ETV Bharat / sports

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট; তাৰপিছতে চিৰবিদায় ক্ৰিকেটক - TIM SOUTHEE ANNOUNCES RETIREMENT

WTC final 2025: নিউজিলেণ্ডৰ হৈ 100 খনতকৈও অধিক টেষ্ট মেচ খেলা কিংবদন্তি প্ৰাক্তন অধিনায়ৰ অৱসৰ ঘোষণা ৷

Tim Southee announces retirement
কেন উইলিয়ামচন আৰু টিম চাউথী (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 15, 2024, 1:35 PM IST

স্প’ৰ্টছ ডেস্ক: নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা সোঁহতীয়া ফাষ্ট বলাৰ টিম চাউথীয়ে ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পিছত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব চাউথীয়ে ৷

কিৱি ফাষ্ট বলাৰগৰাকীয়ে হেমিল্টনৰ চেডান পাৰ্কত কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷ কিয়নো এইখন খেলপথাৰতে অনুষ্ঠিত হ’ব দ্বি-পাক্ষিক শৃংখলাটোৰ শেষৰখন মেচ ৷

চাউথীৰ অৱসৰ ঘোষণা

চাউথী হৈছে ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটত নিউজিলেণ্ডৰ সৰ্বাধিক উইকেট দখলকাৰী । ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক শৃংখলাটো চাউথীৰ কেৰিয়াৰৰ অন্তিমটো শৃংখলা হলেও 35 বছৰীয়া খেলুৱৈগৰাকীয়ে 2025 চনৰ জুনত লৰ্ডছত অনুষ্ঠিত হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত অংশগ্ৰহণৰ সম্ভাৱনা আছে ৷ চাউথীয়ে বগা বলৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই ৷

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব অন্তিমটো শৃংখলা

নিউজিলেণ্ড ক্ৰিকেটৰ এক আনুষ্ঠানিক বিজ্ঞপ্তিত ফাষ্ট বলাৰ টিম চাউথীয়ে কয়, "নিউজিলেণ্ডক প্ৰতিনিধিত্ব কৰাটো মোৰ সপোন আছিল । 18 বছৰ ধৰি ব্লেককেপৰ হৈ খেলাটো মোৰ বাবে আটাইতকৈ ডাঙৰ সন্মান আৰু বিশেষাধিকাৰ ৷ কিন্তু এতিয়া মই অনুভৱ কৰো যে, এই খেলৰ পৰা আঁতৰি যোৱাৰ সময় হৈছে, যিয়ে মোক বহুত দিছে" ৷

তেওঁ লগতে কয়, "টেষ্ট ক্ৰিকেটে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে ৷ সেয়েহে ইমান বছৰ আগতে মোৰ টেষ্ট কেৰিয়াৰ আৰম্ভ হোৱা একেজন প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে খেলা আৰু মোৰ বাবে অতি বিশেষ 3 খন খেলপথাৰত খেলাটো ব্লেক কেপছত মোৰ সময় শেষ কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় যেন লাগে" ৷

টিম চাউথীৰ ক্ৰিকেট কেৰিয়াৰ

চাউথীয়ে 104 খন টেষ্ট, 161 খন এদিনীয়া আৰু 125 খন টি-20 ত অংশগ্ৰহণ কৰিছে ৷ তদুপৰি সকলো ফৰ্মেটত 770 টা উইকেট দখল কৰিছে । সোঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে 4 খন এদিনীয়া বিশ্বকাপ, 7 টা টি-20 বিশ্বকাপ আৰু 2 টা চেম্পিয়নছ ট্ৰফী টুৰ্ণামেণ্টত কিৱি দলক প্ৰতিনিধিত্ব কৰিছে । তেওঁ 2019-2021 ছিজনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰা দলটোৰ সদস্যও আছিল ।

নিউজিলেণ্ডৰ প্ৰশিক্ষক গেৰী ষ্টেডে ফাষ্ট বলাৰগৰাকীৰ দৃঢ়তাৰ প্ৰশংসা কৰিছিল । টিমে দলটো, ইয়াৰ খ্যাতি আৰু প্ৰদৰ্শনৰ বিষয়ে গভীৰভাৱে চিন্তা কৰে বুলি ষ্টেডে কৈছিল ৷

লগতে পঢ়ক: ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে অধিনায়কত্ব এৰিলে টিম চাউথীয়ে - TIM SOUTHEE RESIGNS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.