ETV Bharat / sports

ইংগুইনেল হাৰ্নিয়া কি ? যি ৰোগত ভুগিছে অলিম্পিকৰ পদক বিজয়ী নীৰজ চোপ্ৰা - Neeraj Chopra

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 2:11 PM IST

Neeraj Chopra: শেহতীয়াকৈ অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । অৱশ্যে এটি সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে যে, এই সময়ছোৱাত তেওঁ ইংগুইনেল হাৰ্নিয়াত ভোগাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ কিন্তু এই ইংগুইনেল হাৰ্নিয়া দৰাচলতে কি ? বিশেষজ্ঞৰ পৰা সবিশেষ জানো আহক-

Neeraj Chopra
কি হয় ইংগুইনেল হাৰ্নিয়া ? যি ৰোগত ভুগিছে অলিম্পিকৰ পদক বিজয়ী নীৰজ চোপ্ৰা (ETV Bharat)

শেহতীয়াকৈ অনুষ্ঠিত হোৱা পেৰিছ অলিম্পিকত ৰূপৰ পদক লাভ কৰি ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । অৱশ্যে তেওঁ কৈছে যে, এই সময়ছোৱাত তেওঁ ইংগুইনেল হাৰ্নিয়াত ভোগাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই ৰোগৰ বাবে তেওঁৰ প্ৰদৰ্শনতো প্ৰভাৱ পৰিছিল ।

ইংগুইনেল হাৰ্নিয়া হ’ল পেটৰ ভিতৰৰ অংশ যেনে অন্ত্ৰ বা অমেণ্টাম পেটৰ বেৰৰ দুৰ্বল ঠাইৰ মাজেৰে ওলাই অহা অৱস্থা । সাধাৰণতে কঁকালৰ আশে-পাশে থাকে । যিসকলে নাজানে তেওঁলোকক জনাই দিও যে, অমেণ্টাম হৈছে পেটৰ তলৰ অংশত অৱস্থিত মানুহৰ পাচনতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ । চৰ্বিযুক্ত কলাৰ দুটা সুকীয়া তৰপে অমেণ্টাম গঠন কৰে । এই কলাবোৰৰ মূল কাম হ’ল অন্ত্ৰ আৰু সেই বিশেষ অঞ্চলৰ তলত পৰা অংগবোৰক আবৰি ৰখা আৰু সহায় কৰে ।

পেটৰ পেশীৰ দুৰ্বলতাৰ বাবে পেটৰ ভিতৰৰ কোনো অংগ যেনে অন্ত্ৰৰ অংশ বাহিৰলৈ ওলাই গ’লে হাৰ্নিয়া হয় । হাৰ্নিয়া হোৱা ঠাইত ছালৰ তলত কোমল অংশ উখহি উঠিবলৈ ধৰে । এনেক্ষেত্ৰত কঁকালৰ অংশত হোৱা হাৰ্নিয়াক ইংগুইনেল হাৰ্নিয়া বোলা হয় ।

খেলুৱৈসকলৰ ক্ষেত্ৰত দেখা যায় এই ৰোগ

বেংগালুৰুৰ নাৰায়ণ হেল্থ চিটিৰ কনচালটেণ্ট গেষ্ট্ৰ’এণ্টেৰ’লজী, জি আই অংকো আৰু ৰবটিক চাৰ্জন ডাঃ সুশ্ৰুতা শ্বেট্টীয়ে কয় যে, এইধৰণৰ সমস্যা খেলুৱৈৰ ক্ষেত্ৰত সাধাৰণ কাৰণ ক্ৰীড়াত শাৰীৰিক ক্ৰিয়া-কলাপ বেছি হয়, যাৰ ফলত পেটত হেঁচা পৰে । এই ৰোগৰ বাবে ৰোগীয়ে কঁকালৰ চাৰিওফালে বিষ, অস্বস্তি বা উখহি উঠা যেন অনুভৱ কৰিব পাৰে । বিশেষকৈ মানসিক চাপ, কাহ বা ব্যায়ামৰ বাবে এই সমস্যা বাঢ়ি যায় ।

এই ৰোগ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে

দ্বাৰকাৰ মণিপাল চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ সন্দীপ আগৰৱালাই কয় যে, পেটৰ বেৰত দুৰ্বল দাগ টানিলে ইংগুইনেল হাৰ্নিয়া হোৱা দেখা যায় । এই সমস্যা পুৰুষৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় । বয়স বৃদ্ধিৰ লগে লগে কোষ্ঠকাঠিন্য, কাহ বা প্ৰস্ৰাৱ কৰাৰ সময়ত অত্যধিক চাপেও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

চিকিৎসা কেনেকৈ কৰা হয় ?

ইংগুইনেল হাৰ্নিয়াৰ চিকিৎসা অস্ত্ৰোপচাৰৰ জৰিয়তে কৰা হয় । আজিকালি ইয়াৰ চিকিৎসা লেপাৰস্কপি বা ৰবটিক অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয়, যাৰ ফলত আৰোগ্য লাভৰ সময় কম হয় আৰু লগতে বিষ কম হয় । অস্ত্ৰোপচাৰৰ পিছত ৰোগীজনকো পুনৰ্বাসনৰ প্ৰয়োজন হয় যাতে তেওঁ সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে । খেলুৱৈসকলৰ বাবে এইটো আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে যাতে তেওঁলোকে পুনৰ নিজৰ ক্ৰীড়ালৈ ঘূৰি আহিব পাৰে ।

খেলুৱৈৰ বাবে প্ৰত্যাহ্বান

এই ৰোগ খেলুৱৈসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ হৈ উঠিব পাৰে । কাৰণ নিজৰ খেলত মনোনিৱেশ কৰাৰ সমান্তৰালকৈ এই ৰোগৰ বিৰুদ্ধে যুঁজিবলগা হয় । খেলুৱৈসকলে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱাৰ লগতে কোনো সমস্যা হ'লে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে । নীৰজ চোপ্ৰায়ে কয় যে, তেওঁ এই সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি অশান্তিত ভুগি আহিছে আৰু ইয়াৰ ফলত তেওঁৰ খেলত প্ৰভাৱ পৰিছে । তেওঁ কয় যে, অতি শীঘ্ৰেই তেওঁ ইয়াৰ বাবে উচিত চিকিৎসা গ্ৰহণ কৰিব ।

লগতে পঢ়ক: নীৰজৰে কি কথা-বতৰা হৈছিল মনু ভাকৰৰ মাতৃৰ ? সুমেধা ভাকৰে কৰিলে প্ৰকাশ - Rumours of Manu and Neeraj Affair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.