ETV Bharat / sports

অধিনায়কত্ব হেৰুওৱাৰ দিশে বাবৰ আজম, শান মাছুদ: কাক দিয়া হ’ব নতুন দায়িত্ব - BABAR AZAM VS SHAN MASOOD

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 4:50 PM IST

Pakistan cricket team Captaincy: সলনি হোৱাৰ সম্ভাৱনা আছে পাকিস্তানৰ ক্ৰিকেট দলৰ অধিনায়ক ৷ কিন্তু অধিনায়কত্বৰ পৰা আঁতৰাই ৰখা হ’ব বাবৰ আজম অথবা শান মাছুদক ৷ তেনেহ’লে কাৰ ওপৰত প্ৰদান কৰা হ’ব দলটোৰ অধিনায়কৰ দায়িত্ব ?

BABAR AZAM VS SHAN MASOOD
বাবৰ আজম আৰু শান মাছুদ (IANS AND AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: পাকিস্তান ক্ৰিকেট দলত দীৰ্ঘদিন ধৰি চলি আছে অস্থিৰতা । এদিনীয়া বিশ্বকাপ 2023 ত পৰাজয়ৰ পিছত বাবৰ আজমক তিনিওটা ফৰ্মেটৰ অধিনায়কত্বৰ পৰা আঁতৰোৱা হৈছিল ৷ পৰৱৰ্তী সময়ত শান মাছুদক টেষ্টৰ অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে শ্বাহিন আফ্ৰিদীক বগা বলৰ অধিনায়ক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল ৷

BABAR AZAM VS SHAN MASOOD
বাবৰ আজম (IANS PHOTO)

পুনৰ পৰৱৰ্তী সময়ত শ্বাহিন আফ্ৰিদীক অধিনায়কৰ পদৰ পৰা আঁতৰাই এই দায়িত্ব অৰ্পণ কৰা হৈছিল বাবৰ আজমক ৷ আফ্ৰিদীয়ে এই সিদ্ধান্তত ক্ষুব্ধ হৈ অধিনায়কত্বৰ পৰা আঁতৰোৱাৰ বাবে প্ৰকাশ কৰিছিল তীব্ৰ অসন্তুষ্টি ৷

দোদুল্যমান অৱস্থাত বাবৰ-মাছুদৰ অধিনায়কত্ব

পুনৰ এবাৰ পাকিস্তানী অনুৰাগীসকলৰ বাবে বেয়া খবৰ ৷ পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কসকলে পুনৰ এবাৰ তেওঁলোকৰ পদ হেৰুওৱাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখন টেষ্ট মেচৰ শৃংখলাত পাকিস্তানে 2-0 ব্যৱধানত পৰাজিত হৈছিল ৷

BABAR AZAM VS SHAN MASOOD
শান মাছুদ (AP PHOTO)

টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলাত বাংলাদেশৰ দ্বাৰা চূৰ্ণ-বিচূৰ্ণ হৈছিল পাকিস্তান । এই শৃংখলাৰ সময়ত টেষ্ট অধিনায়ক শান মাছুদ আৰু এদিনীয়া আৰু টি-20 ৰ অধিনায়ক বাবৰ আজমৰ মাজত বিবাদৰ প্ৰসংগও উত্থাপিত হৈছিল ।

মহম্মদ ৰিজৱান হ'ব পাৰে নতুন অধিনায়ক

পাকিস্তানৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা বাবৰ আজম আৰু শান মাছুদ দুয়োজনকে আঁতৰোৱাৰ সম্ভাৱনা আছে ৷ তাৰ স্থানত মহম্মদ ৰিজৱানক দলটোৰ নতুন অধিনায়কৰ দায়িত্ব দিয়া হ’ব পাৰে ।

পাকিস্তান ক্ৰিকেট দলটোত শৃংখলাৰ অভাৱ নেকি ?

পাকিস্তানৰ দলটোত দীৰ্ঘদিনৰ পৰা শৃংখলাৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে । মহম্মদ ৰিজৱান, শ্বাহিন আফ্ৰিদীয়েও দলটোৰ অধিনায়ক হ'ব বিচাৰিছিল । ইয়াৰ লগতে বাবৰ আজমৰো আছিল নিজা পক্ষ । আনহাতে, শান মাছুদৰ সৈতে আছিল এটা গোট ।

তেওঁলোক সকলোৱে নিজৰ শক্তি বজাই ৰাখি তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰিছিল । বহুকেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে পাকিস্তানৰ বহুতো ব্যক্তিগত চেনেলত এই কথা সদৰী কৰিছে । এতিয়া পৰৱৰ্তী সময়ত পাকিস্তান ক্ৰিকেটৰ অৱস্থা কি হ'ব, এইটো হ’ব লক্ষণীয় ।

লগতে পঢ়ক: বিৰাট কোহলীৰ ফিটনেছ মন্ত্ৰ কি: ক্ৰিকেটাৰগৰাকীৰ দৰে হ’ব বিচাৰিলে পঢ়ক এই খবৰ - VIRAT KOHLI FITNESS MANTRA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.