ETV Bharat / sports

অলিম্পিয়াড 2024: ৰোহিত শৰ্মা-লিঅ’নেল মেছিৰ ষ্টাইলত বিজয় উদযাপন - OLYMPIAD 2024

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Olympiad Champion Celebration: দেওবাৰৰ ঐতিহাসিক সাফল্যৰ পিছত ভাৰতীয় দবা দলটোৱে 'ৰোহিত শৰ্মা আৰু লিঅ’নেল মেছি'ৰ শৈলীত তেওঁলোকৰ বিজয় উদযাপন কৰে । পৰৱৰ্তী সময়ত এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷

Olympiad Champion Celebration
ইতিহাস সৃষ্টি কৰা ভাৰতীয় দবাৰু দলটোৰ সদস্যসকল (ANI Photo)

স্প’ৰ্টছ ডেস্ক, 23 ছেপ্টেম্বৰ : দেওবাৰে অলিম্পিয়াড, 2024-ত ইতিহাস ৰচে ভাৰতীয় দলে ৷ এই প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলেই স্বৰ্ণপদক অৰ্জন কৰে ৷ এই সাফল্যৰ পিছত দল দুটাই ৰোহিত শৰ্মাৰ শৈলীত বিজয় উদযাপন কৰা পৰিলক্ষিত হয় ।

এই ঐতিহাসিক জয়ৰ পিছত ভাৰতীয় দবা দলটোৱে পুৰস্কাৰ প্ৰদানৰ মঞ্চত হাতত জাতীয় পতাকা লৈ বিজয় উদযাপন কৰে । ইয়াৰ কিছু সময় পিছতে দবাৰু তানিয়া সচদেৱ আৰু ডি গুকেশক মঞ্চৰ দুয়োফালৰ পৰা ২০২২ ফিফা বিশ্বকাপত লিঅ'নেল মেছিয়ে একক ভংগীৰে খোজকাঢ়ি অহাৰ দৰে আগবাঢ়ি অহা দেখা যায় ।

ইয়াৰ পূৰ্বে ২০২৪ বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ৰ পিচত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মায়ো একে ধৰণে বিজয় উদযাপন কৰা দেখা গৈছিল । ইফালে অনুৰাগীসকলে ভাৰতীয় দবাৰুসকলৰ এই একক উদযাপনত উচ্ছসিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে ।

উল্লেখ্য যে ডি গুকেশে দবা অলিম্পিয়াডত দ্বিতীয়টো ব্যক্তিগত সোণৰ পদক জয় কৰি ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰিছে । গুকেশে ভাৰতক পুৰুষ শাখাত প্ৰথম অলিম্পিয়াড জয়ৰ নেতৃত্ব দিয়ে । তেওঁ শীৰ্ষ বোৰ্ডত 10 খন মেচৰ ভিতৰত 9 খনত জয়লাভ কৰাৰ বিপৰীতে এখনত ড্ৰ কৰে ।

তেওঁৰ উপৰি ভাৰতৰ অৰ্জুন ইৰিগাইচিয়ে 11 খন মেচৰ ভিতৰত 10 খনত জয়েৰে বোৰ্ড 3-ত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে বিবেচিত হয় । আনহাতে, পুৰুষ দলৰ ঐতিহাসিক বিজয়ৰ পিচত হৰিকা দ্ৰোণাৱল্লী, বৈশালী ৰমেশবাবু, দিব্যা দেশমুখ, বন্তিকা আগৰৱালা, তানিয়া সচদেৱ আৰু অভিজিত কুন্তেৰে গঠিত মহিলা দলটোৱে দবা অলিম্পিয়াডত ভাৰতৰ হৈ স্বৰ্ণ পদক অৰ্জন কৰি ভাৰতক এক ঐতিহাসিক দ্বৈত স্বৰ্ণৰ সোৱাদ দিয়ে ।

আনহাতে, ভাৰতীয় খেলুৱৈসকলৰ এই সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি সকলো দিগ্গজ ব্যক্তিয়ে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে । নিজৰ অভিনন্দন বাৰ্তাত মোদীয়ে লিখিছে, "ভাৰতৰ বাবে ঐতিহাসিক বিজয় । কিয়নো আমাৰ দবাৰু দলটোৱে ৪৫ সংখ্যক দবা অলিম্পিয়াড জিকিছে । ভাৰতে দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শ্ৰেণীতে সোণৰ পদক জয় কৰিছে ।"

প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছে, "চমৎকাৰ প্ৰদৰ্শন কৰা আমাৰ পুৰুষ আৰু মহিলা দবা দলক অভিনন্দন । এই উল্লেখযোগ্য সাফল্যই ভাৰতৰ ক্ৰীড়াৰ গতিপথত এক নতুন অধ্যায়ৰ সংযোগ কৰিছে । আশাকৰোঁ এই সফলতাই এই প্ৰজন্মৰ দবাৰ প্ৰতি আগ্ৰহীসকলক ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব ।"

লগতে পঢ়ক :দবা অলিম্পিয়াডত ঐতিহাসিক জয় ভাৰতৰ; গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দে জনালে অভিনন্দন - Chess Olympiad
লগতে পঢ়ক :2036 চনত অলিম্পিক অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে ভাৰতে: প্ৰধানমন্ত্ৰী মোদী - PM MODI ON 2036 OLYMPICS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.