ETV Bharat / sports

পুনৰ অনুৰাগীক নিৰাশ নীৰজ চোপ্ৰাৰ, মাত্ৰ এক ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে খিতাপ - DIAMOND LEAGUE 2024

author img

By ETV Bharat Sports Team

Published : Sep 15, 2024, 9:30 AM IST

Neeraj chopra in Diamond League Final: ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই পুনৰ এবাৰ হতাশ কৰিলে দেশবাসীক ৷ মাত্ৰ 1 ছেণ্টিমিটাৰ দূৰত্বৰ ব্যৱধানৰ বাবে ডায়মণ্ড লীগৰ খিতাপ অৰ্জনত ব্যৰ্থ হয় খেলুৱৈগৰাকী ৷

DIAMOND LEAGUE 2024
নীৰজ চোপ্ৰা (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: দুটাকৈ অলিম্পিক পদক বিজয়ী তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই পুনৰ এবাৰ ভাৰতীয় অনুৰাগীসকলক হতাশ কৰিলে । সামান্য ব্যৱধানৰ বাবে চোপ্ৰাই ডায়মণ্ড লীগ 2024 ৰ খিতাপ জয়ৰ পৰা বঞ্চিত হয় । ভাৰতীয় অনুৰাগীসকলে প্ৰিয় খেলুৱৈগৰাকীয়ে খিতাপ জয় কৰিব বুলি আশা কৰিছিল যদিও অনুৰাগীৰ আশা পূৰণত ব্যৰ্থ হয় নীৰজ ৷

দৰাচলতে দীৰ্ঘদিনৰে পৰা কান্ধৰ আঘাতত ভূগি আছে তাৰকা জেভলিন থ্ৰ’য়াৰগৰাকী ৷ যাৰ বাবে পেৰিছ অলিম্পিকত স্বৰ্ণ জয় কৰাত ব্যৰ্থ হৈছিল খেলুৱৈগৰাকী ৷ পুনৰ এবাৰ একে দৃশ্যই প্ৰতিফলিত হৈছে ডায়মণ্ড লীগ 2024 ৰ ফাইনেলত ৷ মাত্ৰ এক ছেণ্টিমিটাৰৰ দূৰত্বৰ বাবে খিতাপ জয় কৰাত ব্যৰ্থ হয় নীৰজ ৷

এক ছেণ্টিমিটাৰৰ বাবে খিতাপ দখলৰ পৰা বঞ্চিত নীৰজ

শনিবাৰে নিশা ব্ৰাছেলছত অনুষ্ঠিত হৈছিল ডায়মণ্ড লীগ 2024 ৰ ফাইনেল । এই চূড়ান্ত ইভেণ্টত ভাৰতৰ শীৰ্ষস্থানৰ জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই 87.86 মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰ সৈতে লাভ কৰে দ্বিতীয় স্থান ৷ যাৰ পিছত তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ।

পিটাৰ্ছৰ শিৰত ডায়মণ্ড লীগৰ বিজয়ীৰ মুকুট

ফাইনেলত গ্ৰেনাডিয়ান জেভলিন থ্ৰ’য়াৰ এণ্ডাৰছন পিটাৰ্ছে 87.87 মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰে বিজয়ীৰ মুকুট পৰিধান কৰে ৷ পেৰিছ অলিম্পিকত পিটাৰ্ছে নীৰজৰ পিছত ব্ৰঞ্জৰ পদক জয় কৰিছিল ।

ডায়মণ্ড লীগত মাত্ৰ এক ছেণ্টিমিটাৰৰ ব্যৱধানত পিটাৰ্ছে হৰুৱাই নীৰজ চোপ্ৰাক ৷ এয়া পেৰিছ অলিম্পিকৰ মধুৰ প্ৰতিশোধ বুলিও ক’ব পৰা যায় ৷ প্ৰতিযোগিতাখনত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে 85.97 মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান লাভ কৰে ।

লগতে পঢ়ক: ডায়মণ্ড লীগ ২০২৪ ৰ ফাইনেললৈ যোগ্যতা অৰ্জনৰ ৰাউণ্ডত ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'ৰে অভিলেখ নীৰজ চোপ্ৰাৰ - Diamond League 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.