ETV Bharat / sports

ডাইমণ্ড লীগত দ্বিতীয় স্থান: সুখী নহয় নীৰজ চোপ্ৰা ! - Doha Diamond League - DOHA DIAMOND LEAGUE

NEERAJ CHOPRA : শুকুৰবাৰে দোহাত অনুষ্ঠিত হোৱা বছৰৰ প্ৰথমটো ডাইমণ্ড লীগ ইভেণ্টত দ্বিতীয় স্থান লাভ কৰে অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই। এই প্ৰদৰ্শনত গোল্ডেন বয় নীৰজ চোপ্ৰা সুখী নহয় বুলি প্ৰকাশ কৰিছে ।

NEERAJ CHOPRA
ডাইমণ্ড লীগ ইভেণ্টত দ্বিতীয় স্থান লাভ নীৰজ চোপ্ৰাৰ (ETV BHARAT HINDI DESK)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:56 PM IST

স্পৰ্টছ ডেস্ক, 11 মে’ : শুকুৰবাৰে বছৰৰ প্ৰথমটো ডাইমণ্ড লীগ ইভেণ্টত জেভেলিন থ্ৰ’ত দ্বিতীয় স্থান দখল কৰি ‘সুখী নহয়’ বুলি প্ৰকাশ কৰিছে অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰাই ৷ ডোহাত ষষ্ঠ আৰু অন্তিম প্ৰচেষ্টাত ভাৰতীয় তাৰকাগৰাকীয়ে সৰ্বোত্তম থ্ৰ’ প্ৰস্তুত কৰিছিল যদিও 0.2 মিটাৰৰ বাবে শীৰ্ষ স্থান হেৰুৱাব লগা হয় ৷ চোপ্ৰাৰ শ্ৰেষ্ঠ থ্ৰ’ 88.36 মিটাৰ আছিল আৰু তেওঁ চেক গণৰাজ্যৰ জাকুব ভাডলেজ্চৰ পিচতে স্থান দখল কৰে, যিয়ে 88.38 মিটাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে প্ৰথম স্থান দখল কৰে ৷

নীৰজে এন এন আই এছক কয়- 'সঁচা কথা ক'বলৈ গ'লে, মই ভাবিছিলো যে মই 88 মিটাৰ অতিক্ৰম কৰিব পাৰিম, কিন্তু সেয়া নহ'ল ৷ মই সুখী যে মই মোৰ থ্ৰ’ত স্থিৰ আছিলোঁ, কিন্তু মোৰ প্ৰচেষ্টাত নহয় ৷ মোৰ প্ৰথম থ্ৰ’টো বৰ বেয়া আছিল ৷"

তেওঁ পুনৰ কয়- ‘এয়া মোৰ প্ৰথম প্ৰতিযোগিতা, ভাল কথাটো হ’ল মোৰ শৰীৰটো শীৰ্ষত নথকা সত্ত্বেও (কি কাৰণত নাজানো) মই 88 মিটাৰ নিক্ষেপ কৰিব পাৰিলোঁ ৷ ইয়াৰ পিচত আৰু প্ৰতিযোগিতা আহি আছে, কঠোৰ পৰিশ্ৰম কৰি পৰৱৰ্তী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাম ৷ পেৰিছ অলিম্পিকৰ পূৰ্বে তিনিৰ পৰা চাৰিখন প্ৰতিযোগিতাত অংশ ল’ম ৷"

অৱশ্যে 90 মিটাৰ থ্ৰ’ কৰিবলৈয়ো আত্মবিশ্বাসী হৈ আছিল নীৰজ ৷ তেওঁ কয়- ‘আজি মই কৰিব পাৰিম বুলি অনুভৱ কৰিছিলোঁ, কিন্তু কেনেবাকৈ নোৱাৰিলোঁ ৷ হয়তো ভগৱানে বিচাৰে মই আন ঠাইত কৰিম ৷ কিন্তু মোৰ ধাৰাবাহিক প্ৰদৰ্শনত মই সুখী আৰু মই 90 মিটাৰতকৈ অধিক নিক্ষেপ কৰিম ৷"

টকিঅ’ অলিম্পিকত নীৰজৰ পিচতে স্থান দখল কৰা, ইউজিন বিশ্ব চেম্পিয়নশ্বিপত তৃতীয় স্থানলৈ নামি অহা জেকবৰ সৈতে ক্ৰমবৰ্ধমান প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত নীৰজে কয়- ‘জেকবৰ সৈতে কঠিন আছিল ৷ প্ৰতিযোগিতাত মই মাত্ৰ 2 চে.মি. পিচ পৰি আছিলো ৷ ভাল প্ৰতিযোগিতা হ’লে ভাল লাগে ৷ আমি ইজনে সিজনক আগন্তুক প্ৰতিযোগিতাসমূহত ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰেৰণা দিওঁ ৷"

12 মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ফেডাৰেচন কাপত অংশগ্ৰহণ কৰিব নীৰজ চোপ্ৰাই, যিটো তিনি বছৰৰ ভিতৰত তেওঁৰ প্ৰথম ঘৰুৱা প্ৰতিযোগিতা হ’ব ৷ টকিঅ’ অলিম্পিকৰ পূৰ্বে অনুষ্ঠিত হোৱা 2021 চনৰ ফেডাৰেচন কাপত নীৰজে শেষবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল ৷ নীৰজে এথলেটিকছত অলিম্পিকত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে নিজৰ নাম উজলাইছিল ৷

লগতে পঢ়ক : সলনি হ'ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ! - Head Coach Of Team India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.