ETV Bharat / sports

অলিম্পিকত পুনৰ দেশক কৰিব প্ৰতিনিধিত্ব : এতিয়ালৈকে লাভলীনাৰ যাত্ৰা - Lovlina Borgohain Life Journey

Lovlina Borgohain Life Journey: ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিক ২০২৪ত পদকৰ অন্যতম দাবীদাৰ । শৈশৱত দাৰিদ্ৰতাৰ সৈতে যুঁজ দিয়াৰ পৰা টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকলৈকে লাভলীনাৰ যাত্ৰা কেনেকুৱা ?

Lovlina Borgohain Life Journey
অলিম্পিকত পুনৰ দেশক কৰিব প্ৰতিনিধিত্ব;এতিয়ালৈ লাভলীনাৰ যাত্ৰা (ANI PHOTOS)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 7:19 PM IST

স্পৰ্টছ ডেস্ক,৯ জুলাই : পেৰিছ অলিম্পিকলৈ আৰু মাত্ৰ ১৬ দিন বাকী আছে । অলিম্পিকৰ খেলসমূহ ২৬ জুলাইৰ পৰা আৰম্ভ হ'ব । ভাৰতে আশা কৰা মতে এইবাৰ পেৰিছত খেলুৱৈসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিব । টকিঅ' অলিম্পিকৰ পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব । তেওঁ পুনৰ এবাৰ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিব বুলি সকলো আশা কৰি আছে ।

Lovlina Borgohain Life Journey
এতিয়ালৈ লাভলীনাৰ যাত্ৰা (ANI PHOTOS)

জন্ম

ভাৰতৰ তাৰকা বক্সাৰ লাভলীনা অসমৰ জীয়াৰী । ১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাট জিলাৰ বাৰমুখীয়াৰ এটা পৰিয়ালত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ-মাতৃয়ে লাভলীনা আৰু দুই ভগ্নীক তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সমৰ্থন কৰিছিল । তিনিওগৰাকী ভগ্নীয়ে মুৱাই থাইৰ সৈতে তেওঁলোকৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিচত প্ৰশিক্ষকৰ নিৰ্দেশত লাভলীনাই বক্সিং আৰম্ভ কৰে ।

লাভলীনাৰ যাত্ৰা

লাভলীনাই ২০১২ চনৰ পৰা বক্সিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৬ বছৰ বয়সত জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছিল । তাৰ পিচত তেওঁ ইণ্ডিয়া অপেনত সোণৰ পদক লাভ কৰিছিল । ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ পদক লাভৰ পৰা বঞ্চিত হয় । কিন্তু একেটা বছৰতে তেওঁ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে । তাৰ পিচত পৰৱৰ্তী বছৰতো লাভলীনাই বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক লাভ কৰে । ২০২০ত এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক লাভ কৰি টকিঅ' অলিম্পিক ২০২০ ৰ বাবে যোগ্যতা অৰ্জন কৰে ।

Lovlina Borgohain Life Journey
এতিয়ালৈ লাভলীনাৰ যাত্ৰা (ANI PHOTOS)

অলিম্পিকত প্ৰদৰ্শন

লাভলীনাই টকিঅ'ত প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু সুন্দৰ প্ৰদৰ্শন কৰি ব্ৰঞ্জৰ পদক লাভ কৰে । কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চেন নিন-চিনক ৪-১ গ'লত পৰাস্ত কৰি অলিম্পিকত প্ৰথমটো পদক নিশ্চিত কৰে । অৱশ্যে, ছেমিফাইনেলত তেওঁ বিশ্বৰ এক নম্বৰ বুচেনাজ সুৰমেনেলীৰ হাতত পৰাজিত হয় । এই পদকৰ সৈতে লাভলীনা তাৰকা বক্সাৰ এম চি মেৰী কম আৰু বিজেন্দ্ৰ সিঙৰ সৈতে অলিম্পিক পদক জয় কৰা তৃতীয় ভাৰতীয় বক্সাৰ হয় । টকিঅ' অলিম্পিকত ভাৰতে মুঠ ৭ টা পদক লাভ কৰে । যাৰ ভিতৰত আছিল ১ টা সোণৰ পদক ।

বঁটা

টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোঁহাইক বক্সিঙত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ২০২০ চনত অৰ্জুন বঁটা প্ৰদান কৰা হয় । তাৰ পিচত ২০২১ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হয় । ২০২১ চনতে অসম চৰকাৰে লাভলীনাক অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ বঁটা প্ৰদান কৰে ।

পেৰিছ অলিম্পিকত পদকৰ আশা

পেৰিছ অলিম্পিক ২০২৪ত ভাৰতে টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ পৰা সোণৰ পদক আশা কৰিছে । অলিম্পিকৰ ইতিহাসত ভাৰতে এতিয়ালৈকে বক্সিঙত মুঠ ৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে । ভাৰতে লাভলীনাৰ পৰা বক্সিঙত প্ৰথমটো সোণৰ পদকৰ আশা কৰিছে ।

লগতে পঢ়ক :পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.