স্পৰ্টছ ডেস্ক, 17 জুলাই: 26 জুলাইৰ পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক 2024 ৷ আগন্তুক পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব 117 জন খেলুৱৈয়ে ৷ লগতে, ক্ৰীড়া মন্ত্ৰণালয়ে 140 জনীয়া সহায়ক-কৰ্মচাৰীৰ এটা দল পেৰিছ অলিম্পিক 2024 ৰ বাবে নিৰ্বাচিত কৰিছে ৷ 140 জনৰ ভিতৰত 72 জনক চৰকাৰী খৰচত অনুমোদন প্ৰদান কৰা হৈছে ভাৰতীয় ক্ৰীড়াবিদসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে ।
এই চূড়ান্ত তালিকাৰ পৰা বাদ পৰা একমাত্ৰ যোগ্য খেলুৱৈগৰাকী হৈছে শ্ব’টপুটাৰ আভা খাটুৱা । বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে যোগ্যতা অৰ্জন কৰা খাটুৱাক কিছুদিন পূৰ্বে বিশ্ব এথলেটিকছৰ অলিম্পিক অংশগ্ৰহণকাৰীৰ তালিকাৰ পৰা নাম কাটি দিয়া হৈছে ৷ মন্ত্ৰণালয়ে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যাখ্যা আগবঢ়োৱা নাই ।
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষালৈ মন্ত্ৰণালয়ৰ পৰা প্ৰেৰণ কৰা এক পত্ৰত কোৱা হৈছে যে 2024 চনৰ অলিম্পিক গেমছৰ বাবে পেৰিছ আয়োজক সমিতিৰ নীতি অনুসৰি স্বীকৃতিৰ বিৰুদ্ধে গেমছ ভিলেজত সহায়ক কৰ্মী থকাৰ অনুমোদিত সীমা হৈছে 67 জন, য’ত পাঁচজন মেডিকেল টিমৰ সদস্য অন্তৰ্ভুক্ত কৰা হৈছে ।
ইয়াত লগতে উল্লেখ কৰা হৈছে যে খেলুৱৈসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰী খৰচত অনুমোদন দিয়া হৈছে 72 জনীয়া অতিৰিক্ত প্ৰশিক্ষক আৰু অন্যান্য সহায়ক কৰ্মচাৰীৰ দলটোক আৰু গেমছ ভিলেজৰ বাহিৰৰ হোটেল/স্থানত তেওঁলোকৰ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
শ্বুটিং (21) আৰু হকী (19) গৰাকীৰ পাচতে এথলেটিকছৰ বাবে 29 জনীয়া এটা বৃহৎ দল নিৰ্বাচিত কৰা হৈছে য’ত 11 গৰাকী মহিলা আৰু 18 জন পুৰুষ আছে ।
টেবুল টেনিছত 8 জন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বেডমিণ্টন (7)ত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুকে ধৰি 7 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব । মল্লযুঁজ (6), ধনুৰ্বিদ (6) আৰু বক্সিং (6) ত ছয়জনকৈ প্ৰতিনিধি থাকিব, তাৰ পিচত গল্ফ (4), টেনিছ (3), সাঁতোৰ (2), পালতোলা (2) আৰু অশ্বাৰোহী, জুডো, নাওঁ চলোৱা আৰু ভাৰোত্তোলনৰ বাবে এজনকৈ প্ৰতিনিধি থাকিব ।
টকিঅ’ অলিম্পিকত ভাৰতক 119 জনীয়া এটা দলে প্ৰতিনিধিত্ব কৰিছিল আৰু নীৰজ চোপ্ৰাৰ ঐতিহাসিক জেভেলিন নিক্ষেপৰ ফলত স্বৰ্ণকে ধৰি সাতটা পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।
পত্ৰত লগতে উল্লেখ কৰা হৈছে, "আই অ’ এ, এছ এ আই, নেশ্যনেল এণ্টি ড’পিং এজেন্সী (নাডা) আৰু সংশ্লিষ্ট নেশ্যনেল স্প’ৰ্টছ ফেডাৰেচনে ড’প পৰীক্ষা চলোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । আই অ’ এয়ে দল/ব্যক্তিগত ক্ৰীড়াবিদজনৰ যাত্ৰাৰ পূৰ্বেও ফিটনেছ নিশ্চিত কৰিব পাৰে ।”
ইয়াৰ উপৰিও পেৰিছ আয়োজক সমিতিয়ে ভাৰতীয় দলটোৰ বাবে চালকবিহীন তিনিখন গাড়ীৰ ব্যৱস্থা কৰিব । মন্ত্ৰণালয়ৰ পত্ৰখনত উল্লেখ কৰা হৈছে যে পেৰিছত থকা ভাৰতৰ দূতাবাসক এই চালক চিনাক্তকৰণ আৰু অস্থায়ী নিয়োগৰ ক্ষেত্ৰত সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।