ETV Bharat / sports

পশুৰ প্ৰতি কৰা অন্যায়ৰ বিৰুদ্ধাচৰণ মল্লযোদ্ধা সাক্ষী মালিকৰ - SAKSHI MALIK

Olympic wrestler Sakshi Malik: প্ৰাক্তন অলিম্পিক মল্লযোদ্ধা আৰু টাইম আলোচনীৰ 2024 চনৰ 100 গৰাকী প্ৰভাৱশালী ব্যক্তিৰ মাজৰ এগৰাকী সাক্ষী মালিকে জীৱ-জন্তুৱে সন্মুখীন হোৱা বিভিন্ন অন্যায়ৰ বিষয়ত সজাগতা সৃষ্টিৰ অৰ্থে কাম কৰিবলৈ আগশাৰীৰ পশু সুৰক্ষা সংগঠন মাৰ্চি ফৰ এনিমেলচ ইণ্ডিয়া ফাউণ্ডেচনৰ সৈতে চুক্তিবদ্ধ হৈছে ৷ চাওক কিদৰে মল্লযোদ্ধাগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে -

SAKSHI MALIK
মল্লযোদ্ধা সাক্ষী মালিক (ETV Bharat)
author img

By ANI

Published : Jul 19, 2024, 2:24 PM IST

Updated : Jul 19, 2024, 10:49 PM IST

স্প’ৰ্টছ ডেস্ক, 19 জুলাই: জীৱ-জন্তুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে এইবাৰ মাত মাতিছে প্ৰাক্তন অলিম্পিক মল্লযোদ্ধা সাক্ষী মালিকে ৷ জীৱ-জন্তুৰ বাবে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাক্ষীয়ে অনুৰাগীসকলক এই নিষ্ঠুৰতাৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় ৷ লগতে ভাৰতৰ পশু নিষ্ঠুৰতা আইনৰ সংশোধনীৰ সপক্ষে চৰকাৰলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ৷

এগৰাকী প্ৰাক্তন অলিম্পিক মল্লযোদ্ধা আৰু টাইম আলোচনীৰ 2024 চনৰ 100 গৰাকী প্ৰভাৱশালী ব্যক্তিৰ মাজৰ এগৰাকী সাক্ষী মালিকে জীৱ-জন্তুৱে সন্মুখীন হোৱা বিভিন্ন অন্যায়ৰ বিষয়ত সজাগতা সৃষ্টিৰ অৰ্থে কাম কৰিবলৈ আগশাৰীৰ পশু সুৰক্ষা সংগঠন মাৰ্চি ফৰ এনিমেলচ ইণ্ডিয়া ফাউণ্ডেচনৰ সৈতে চুক্তিবদ্ধ হৈছে ৷ ইয়াৰ বাবে প্ৰচাৰিত বিজ্ঞাপনটোত সাক্ষীয়ে সাধাৰণ লোকসকলক "অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ" আহ্বান জনাইছে । উল্লেখ্য যে, তৎসম মালহোত্ৰা আৰু মনীষ চেহৰাৱতে এই বিজ্ঞাপনটোৰ দৃশ্যগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: অধিনায়কত্বৰ পৰা বাদ: বিচিচিআয়ে খবৰটো দিয়াৰ পিছতেই হাৰ্দিক পাণ্ডিয়াৰ ডাঙৰ ঘোষণা - HARDIK PANDYA DIVORCE

অলিম্পিকৰ পদক জয়ী ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযোদ্ধা সাক্ষীয়ে কয় যে, "মানুহ বা জন্তুৰ পক্ষতে হওক, অন্যায় কৰাটো সহ্য কৰাটো ভুল । জন্তুবোৰ হৈছে জীৱিত জীৱ, যি আমাৰ দৰেই বেদনা, ভয় আৰু আনন্দ অনুভৱ কৰে । প্ৰতিদিনে লাখ লাখ জন্তুৱে নিষ্ঠুৰতা আৰু অন্যায় সহ্য কৰে, কিন্তু নিজৰ বাবে মাত মাতিব নোৱাৰে" ৷

