ETV Bharat / sports

টেণ্ট হাউচৰ পৰা কাপোৰ ক্ৰয় কৰিও বাধা দিব নোৱাৰিলে বৰষুণক: বাতিল আফগানিস্তান-নিউজিলেণ্ড টেষ্ট - NZ VS AFG TEST

author img

By ETV Bharat Sports Team

Published : Sep 13, 2024, 7:11 PM IST

AFG vs NZ only test: গ্ৰেটাৰ নয়দাত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচখন পঞ্চম দিনটোতো বাতিল কৰা হয় ৷ কিয়নো একেৰাহে হৈ থকা বৰষুণৰ ফলত মেচখন অনুষ্ঠিত কৰিব পৰা নগ’ল । ফলস্বৰূপে সমগ্ৰ মেচখন বাতিলৰ সিদ্ধান্ত লয় আয়োজকে ৷

Etv Bharat
Etv Bharat (Etv Bharat)

স্প’ৰ্টছ ডেস্ক, 13 ছেপ্টেম্বৰ: আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ টেষ্ট মেচখন শুকুৰবাৰৰ দিনটোতো খেলিব পৰা নগ’ল । গ্ৰেটাৰ নয়দাত অনুষ্ঠিত হ’বলগীয়া খেলখন অৱশেষত বাতিল ঘোষণা কৰা হৈছিল ।

বেয়া বতৰ আৰু বহুতো ত্ৰুটিপূৰ্ণ ব্যৱস্থাও খেল অনুষ্ঠিত নোহোৱাৰ অন্যতম কাৰণ আছিল ৷ খেলপথাৰ আৰু পিটচ ঢাকিবলৈ টেণ্ট হাউচৰ পৰা কাপোৰ ক্ৰয় কৰা হৈছিল, যি অতিকৈ লজ্জাজনক কথা ৷ নেৰানেপেৰা বৰষুণৰ বাবে আফগানিস্তান বনাম নিউজিলেণ্ড টেষ্টৰ পঞ্চম তথা অন্তিম দিনটোত খেল অনুষ্ঠিত নহ’ল, যাৰ বাবে আয়োজকে টেষ্ট মেচখন বাতিল ঘোষণা কৰে ।

91 বছৰত প্ৰথমবাৰৰ বাবে ঘটিছিল এই ঘটনা:

গ্ৰেটাৰ নয়দা স্প’ৰ্টছ কমপ্লেক্সত আফগানিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক টেষ্টখন অৱশেষত বাতিল হয় ৷ বিগত 91 বছৰত ভাৰতৰ মাটিত প্ৰথমখন টেষ্ট মেচ বাতিল হোৱাৰ ঘটনা এয়াই প্ৰথম ৷

ভাৰতে 1933 চনত মুম্বাইত(জিমখানা গ্ৰাউণ্ড, বোম্বাই) প্ৰথমবাৰৰ বাবে এখন টেষ্ট মেচ আয়োজন কৰিছিল । তাৰপিছত ভাৰতত এখন টেষ্ট মেচত প্ৰথমবাৰৰ বাবে এটাও বল নপৰাকৈয়ে সমগ্ৰ টেষ্ট মেচখন বাতিল কৰা হৈছিল ।

আনহাতে, এই ক্ষেত্ৰত এছিয়াৰ প্ৰসংগ উত্থাপন কৰিবলগা হ’লে 1998 চনৰ ডিচেম্বৰত ফৈজালাবাদত অনুষ্ঠিত এখন টেষ্ট মেচ কুঁৱলীৰ বাবে এটাও বল নপৰাকৈ বাতিল কৰা হৈছিল ৷ যিখন মেচ পাকিস্তান আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

26 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে:

গ্ৰেটাৰ নয়দাত নেৰানেপেৰা বৰষুণ টেষ্ট মেচখন বাতিল হোৱাৰ মূল কাৰণ ৷ আনহাতে, দুৰ্বল পানী নিষ্কাশন প্ৰণালী আৰু সম্পদৰ অভাৱেও সমস্যাৰ সৃষ্টি কৰিছিল । ইয়াৰ কাৰণ হ'ল গ্ৰাউণ্ড ষ্টাফসকলে ধাৰাসাৰ বৰষুণৰ পৰা পিটছখন ৰক্ষা কৰাত ব্যৰ্থ হৈছিল ৷

মেচৰ পঞ্চম দিনটোতো একেই পৰিস্থিতি অব্যাহত থকাত খেলখন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজকে ৷ বিগত 26 বছৰৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে হৈছে, য’ত টছ আৰু এটাও বল নপৰাকৈ এখন টেষ্ট মেচ বাতিল কৰা হৈছে । 1998 চনত ডুনেডিনৰ কেৰিচব্ৰুকত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়তো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷

টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটাও বল নপৰাকৈ পৰিত্যক্ত হোৱা মেচবোৰ:

  • ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, অ’ল্ড ট্ৰেফৰ্ড মানচেষ্টাৰ, 25 আগষ্ট 1890
  • ইংলেণ্ড বনাম অষ্ট্ৰেলিয়া, অ’ল্ড ট্ৰেফৰ্ড মানচেষ্টাৰ, 8 জুলাই 1938
  • অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড, 31 ডিচেম্বৰ 1970
  • নিউজিলেণ্ড বনাম পাকিস্তান, কেৰিচব্ৰুক, ডুনেডিন, 3 ফেব্ৰুৱাৰী 1989
  • ৱেষ্ট ইণ্ডিজ বনাম ইংলেণ্ড, জৰ্জটাউন গায়ানা, 10 মাৰ্চ 1990
  • পাকিস্তান বনাম জিম্বাব’ৱে, ফৈজালাবাদ, 17 ডিচেম্বৰ 1998
  • নিউজিলেণ্ড বনাম ভাৰত, কেৰিচব্ৰুক, ডুনেডিন, 18 ডিচেম্বৰ 1998
  • আফগানিস্তান বনাম নিউজিলেণ্ড, গ্ৰেটাৰ নয়দা স্প’ৰ্টছ কমপ্লেক্স গ্ৰাউণ্ড, গ্ৰেটাৰ নয়দা, 9 ছেপ্টেম্বৰ 2024

টোকা: খেলপথাৰখন খেলৰ বাবে উপযুক্ত নোহোৱাৰ বাবে টেষ্ট মেচখন বাতিল কৰাৰ সময়ৰ এই তালিকা । বহুসময়ত বৰষুণ আৰু বেয়া বতৰ খেল নোহোৱাৰ কাৰণ আছিল ।

লগতে পঢ়ক: প্ৰথমে বিবাহ বিচ্ছেদ, এতিয়া মেচ ফিক্সিং: পাকিস্তানী অধিনায়কৰ বিৰুদ্ধে প্ৰমাণৰ সৈতে অভিযোগ - PAKISTAN CRICKETER MATCH FIXING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.