ETV Bharat / sports

কেতিয়া দললৈ ঘূৰি আহিব মহম্মদ ছামী ? স্পষ্ট কৰিলে বিচিচিআইৰ সচিব জয় শ্বাহে - JAY SHAH ON MOHAMMED SHAMI - JAY SHAH ON MOHAMMED SHAMI

Mohammed Shami Comeback: বি চি চি আইৰ সচিব জয় শ্বাহে দ্ৰুতবলাৰ মহম্মদ ছামীক টীম ইণ্ডিয়ালৈ ঘূৰাই অনাৰ বিষয়ত স্পষ্ট কৰিছে স্থিতি ৷ ভাৰতীয় ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তন ঘটাব পাৰিবনে ছামীয়ে ? জানিবলৈ পঢ়ক সম্পূৰ্ণ বাতৰি ।

JAY SHAH ON MOHAMMED SHAMI
মহম্মদ ছামী আৰু জয় শ্বাহ (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 19, 2024, 2:59 PM IST

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: দীৰ্ঘদিনে খেলপথাৰৰ পৰা আঁতৰত আছে টীম ইণ্ডিয়াৰ অন্যতম সদস্য মহম্মদ ছামী ৷ যোৱা বছৰ নৱেম্বৰত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ 2023 ৰ পৰাই ভাৰতীয় ক্ৰিকেট দলটোৰ তাৰকা দ্ৰুত বলাৰ মহম্মদ ছামী আঁতৰি আছে ক্ৰিকেটৰ পৰা ।

বলাৰজন বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত(এন চি এ) আছে আৰু বিশ্বকাপৰ সময়তে হোৱা গোৰোহাৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰিছে । যাৰ ফলত শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটাৰ সম্ভাৱনা আছে ছামীৰ ৷ বি চি চি আইৰ সচিব জয় শ্বাহে ছামীৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত প্ৰকাশ কৰিছে বৃহৎ খবৰ ৷

জয় শ্বাহে বৃহৎ ঘোষণা

বি চি চি আইৰ সচিব জয় শ্বাহে নিশ্চিত কৰিছে যে, সোঁহতীয়া পেচাৰ মহম্মদ ছামীক অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত অনুৰাগীসকলে দেখা পাব খেলপথাৰত ৷ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে দলটোৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বিষয়তো জয় শ্বাহে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়, "আমাৰ দলটো ইতিমধ্যে ভালদৰে অনুশীলন কৰি আছে । আমি কিছুসময়ৰ বাবে যশপ্ৰীত বুমৰাহক বিশ্ৰাম দিছো । মহম্মদ ছামীও সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে । ভাৰতীয় দলটো হৈছে এতিয়া এটা অভিজ্ঞ দল । ৰোহিত আৰু কোহলীৰ দৰে জ্যেষ্ঠ খেলুৱৈসকল সম্পূৰ্ণ সুস্থ" ।

তেওঁ লগতে কয়, "ছামী অষ্ট্ৰেলিয়াত থাকিব, কিয়নো তেওঁ অভিজ্ঞ আৰু আমাক অষ্ট্ৰেলিয়াত তেওঁৰ প্ৰয়োজন হ’ব" ৷

অজিত আগৰকাৰে কি কয় ?

বি চি চি আইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে পূৰ্বে কৈছিল যে, 33 বছৰীয়া খেলুৱৈগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলালৈ উভতি আহিব পাৰে ৷ কিন্তু এই মুহূৰ্তত লাভ কৰা তথ্য অনুসৰি, তেওঁ ৰঞ্জী ট্ৰফীৰ জৰিয়তে প্ৰতিযোগিতামূলক অৱস্থাত থাকিব ।

ছামীৰ প্ৰত্যাৱৰ্তনৰ সন্দৰ্ভত চি এ বি-ৰ সভাপতিয়ে কি কৈছিল ?

ক্ৰিকেট এছ'চিয়েশ্যন অৱ বেংগল(চি এ বি) ৰ সভাপতি স্নেহাশিষ গাংগুলীয়ে কৈছিল যে, "যদি ছামীয়ে অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে টীম ইণ্ডিয়াত যোগদান কৰিবলগা হয়, তেন্তে তেওঁ ৰঞ্জী ট্ৰফীৰ জৰিয়তে নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । ছামী অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাব বিচাৰে । সেয়ে তেওঁ নিজকে প্ৰমাণ কৰিবলৈ ৰঞ্জী ট্ৰফী খেলিব লাগিব" ৷

এতিয়া ছামীয়ে কেতিয়ালৈকে টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তন ঘটাব, সেয়া চাবলৈ উদগ্ৰীৱ হৈ পৰিছে অনুৰাগীসকল ৷ দললৈ ঘূৰি আহিবলৈ বলাৰগৰাকীয়েও ব্যাকুল হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা ভাৰতীয় পেচবলাৰ মহম্মদ ছামীৰ - MOHAMMED SHAMI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.