ETV Bharat / sports

খেলৰ 10 ঘণ্টা পূৰ্বে প্ৰায় 5 কেজি ওজন কেনেকৈ কমাইছিল অমন চেহৰাৱতে - Paris 2024 Olympics

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 1:19 PM IST

Aman Sehrawat Bronze Medal Match : বৃহস্পতিবাৰে ছেমি ফাইনেল বাউটৰ পিচত অমন চেহৰাৱতৰ ওজন আছিল 61.5 কিলোগ্ৰাম । কিন্তু তেওঁ 57 কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল । যাৰ বাবে এই শাখাত অনুমোদিত সীমাতকৈ তেওঁৰ ওজন 4.5 কিলোগ্ৰাম অধিক আছিল । কিন্তু তেওঁৰ ব্ৰঞ্জৰ পদকৰ মেচৰ পূৰ্বে নিজৰ ওজন হ্ৰাস কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল ।

Aman Sehrawat Bronze Medal Match
অমন চেহৰাৱত (IANS Photo)

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : চলিত পেৰিছ অলিম্পিকত শুকুৰবাৰে অলিম্পিকৰ ব্ৰঞ্জৰ পদকৰ মেচত পুৱেৰ্টো ৰিকোৰ ডাৰিয়ান ক্ৰুজক পৰাস্ত কৰি ভাৰতৰ অমন চেহৰাৱতে ভাৰতৰ হৈ ষষ্ঠটো পদক অৰ্জন কৰে । তেওঁ পুৰুষৰ ফ্ৰীষ্টাইল 57 কিলোগ্ৰাম ওজন শাখাত প্ৰতিদ্বন্দ্বীক 13-5 ব্যৱধানত পৰাস্ত কৰে ।

এই বিজয়ে 2008 চনৰ পৰা অলিম্পিকৰ প্ৰতিটো সংস্কৰণতে কুস্তিত কমেও এটা পদক জয়ৰ ভাৰতৰ যি ধাৰাবাহিকতা সেয়া অক্ষুণ্ণ ৰাখে । অৱশ্যে অধিক ওজনৰ বাবে বিনেশ ফোগাটৰ দৰে অমনো একে সমস্যাৰ সন্মুখীন হোৱাৰ পথত আছিল । কিন্তু কঠিন পৰিশ্ৰমে তেওঁক যোগ্যতা অৰ্জনৰ চৰ্ত পূৰণ কৰাত সহায় কৰে ।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6.30 বজাত জাপানৰ ৰেই হিগুচিৰ বিৰুদ্ধে পৰাজয়ৰ পিচত অমনৰ ওজন অনুমোদিত সীমাত 57 কিঃগ্ৰাঃতকৈ 4.5 কিলোগ্ৰাম অধিক আছিল । যাৰ ফলত ভাৰতীয় শিবিৰত আৰু জ্যেষ্ঠ প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দাহিয়াৰ মাজত এক আতংকৰ সৃষ্টি হৈছিল ।

কিন্তু 10 ঘণ্টাৰ ভিতৰত ওজন হ্ৰাস কৰিবলৈ তেওঁলোকৰ বাবে যথেষ্ট কঠিন কাম আছিল । কিয়নো ব্ৰঞ্জৰ পদকৰ খেলখনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে । সেয়ে তেওঁলোকে এক কঠিন কাম হাতত লয় । ওজন হ্ৰাস কৰা প্ৰক্ৰিয়াটো ডেৰ ঘণ্টাৰ মেট ছেছনেৰে আৰম্ভ হয় । এই ছেছনত 'ষ্টেণ্ডিং ৰেছলিং' (standing wrestling) অন্তৰ্ভুক্ত আছিল আৰু ইয়াৰ পিচত এক ঘণ্টাৰ বাবে 'হট বাথ' (hot bath) কৰায় ।

ইয়াৰ পিচত অমনে ওজন হ্ৰাস কৰাৰ বাবে জিমত গৈ ট্ৰেডমিলত এক ঘণ্টা অবিৰতভাৱে দৌৰে ঘাম উলিয়ায় । তাৰ পিচত 21 বছৰীয়া অমনক 30 মিনিটৰ বিৰতি দিয়া হয় । বিৰতিৰ পিচত আৰু ওজন হ্ৰাস কৰিবলৈ ৫ মিনিট চাউনা বাথ (sauna bath) কৰোৱা হয় । তাতেই অন্তিম ছেছন শেষ হয় যদিও তেতিয়াও কিন্তু তেওঁৰ ওজন 900 গ্ৰাম অধিক আছিল । সেয়েহে প্ৰশিক্ষকসকলে তেওঁক ওজন অধিক হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ লঘু জগিং কৰিবলৈ কয় ।

15 মিনিটৰ এই পাঁচটা ছেছনৰ অন্তিম কাৰ্যই ভাৰতীয় মল্লযোদ্ধাজনক সহায় কৰিছিল আৰু তেওঁৰ ওজন যোগ্যতাৰ চৰ্ততকৈ 100 গ্ৰাম কম অৰ্থাৎ 56.9 কিগ্ৰা হয় । প্ৰশিক্ষকসকলে তেতিয়া স্বস্তিৰ নিশ্বাস পেলায় । কিয়নো তেওঁ তেতিয়া অনুমোদিত সীমাৰ ভিতৰত আছিল । আনহাতে অমনক নেমু আৰু মৌৰ সৈতে কুহুমীয়া পানী আৰু ছেছনৰ মাজত অলপ কফি খাবলৈ দিছিল ।

"আমি প্ৰতিঘণ্টাত তেওঁৰ ওজন পৰীক্ষা কৰি আছিলো । আমি ওৰেনিশা টোপনি যোৱা নাছিলো, আনকি দিনতো যোৱা নাছিলো । ওজন কমোৱাটো এক ৰুটিন মাফিক কাম আৰু আমাৰ বাবে স্বাভাৱিক । কিন্তু সেইদিনা যি ঘটিছিল তাৰ বাবে (বিনেশৰ সৈতে) যথেষ্ট উদ্বেগৰ সৃষ্টি হৈছিল । আমি আন এটা পদক হাতৰ পৰা পিছলি যাবলৈ দিব নোৱাৰো ।" প্ৰশিক্ষক বীৰেন্দ্ৰ দাহিয়াই পি টি আইক কয় ।

উল্লেখ্য যে, শুকুৰবাৰে অমনে ইতিহাস সৃষ্টি কৰে । তেওঁ ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে অলিম্পিকত দেশৰ হৈ পদক জয় কৰা সৰ্বকনিষ্ঠ ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় । এইটো আছিল চলিত পেৰিছ অলিম্পিকত ভাৰতৰ ষষ্ঠটো পদক । মনু ভাকৰ, নীৰজ চোপ্ৰা, সৰৱজোত সিং আৰু স্বপ্নিল কুছালেয়ে দেশৰ হৈ পদক অৰ্জন কৰিছে । আনহাতে, ভাৰতীয় হকী দলেও পেৰিছ গেমছত ব্ৰঞ্জৰ পদক জয় কৰে ৷

লগতে পঢ়ক :অমনৰ পদক প্ৰয়াত পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি : অলিম্পিকত ব্ৰঞ্জ অৰ্জনৰ পিচত খুৰাকৰ মন্তব্য - Paris Olympics 2024
লগতে পঢ়ক :কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.