ETV Bharat / sports

ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ - Durand Cup Final

author img

By ETV Bharat Sports Team

Published : Aug 31, 2024, 10:45 PM IST

Durand Cup 2024 Final: টাইব্ৰেকাৰত মোহন বাগান ছুপাৰ জায়েন্টছক পৰাস্ত কৰি নৰ্থ-ইষ্ট ইউনাইটেডে ডুৰাণ্ড কাপৰ জয়লাভ কৰে । পূৰ্ণকালীন সময়ত ২-২ গ’লত সমতা স্থাপন কৰি নৰ্থ ইষ্টে পেনাল্টিত ৪-৩ গ’লত পৰাস্ত কৰে মোহন বাগানক ।

Durand Cup 2024 Final
ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ (Tweet_@thedurandcup)

স্পৰ্টছ ডেস্ক, ৩১ আগষ্ট: প্ৰথমবাৰলৈ ডুৰাণ্ড কাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে । টাইব্ৰেকাৰত মোহন বাগান ছুপাৰ জায়েন্টছক পৰাস্ত কৰি নৰ্থ-ইষ্ট ইউনাইটেডে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰে । পূৰ্ণকালীন সময়ত ২-২ গ’লত সমতা স্থাপন কৰি নৰ্থ ইষ্টে পেনাল্টিত ৪-৩ গ’লত পৰাস্ত কৰে মোহন বাগানক । পেনাল্টি শ্বুটআউটৰ দুটাকৈ গ’ল ৰক্ষা কৰি ডুৰাণ্ড কাপৰ ফাইনেল খেলখনৰ নায়কত পৰিণত হয় নৰ্থ ইষ্ট ইউনাইটেডৰ গ’লৰক্ষক গুৰমীত ৷

লগতে পঢ়ক: শতিকা পুৰণি ডুৰাণ্ড কাপ টুৰ্ণামেণ্টৰ ট্ৰফী উন্মোচন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ - DURAND CUP TROPHY TOUR

প্ৰথমাৰ্ধত ২-০ গ’লৰ ব্যৱধানত পিছ পৰি থকা নৰ্থ-ইষ্ট ইউনাইটেডে জেছন কামিংছ আৰু ছাহাল আব্দুল ছামাদৰ গ’লৰ পিছত অসম্ভৱ প্ৰত্যাৱৰ্তন কৰে । আলাদিন আজৰাই আৰু গুইলাৰমো ফাৰ্নাণ্ডেজৰ দুটা আকৰ্ষণীয় ব্যক্তিগত গ’লৰ সহায়ত তেওঁলোকে সমতা অৰ্জন কৰে । শেষত মোহন বাগানে একেৰাহে তৃতীয়বাৰৰ বাবে পেনাল্টি শ্বুটআউটত জয়ী হ’ব নোৱাৰিলে, কিয়নো নৰ্থ ইষ্টৰ গ’লৰক্ষক গুৰমীত সিঙে লিষ্টন ক’লাকো আৰু বাগানৰ অধিনায়ক সুভাশীষ বসুৰ পেনাল্টি ৰক্ষা কৰে । ইয়াৰ লগতে আজিৰ খেলখনৰ নায়কত পৰিণত হয় গ’লৰক্ষক গুৰমীত ৷

কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ১৩৩ সংখ্যক ডুৰাণ্ড কাপৰ ফাইনেল মেচখন । সোমবাৰে শ্বিলং লাজং এফ চিক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে । ছেমি ফাইনেল মেচত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈছিল শ্বিলং লাজং এফ চি । ইফালে বাগানে যোৱা দুখন নক আউট মেচত টাইব্ৰেকাৰৰ জৰিয়তে জয়লাভ কৰিও মেগা মেচখনত ব্যৰ্থ হয় ।

লগতে পঢ়ক: ডুৰাণ্ড কাপত কোনকেইখন মেচ অধিক উপভোগ্য হ'ব ? - Durand Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.