সাক্ষীয়ে পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ(সংশোধনী) বিধেয়ক উত্থাপন আৰু সংসদত গৃহীত কৰাৰ বাবে মাৰ্চি ফৰ এনিমেলছ ইণ্ডিয়া ফাউণ্ডেচনৰ আবেদনক সমৰ্থন জনায় ৷ লগতে মীনপালন, পশুপালন আৰু দুগ্ধজাত সামগ্ৰীৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙলৈ এখন পত্ৰ লিখি পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন সংশোধন কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক: পেৰিছ অলিম্পিক : জানক ড'পিং কি, WADAৰ দ্বাৰা নিষিদ্ধ কৰা পদাৰ্থ আৰু চাঞ্চল্যকৰ ড'পিং কেলেংকাৰী - OLYMPICS 2024

1960 চনত জন্তুৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰা স্বত্বেও আইনখনে পুৰণি জৰিমনা (সৰ্বাধিক 50 টকা) প্ৰদান কৰে আৰু পশু নিষ্ঠুৰতাৰ বেছিভাগ কাৰ্যক(যেনে-মাৰপিট বা হত্যা) গুৰুতৰ অপৰাধ হিচাপে শ্ৰেণীবদ্ধ কৰাত ব্যৰ্থ হয় । প্ৰতিৰোধ আৰু প্ৰৱৰ্তন শক্তিৰ এই অভাৱে আইনখন দুৰ্বল কৰি তোলে ।

মাৰ্চি ফৰ এনিমেলছৰ মুখ্য কাৰ্যবাহী বিষয়া নিকুঞ্জ শৰ্মাই কয়, "সাক্ষীয়ে জন্তুৰ হকে মাত মাতিবলৈ আমাৰ প্ৰচেষ্টাত যোগদান কৰাত আমি আনন্দিত ৷ সাক্ষী দেশৰ লাখ লাখ লোকৰ বাবে এক আদৰ্শ হৈ আহিছে আৰু আমি বিশ্বাস কৰোঁ যে তেওঁৰ আবেদনে পশুৰ উৎপীড়নৰ বিৰুদ্ধে যুঁজখন চলাই নিয়াত যথেষ্ট প্ৰভাৱ পেলাব" ।

লগতে পঢ়ক: পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ : শ্ৰীলংকাৰ বিৰুদ্ধে T-20 আৰু এদিনীয়া দলত স্থান লাভ - Riyan Parag

সাক্ষী মালিকে জন আব্ৰাহাম আৰু সোণাক্ষী সিনহাৰ সৈতে মাৰ্চি ফৰ এনিমেলচ ইণ্ডিয়া ফাউণ্ডেচনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে যোগদান কৰে । মাৰ্চি ফৰ এনিমেলছ হৈছে, ন্যায়সংগতভাৱে পশুৰ হকে কাম কৰি যোৱা আগশাৰীৰ এক আন্তৰ্জাতিক বে-চৰকাৰী সংস্থা । ব্ৰাজিল, কানাডা, ভাৰত, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত সক্ৰিয় এই সংগঠনটোৱে 100 ৰো অধিক কচাইখানা আৰু ফাৰ্মত অনুসন্ধান চলাইছে, 500 ৰো অধিক কৰ্প’ৰেট নীতি প্ৰভাৱিত কৰিছে আৰু খেতি কৰা জন্তুৰ বাবে পিঞ্জৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক আইন গৃহীত কৰাত সহায় কৰিছে ।

2024 চনত মাৰ্চি ফৰ এনিমেলছৰ 25 তম বৰ্ষপূৰ্তি উপলক্ষে কিছুসংখ্যক বিশেষ প্ৰচাৰ আৰু কাৰ্যসূচী হাতত লোৱা হৈছে ৷ MercyForAnimals.in এই বিষয়ে অধিক তথ্য সন্নিৱিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক: পেৰিছ অলিম্পিক: আৰ্চাৰীৰ ইতিহাস, ভাৰতৰ ট্ৰেক ৰেকৰ্ড আৰু বহুতো... - Paris Olympics 2024

Last Updated : Jul 19, 2024, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.