স্প’ৰ্টছ ডেস্ক, 23 আগষ্ট: পাকিস্তানৰ সোঁহতীয়া উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানে বাংলাদেশৰ বিৰুদ্ধে চলি থকা প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা 171 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ৷ 239 টা বলত ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰা এই দৰ্শনীয় ইনিংছৰ সহায়ত পাকিস্তানে অৰ্জন কৰে 448/6 ৰাণৰ বিশাল স্ক’ৰ ৷ যাৰ পিছত অধিনায়ক শান মাছুদে ইনিংছ ঘোষণা কৰে ।
Bangladesh openers see off a testing period of play after Pakistan called for declaration late on Day 2 🙌#WTC25 | 📝 #PAKvBAN: https://t.co/EUbigvmymm pic.twitter.com/gUD0nZ4O7B
— ICC (@ICC) August 22, 2024
ৰিজৱানৰ অপৰাজিত শতকে পাকিস্তানক 16-3 ৰ দুৰ্বল স্ক’ৰৰ পৰা সৌদ চাকিলৰ সৈতে শক্তিশালী স্থিতিলৈ লৈ যায়, যিয়ে 141 ৰাণৰ সুন্দৰ ইনিংছ সংগ্ৰহ কৰে ।
বাবৰক লক্ষ্য কৰি ৰিজৱানে দলিয়াইছিল বেট
পাকিস্তানী ক্ৰিকেটাৰ ৰিজৱানে এক সুন্দৰ ইনিংছৰ পিছত পেভিলিয়নমুখী হয় ৷ প্ৰাক্তন টেষ্ট অধিনায়ক বাবৰ আজমৰ সৈতে এক আৱেগিক মুহূৰ্তৰো ভাগ-বতৰা কৰে ৰিজৱানে । ৰিজৱানে ড্ৰেছিং ৰুমলৈ উভতি যাওঁতে তেওঁৰ বেটখন বাবৰক উদ্দেশ্যি দলিয়াই দিয়ে, লগে লগে বেটখন ধৰি ৰাখে বাবৰে ৷ যি ধেমেলীয়া মুহূৰ্তৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।
Love em ♥️ pic.twitter.com/NU9bB7yzsF
— Zahra🇵🇰 (@itsZahra2_0) August 22, 2024
পাকিস্তানৰ খেলুৱৈসকলে ৰিজৱানৰ এই দৰ্শনীয় ইনিংছক প্ৰশংসা কৰিবলৈ একত্ৰিত হৈছিল খেলপথাৰৰ বাউণ্ডেৰীত ৷ দলটোৰ সদস্যসকলে ক্ৰিকেটাৰ দুগৰাকীৰ বিশেষ মুহূৰ্তটো উপভোগ কৰে ৷
ত্ৰাণকৰ্তাৰ ৰূপত ৰিজৱান
পাকিস্তান-বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট মেচৰ প্ৰথমদিনা দলটোৱে 16 ৰাণতে তিনিটাকৈ উইকেট হেৰুৱাই পৰিছিল গভীৰ সমস্যাত ৷ পিছে দলক এই সংকটৰ পৰা মুক্ত কৰে মহম্মদ ৰিজৱান আৰু সৌদ চাকিলে ৷
দলীয় স্ক’ৰ 354 ৰাণ হওঁতে পাকিস্তানে হেৰুৱাই চাকিলৰ উইকেট ৷ তাৰপিছত ৰিজৱানে আঘা চলমানৰ(19) সৈতে সংগ্ৰহ কৰে 44 ৰাণ ৷ চলমান আউট হোৱাৰ পিছত শ্বাহিন আফ্ৰিদী ক্ৰীজলৈ আহি 24 টা বলত এটা চাৰি আৰু 2 টা ছয়েৰে সংগ্ৰহ কৰে মুঠ 29 ৰাণ ।
দ্বি-শতকৰ পূৰ্বে মাছুদৰ ইনিংছ ঘোষণা
ইয়াৰ পিছতে মাছুদে ইনিংছ ঘোষণা কৰিবলৈ ইংগিত দিয়ে । এই সময়ত ৰিজৱান 171 ৰাণত অপৰাজিত হৈ আছিল । এই ঘোষণাই ক্ৰিকেটপ্ৰেমীক হতবাক কৰি তোলে আৰু সামাজিক মাধ্যমত বহু লোকে পাকিস্তানৰ অধিনায়ক ৰিজৱানৰ দ্বি-শতক অৰ্জন কৰা মুহূৰ্তলৈকে অপেক্ষা কৰাৰ ওপৰত জোৰ প্ৰদান কৰে ৷ অৱশ্যে, সহ অধিনায়ক চাকিলে সংবাদমেলত স্পষ্ট কৰি দিয়ে যে, ৰিজৱানক এই সিদ্ধান্তৰ বিষয়ে 1 ঘণ্টা পূৰ্বতেই সদৰী কৰা হৈছিল ৷
That is all from the first innings. Pakistan declare at 4️⃣4️⃣8️⃣-6️⃣ 🏏
— Pakistan Cricket (@TheRealPCB) August 22, 2024
Rizwan remains unbeaten at 1️⃣7️⃣1️⃣ 👏#PAKvBAN | #TestOnHai pic.twitter.com/cjVlwfMxbF