ETV Bharat / sports

স্বৰ্ণ নহয় : পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ - PARIS OLYMPICS 2024 - PARIS OLYMPICS 2024

Neeraj Chopra wins silver: সোণ নাপালেও ৰূপৰ পদক জয় কৰিলে ভাৰতৰ গল্ডেন বয় খ্যাত নীৰজ চোপ্ৰাই ৷ 89.45 মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক অৰ্জন কৰে নীৰজে । নীৰজৰ এই সফলতাত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে অনেকেই জনাইছে অভিনন্দন ৷

Neeraj Chopra wins silver
পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় নীৰজ চোপ্ৰাৰ (ANI)
author img

By ANI

Published : Aug 9, 2024, 8:06 AM IST

স্প’ৰ্টছ ডেস্ক, 9 আগষ্ট : বৃহস্পতিবাৰে পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই স্বৰ্ণপদক অৰ্জনৰ দৌৰত ব্যৰ্থ হয় ৷ খেলুৱৈগৰাকীয়ে সোণৰ সলনি লাভ কৰে ৰূপৰ পদক ৷ 89.45 মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক অৰ্জন কৰে নীৰজে । চোপ্ৰাৰ দ্বিতীয় প্ৰচেষ্টাত এই শ্ৰেষ্ঠ থ্ৰ’ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ কিন্তু তেওঁ একেৰাহে চাৰিটা ফাউল থ্ৰ’ প্ৰদৰ্শন কৰে ৷ যাৰ বাবে স্বৰ্ণপদক জয়ৰ ক্ষেত্ৰত বাধা আহি পৰে ৷

দেশৰ স্বাধীনতাৰ পিছত নীৰজ চোপ্ৰা ব্যক্তিগত প্ৰতিযোগিতাত দুটা অলিম্পিক পদক জয় কৰা দ্বিতীয়গৰাকী পুৰুষ খেলুৱৈত পৰিণত হয় । খেলুৱৈগৰাকীৰ প্ৰথম আৰু তৃতীয় প্ৰচেষ্টা ৰঙা পতাকা দেখুৱাই বাতিল কৰা হৈছিল আৰু অন্তিম তিনিটা প্ৰচেষ্টাও ফাউল আছিল ।

অৰ্হতা ৰাউণ্ডত নীৰজৰ শক্তিশালী প্ৰদৰ্শন স্বত্বেও তেওঁ 89.34 মিটাৰ দলিয়াইছিল ৷ চোপ্ৰাই ফাইনেলত তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ অতিক্ৰম কৰিব নোৱাৰিলে । খেলুৱৈগৰাকীৰ 89.45 মিটাৰ থ্ৰ’ আছিল দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৷ কিন্তু এয়া স্বৰ্ণপদক জয়ৰ ক্ষেত্ৰত পৰ্যাপ্ত নাছিল ৷

প্ৰদৰ্শনৰ পূৰ্বে খেলুৱৈগৰাকীক অত্যন্ত মানসিক চাপত থকা দেখা যায় ৷ খেলুৱৈগৰাকীৰ পঞ্চম প্ৰচেষ্টাকো ৰঙা পতাকা প্ৰদৰ্শন কৰা হৈছিল । একেদৰে থ্ৰ’ৰ সময়ত সীমা অতিক্ৰম কৰাৰ পিছত তেওঁৰ অন্তিম আৰু ষষ্ঠ প্ৰয়াসটোও অযোগ্য ঘোষণা কৰা হৈছিল ৷

পাকিস্তানৰ অৰ্শদ নাদিমে 92.97 মিটাৰ থ্ৰ’ৰে এই ইভেণ্টত স্বৰ্ণ জয় কৰে আৰু 2008 চনত বেইজিঙত ডেনমাৰ্কৰ এন্দ্ৰিয়াছ থৰকিল্ডছেনৰ পূৰ্বৰ অলিম্পিক অভিলেখ ভংগ কৰে । নাদিমে 91.79 মিটাৰ চূড়ান্ত থ্ৰ’ৰে ইভেণ্টটোত তেওঁৰ আধিপত্য প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে ।

খেলুৱৈগৰাকীৰ দ্বিতীয়টো চেষ্টাত নাদিমে পুৰুষৰ জেভলিন থ্ৰ’ ফাইনেলত স্বৰ্ণ জয় কৰিবলৈ 92.97 মিটাৰ থ্ৰ’ কৰে ৷ নাদিমৰ ষষ্ঠ প্ৰচেষ্টাই 90 মিটাৰ সীমা অতিক্ৰম কৰিছিল । খেলুৱৈগৰাকীৰ ষষ্ঠ প্ৰচেষ্টাই 91.79 মিটাৰ স্পৰ্শ কৰিছিল । গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে 88.54 মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক দখল কৰে ৷

ইয়াৰ আগতে চোপ্ৰাই গ্ৰুপ বি অৰ্হতা ৰাউণ্ডত 89.34 মিটাৰ থ্ৰ’ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ যিটো তেওঁৰ দ্বিতীয় শ্ৰেষ্ঠ থ্ৰ’ আছিল ৷ নাদিমৰ সৈতে এক সুস্থ প্ৰতিদ্বন্দ্বিতা স্বত্বেও চোপ্ৰাই 9-0 ত আগবাঢ়ি থকাৰ পিছতো 2022 কমনৱেলথ গেমছত নাদিমৰ 90.18 মিটাৰৰ শ্ৰেষ্ঠ থ্ৰ’য়ে চোপ্ৰাৰ সকলো প্ৰচেষ্টাক অতিক্ৰম কৰে ।

লগতে পঢ়ক: অলিম্পিকত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক জয়: অভিনন্দন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কিৰেণ ৰিজিজুৰ - PARIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.