ETV Bharat / sports

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস: মনু ভাকৰে ক’লে "মই 16 বছৰীয়া থাকোতেই প্ৰধানমন্ত্ৰীয়ে কৈছিল এই কথা" - NATIONAL SPORTS DAY 2024

author img

By ETV Bharat Sports Team

Published : Aug 29, 2024, 3:00 PM IST

Manu Bhakar on PM Modi: 2024 চনৰ পেৰিছ অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰা তাৰকা শ্বুটাৰ মনু ভাকৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ প্ৰকাশ কৰিছে বিশেষ মন্তব্য ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাকৰৰ 16 বছৰ বয়সতে তেওঁৰ কেৰিয়াৰ উজ্জ্বল বুলি আশীৰ্বাদ দিয়া কথাটো ৰাজহুৱা কৰে ৷

NATIONAL SPORTS DAY 2024
প্ৰধানমন্ত্ৰীৰ সৈতে শ্বুটাৰ মনু ভাকৰ (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 29 আগষ্ট: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ভাৰতীয় অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰে ৷ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক দিয়া অনুপ্ৰেৰণাৰ বিষয়েও ভাকৰে মন্তব্য প্ৰদান কৰে ।

22 বছৰীয়া মনুৱে পেৰিছ অলিম্পিকত গঢ়িছিল বৃহৎ অভিলেখ । স্বাধীনতাৰ পিছত একেখন অলিম্পিকত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত হৈছিল যুৱ শ্বুটাৰগৰাকী ।

মনুৱে পেৰিছ অলিম্পিকত ব্যক্তিগত শ্বুটিং ইভেণ্টত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপেও পৰিগণিত হৈছিল । 2018 ৰ কমনৱেলথ গেমছত সোণৰ পদক জিকাৰ সময়ত যুৱ শ্বুটাৰগৰাকীৰ বয়স আছিল মাত্ৰ 16 বছৰ ৷ তেতিয়াই ভাকৰে প্ৰথমবাৰৰ বাবে সাক্ষাৎ লাভ কৰিছিল প্ৰধানমন্ত্ৰী মোদীৰ ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এই পুৰণি কথাখিনি সোঁৱৰণ কৰি মনুৱে কয়, "সেই কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মোক কৈছিল, আপুনি বহুত সৰু । আপুনি আৰু অধিক সফলতা অৰ্জন কৰিব ৷ যেতিয়াই আপোনাক কিবা প্ৰয়োজন হয়, মোৰ সৈতে যোগাযোগ কৰিব । তেওঁৰ কথাবোৰ মোৰ বাবে অনুপ্ৰেৰণাৰ এক ডাঙৰ উৎস আছিল" ।

প্ৰধানমন্ত্ৰী মোদীয়ে মনুক কেৱল সফলতাৰ সময়তে নহয়, বিফলতাৰ ক্ষেত্ৰতো সমৰ্থন কৰিছিল । যেতিয়া টকিঅ’ অলিম্পিকত কিছু বিসংগতিৰ বাবে মনুৱে পদক অৰ্জনৰ পৰা বঞ্চিত হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক উৎসাহিত কৰিছিল আৰু খেলুৱৈগৰাকীৰ ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভত আলোচনা কৰিছিল ।

"প্ৰধানমন্ত্ৰী মোদীয়ে মোক আত্মবিশ্বাসী হ’বলৈ আৰু মোৰ লক্ষ্যত মনোনিবেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । তেওঁৰ বিশেষত্ব হ’ল যে, প্ৰতিগৰাকী খেলুৱৈৰ বিষয়ে সকলোবোৰ বিষয়ৰ ওপৰতে তেওঁ চকু ৰাখে" বুলি ভাকৰে কয় ।

শ্বুটাৰগৰাকীয়ে বিশ্বাস কৰে যে, প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী কেৱল বিজয় উদযাপন কৰাৰ বাবে নহয় ৷ তেওঁ ফলাফল নিৰ্বিশেষে প্ৰতিগৰাকী খেলুৱৈক উৎসাহিত আৰু সমৰ্থন কৰাৰ ওপৰত গুৰুত্ব দিয়ে ।

পেৰিছ অলিম্পিকত মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মনুৱে প্ৰথমটো পদক অৰ্জন কৰে ৷ তাৰপিছত প্ৰধানমন্ত্ৰী মোদীয়ে শ্বুটাৰগৰাকীক ফোনযোগে বাৰ্তালাপ কৰি প্ৰদান কৰে শুভেচ্ছা ৷ পৰৱৰ্তী ইভেণ্টত মনুৱে সৰৱজ্যোত সিঙৰ সৈতে মিশ্ৰিত শাখাত 10 মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক জিকিছিল আৰু মহিলাৰ শাখাত 25 মিটাৰ পিষ্টল ইভেণ্টত লাভ কৰিছিল চতুৰ্থ স্থান ।

লগতে পঢ়ক: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস: প্ৰচাৰ, শান্তিপূৰ্ণ আৰু অন্তৰ্ভুক্ত সমাজৰ বাবে ক্ৰীড়া - NATIONAL SPORTS DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.