ETV Bharat / sports

22 বছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল পাকিস্তানৰ - PAK VS AUS ODI SERIES

Pak vs aus 3rd odi: পাৰ্থত অনুষ্ঠিত তৃতীয় এদিনীয়াত জয় লাভ পাকিস্তানৰ ৷ 8 উইকেটত পৰাজয়বৰণ অষ্ট্ৰেলিয়াৰ ৷

PAK VS AUS ODI SERIES
পাকিস্তানৰ ক্ৰিকেট দলটো (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 10, 2024, 5:31 PM IST

স্প’ৰ্টছ ডেস্ক: তিনিখন মেচৰ এদিনীয়া শৃংখলাত পাকিস্তানৰ বিৰুদ্ধে 2-1 ব্যৱধানত পৰাস্ত অষ্ট্ৰেলিয়া ৷ শৃংখলাটোত 1-0 ব্যৱধানত পিছপৰাৰ পিছত মহম্মদ ৰিজৱান নেতৃত্বাধীন পাকিস্তানে দ্বিতীয়খন এদিনীয়াত 9 আৰু তৃতীয়খন এদিনীয়াত 8 উইকেটত জয়লাভ কৰি দখল কৰে শৃংখলা ৷

পাকিস্তানে সুদীৰ্ঘ 22 বছৰৰ পিছত নিজৰ দেশত এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ গৌৰৱ অৰ্জন কৰে ৷ অন্তিমবাৰৰ বাবে পাকিস্তানে 2002 চনত এদিনীয়া শৃংখলাত পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়াক ।

কেনেকুৱা হৈছিল তৃতীয়খন এদিনীয়া ?

পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন এদিনীয়া খেল পাৰ্থত অনুষ্ঠিত হৈছিল । এই খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথমে বেটিং কৰি মাত্ৰ 140 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

পাকিস্তানী বলাৰ শ্বাহিন আফ্ৰিদী আৰু নাছিম শ্বাহে 3 টাকৈ উইকেট দখল কৰে ৷ আনহাতে, দ্বিতীয়খন এদিনীয়াত 5 টাকৈ উইকেট দখল কৰা হাৰিছ ৰৌফে এই খেলখনত মাত্ৰ দুটা উইকেট লাভ কৰে । অষ্ট্ৰেলিয়াৰ হৈ শ্বন আবনে সৰ্বাধিক 30 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, মেথিউ শ্বৰ্টে মাত্ৰ 22 ৰাণহে সংগ্ৰহ কৰে ৷

আনহাতে, পাকিস্তানৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰিজলৈ আহে চাইম আয়ুব আৰু আব্দুল্লাহ চফিক ৷ দুয়োগৰাকীয়ে প্ৰথম উইকেটত সংগ্ৰহ কৰে 84 ৰাণ ৷ অৱশ্যে 37 ৰাণ সংগ্ৰহ কৰাৰ পিছত পাকিস্তানে আব্দুল্লাহ চফিকৰ ৰূপত প্ৰথম উইকেট হেৰুৱায় ৷

পৰৱৰ্তী সময়ত চাইম আয়ুবেও 42 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । দলটোৰ হৈ বাবৰ আজমে অপৰাজিত 28 ৰাণ আৰু মহম্মদ ৰিজৱানে অপৰাজিত 30 ৰাণ সংগ্ৰহ কৰি দলটোক নিৰ্দিষ্ট লক্ষ্যত উপনীত কৰোৱাই জয়ৰ সোৱাদ দিয়ে ৷

প্ৰথমখন মেচত পৰাজিত পাকিস্তানৰ শক্তিশালী প্ৰত্যাৱৰ্তন

এই শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই 2 উইকেটত পৰাস্ত কৰে পাকিস্তানক । দ্বিতীয়খন খেলত পাকিস্তানে প্ৰত্যাৱৰ্তন কৰি কেংগাৰুবাহিনীক 9 উইকেটত পৰাস্ত কৰে ৷

আনহাতে, তৃতীয়খন খেলত পাকিস্তানে 140 ৰাণৰ লক্ষ্য আগত লৈ 8 উইকেটত জয় লাভ কৰে ৷ ইয়াৰ লগে লগে সুদীৰ্ঘ 22 বছৰীয়া অপেক্ষাৰো অন্ত পেলাই ইতিহাস সৃষ্টি কৰে ৷

লগতে পঢ়ক: বাবৰে নোৱাৰাটো কৰি দেখুৱালে ৰিজৱানে; 7 বছৰৰ পিছত পাকিস্তানৰ হাতত পৰাজিত অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.