলে (৩,০০০ মিটাৰ ষ্টিপলচেজ), নীৰজ চোপ্ৰা, কিশোৰ কুমাৰ জেনা (জেভেলিন থ্ৰ'), তাজিন্দৰপাল সিং তুৰ (শ্বট পুট), প্ৰবীণ চিট্ৰেভেল, আব্দুল্লাহ আবুবক্কৰ (ট্ৰিপল জাম্প), অক্ষদীপ সিং, বিকাশ সিং, পৰমজিৎ সিং বিষ্ট (২০ কিঃমিঃ ৰেচ ৱাক), মহম্মদ আনাছ, মহম্মদ আজমল, আমোজ জেকব, সন্তোষ তামিলাৰাচন, ৰাজেশ ৰমেশ (৪x800 মিটাৰ ৰিলে), মিজো চাকো কুৰিয়েন (৪x800 মিটাৰ ৰিলে), সুৰজ পানৱাৰ (ৰেচ ৱাক মিক্সড মাৰাথন), সৰ্বেশ অনিল কুশৰে (হাই জাম্প)।

মহিলা : কিৰণ পহল (৪০০ মিটাৰ), পাৰুল চৌধুৰী (৩,০০০ মিটাৰ ষ্টিপলচেজ আৰু ৫,০০০ মিটাৰ), জ্যোতি য়াৰাজী (১০০ মিটাৰ হাৰ্ডলছ), অন্নু ৰাণী (জেভেলিন থ্ৰ'), আভা খাতুৱা (শ্বট পুট), জ্যোতিকা শ্ৰী দাণ্ডি, সুভা ভেঙ্কটেচন, বিথ্যা ৰামৰাজ, পুভাম্মা এমআৰ (৪x800 মিটাৰ ৰিলে), প্ৰাচী (৪x800 মিটাৰ), প্ৰিয়ংকা গোস্বামী (২০ কিঃমিঃ ৰেচ ৱাক)।

লগতে পঢ়ক :এছিয়ান লেক্ৰোজ চেম্পিয়নশ্বিপ; ৰূপৰ পদক লাভ ভাৰতীয় মহিলা দলৰ - Asian Lacrosse Championship

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.