ETV Bharat / sports

ধোনী-কোহলীৰ মাজত নাই কোনো বন্ধুত্ব ! বিতৰ্কৰ পৰা বিৰত থকা ধোনীয়ে কিয় ক’লে এনেদৰে - MS DHONI VS VIRAT KOHLI - MS DHONI VS VIRAT KOHLI

MS Dhoni Relationship With Virat Kohli: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ মাজৰ সম্পৰ্ক কেনেকুৱা, তাক জানিবলৈ হয়তো অধিকাংশ ক্ৰিকেটপ্ৰেমীৰে মাজত আছে কৌতুহল ৷ পিছে বিষয়টোৰ সম্পৰ্কত বৃহৎ মন্তব্য কৰিছে এম এছ ধোনীয়ে ৷ যিয়ে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া ৷

MS DHONI VS VIRAT KOHLI
বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী (IANS PHOTOS)
author img

By ETV Bharat Sports Team

Published : Sep 1, 2024, 6:54 PM IST

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । এই ভিডিঅ’টোত ধোনীক ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মন্তব্য কৰা দেখা গৈছে ৷ ধোনীয়ে প্ৰকাশ কৰা অনুসৰি, বিৰাট কোহলীৰ সৈতে তেওঁৰ নাই কোনো বন্ধুত্বৰ দৰে সম্পৰ্ক ৷

ধোনী আৰু কোহলীৰ মাজৰ সম্পৰ্ক কেনেধৰণৰ ?

এম এছ ধোনীক এটা অনুষ্ঠানৰ সময়ত বিৰাট কোহলীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে সোধা হৈছিল প্ৰশ্ন । "আমি 2008 বা 2009 চনৰ পৰা একেলগে খেলি আছো । আমাৰ মাজত বয়সৰ যথেষ্ট পাৰ্থক্য আছে কিন্তু মই কোহলীৰ জ্যেষ্ঠ ভাতৃৰ দৰে ৷ আমি কেৱল সহকৰ্মী, যিয়ে দীৰ্ঘদিন ধৰি ভাৰতৰ হৈ খেলি আছো । আমিয়েই বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ" বুলি ধোনীয়ে প্ৰশ্নৰ উত্তৰত কৈছিল ৷

ধোনীৰ পিছত কোহলী হৈছিল ভাৰতৰ অধিনায়ক

দৰাচলতে যেতিয়া ধোনীয়ে টীম ইণ্ডিয়াৰ অধিনায়কত্ব ত্যাগ কৰিছিল, সেই সময়ত বিৰাট কোহলীক অৰ্পণ কৰা হৈছিল এই দায়িত্ব ৷ কিন্তু বিৰাটৰ অধিনায়কত্ব বেছি দিন স্থায়ী নহ'ল ৷ বিৰাটৰ পৰা এই দায়িত্ব অৰ্পণ কৰা হৈছিল ৰোহিত শৰ্মাক ৷ সেই সময়ত বিৰাট কোহলীৰ কেৰিয়াৰত বহুতো উত্থান-পতন ঘটিছিল । এই কঠিন সময়ত ধোনীয়ে বিৰাটৰ সৈতে বাৰ্তালাপ কৰি তেওঁক যথেষ্ট সহায় কৰিছিল ।

বিৰাট কোহলীয়ে টি-20 বিশ্বকাপ 2024 ত ভাৰতৰ হৈ বেটেৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল । অৱশ্যে বিৰাটে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাছিল । পৰৱৰ্তী সময়ত 19 ছেপ্টেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰা দেখা যাব ৷

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ সৈতে যাব নেকি নিৰাপত্তাবাহিনী: চেম্পিয়নছ ট্ৰফীক লৈ চলিছে জল্পনা-কল্পনা - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.