ETV Bharat / sports

জ’ ৰুটে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ - JOE ROOT SURPASSES SACHIN TENDULKAR

এটাৰ পিছত আনটো অভিলেখৰ গৰাকী হৈ পৰিছে ইংলেণ্ডৰ ক্ৰিকেটাৰ জ’ ৰুট ৷ ক্ৰিকেটাৰগৰাকীয়ে ভংগ কৰিছে শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷

Joe Root Surpasses Sachin Tendulkar
জ’ ৰুট আৰু অলি পোপ (AP PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 1, 2024, 1:47 PM IST

স্প’ৰ্টছ ডেস্ক: ইংলেণ্ডে দেওবাৰে ক্ৰিষ্টচাৰ্চৰ হেগলি অভেলত আঠ উইকেটৰ বিজয়েৰে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলা আৰম্ভ কৰে ।

টেষ্টত শচীন তেণ্ডুলকাৰক অতিক্ৰম জ’ ৰুটৰ

টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে জ’ ৰুটে ভাৰতীয় কিংবদন্তী শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰে । ৰুটে 15 টা বলত 22 ৰাণৰ এক দ্ৰুত ইনিংছ খেলে ৷ যাৰ বাবে ইংলেণ্ডে মাত্ৰ 12.4 অভাৰতে 104 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

টেষ্ট ক্ৰিকেটত চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী বেটছমেনৰ তালিকাৰ শীৰ্ষত সম্প্ৰতি আছে ইংলেণ্ডৰ জ’ ৰুটৰ নাম ৷

ক্ৰিকেটাৰগৰাকীৰ নামত চতুৰ্থ ইনিংছত আছে মুঠ 1630 ৰাণ ৷ আনহাতে, শচীন তেণ্ডুলকাৰে 1625 ৰাণ সংগ্ৰহ কৰি এই তালিকাৰ দ্বিতীয় স্থানত আছে । এলিষ্টাৰ কুক আৰু গ্ৰেম স্মিথ 1611 ৰাণৰ সৈতে তালিকাৰ তৃতীয় স্থানত আছে । আনহাতে, শিৱনাৰিন চন্দ্ৰপলে 1580 ৰাণৰ সৈতে শীৰ্ষ পাঁচত স্থান লাভ কৰিছে ।

টেষ্ট ক্ৰিকেটত চতুৰ্থ ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী

  • 1630 - জ’ ৰুট
  • 1625 - শচীন তেণ্ডুলকাৰ
  • 1611 – এলিষ্টেয়াৰ কুক
  • 1611 – গ্ৰেম স্মিথ
  • 1580 - শিৱনাৰিন চন্দ্ৰপল

মেচৰ শ্ৰেষ্ঠ খেলুৱৈ ব্ৰাইডন কাৰ্চেক

ক্ৰিষ্টচাৰ্চ টেষ্টৰ প্ৰথম ইনিংছৰ পিছত ইংলেণ্ডে আধিপত্য বিস্তাৰ কৰে আৰু মেচখনত 151 ৰাণৰ অগ্ৰগতি লাভ কৰে । হেৰী ব্ৰুকে 171 ৰাণৰ ইনিংছ খেলি গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ ভূমিকা ৷

আনহাতে, অলি পোপ আৰু বেন ষ্টোকছৰ যুটিয়ে অৰ্জন কৰে অৰ্ধশতক । দুয়োটা ইনিংছতে 10 টা উইকেট দখল কৰাৰ বাবে ব্ৰাইডন কাৰ্চেক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ শৃংখলাটোৰ তৃতীয়খন টেষ্ট শুকুৰবাৰে আৰম্ভ হ’ব ৷

লগতে পঢ়ক: পি চি বিৰ অধ্যক্ষ মহছিন নকভিৰ সুৰ সলনি; হাইব্ৰিড মডেল গ্ৰহণ কৰিবলৈ সাজু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.