ETV Bharat / sports

খেলুৱৈসকলৰ মাজতো ক্ৰমাৎ বৃদ্ধি হৃদৰোগ: বিখ্যাত বডীবিল্ডাৰ ইলিয়া গোলেম য়েফিমচিকৰ মৃত্যু - ILLIA GOLEM YEFIMCHYK

author img

By ETV Bharat Sports Team

Published : Sep 14, 2024, 7:30 PM IST

Bodybuilder died of heart attack: বৰ্তমান সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হৃদৰোগত আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে এগৰাকী খেলুৱৈৰ ৷ খেলুৱৈগৰাকীনো কোন জানিবলৈ পঢ়ক বিতং খবৰ...

ILLIA GOLEM YEFIMCHYK
ইলিয়া গোলেম য়েফিমচিক (Illia Golem Facebook)

স্প’ৰ্টছ ডেস্ক, 14 ছেপ্টেম্বৰ: বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকে আক্ৰান্ত হয় হৃদৰোগত ৷ বৰ্তমান সময়ৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসেই হৈছে হৃদৰোগৰ মূল কাৰণ ৷ প্ৰাপ্তবয়স্কৰ তুলনাত যুৱচামৰ মাজত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা ৷

নিয়মিত ব্যায়াম আৰু যোগাভ্যাস কৰা লোকসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা তেনেই কম বুলি সাধাৰণতে চিকিৎসকসকলে সদৰী কৰে ৷ পিছে কঠোৰ পৰিশ্ৰম আৰু সুষম আহাৰ গ্ৰহণ কৰা খেলুৱৈসকলৰ মাজতো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে হৃদৰোগৰ সংখ্যা ৷ তেনে এগৰাকী খেলুৱৈয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ ঘটনা পোহৰলৈ আহে ৷

হৃদৰোগত আক্ৰান্ত হৈ ইলিয়া গোলেমৰ মৃত্যু

বিখ্যাত বডীবিল্ডাৰ তথা এথলীট ইলিয়া গোলেম য়েফিমচিকে যোৱা সপ্তাহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷ মৃত্যুৰ সময়ত খেলুৱৈগৰাকীৰ বয়স আছিল মাত্ৰ 36 বছৰ ৷ খেলুৱৈগৰাকীৰ শৰীৰটোৱে বহন কৰিছিল অতিৰিক্ত ওজন ৷ লগতে বাইচেপ আৰু সমগ্ৰ শৰীৰটো আছিল প্ৰয়োজনতকৈ যথেষ্ট ডাঙৰ । কঠোৰ পৰিশ্ৰম কৰি এনে এক শৰীৰ গঠন কৰি তুলিছিল বডীবিল্ডাৰগৰাকীয়ে ৷

শেহতীয়াকৈ হৃদৰোগত আক্ৰান্ত হৈ এই পৃথিৱীৰ পৰা চিৰবিদায় মাগে খেলুৱৈগৰাকীয়ে । ইলিয়া গোলেমৰ মৃত্যুৰ তথ্য পত্নীয়ে সামাজিক মাধ্যমত পোষ্ট কৰি ৰাজহুৱা কৰিছিল ।

ইলিয়া গোলেমে এদিনত গ্ৰহণ কৰিছিল 16,500 কেলৰি

তথ্য অনুসৰি 36 বছৰীয়া বেলাৰুছৰ বডীবিল্ডাৰজন বিগত 6 ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত কোমালৈ যায় ৷ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে গোলেমৰ ।

খেলুৱৈগৰাকীয়ে তেওঁৰ 25 ইঞ্চি বাইচেপৰ বাবে দিনে গ্ৰহণ কৰিছিল 16,500 কেলৰি ৷ তদুপৰি অবিশ্বাস্য 6 ফুট তথা 340 পাউণ্ডৰ শৰীৰটো অটুট ৰাখিবলৈ দিনে গ্ৰহণ কৰিছিল 7 বাৰকৈ খাদ্য ৷ ইয়েফিমচিক শৰীৰ নিৰ্মাণ পৃথিৱীত মিউটেণ্ট হিচাপে জনাজাত ৷

কিহৰ বাবে কম বয়সতে বৃদ্ধি পাইছে হৃদৰোগ

বৰ্তমান অত্য়াধুনিক জীৱনশৈলী আৰু নিজকে সুস্থ ৰাখিবলৈ কৰা নিয়মীয়া পৰিমাণৰ অত্যাধিক ব্যায়াম হৈছে হৃদৰোগ বৃদ্ধিৰ অন্যতম কাৰণ ৷ এই জীৱনশৈলীয়ে যুৱপ্ৰজন্ম তথা সকলো বয়সৰে লোকক প্ৰভাৱিত কৰিছে, যাৰ ফলত বৃদ্ধি হৈছে হৃদৰোগত আক্ৰান্তৰ সংখ্যা ।

আমেৰিকান জাৰ্ণেল অৱ ক্লিনিকেল এণ্ড ডায়গ’নষ্টিক ৰিচাৰ্ছৰ প্ৰতিবেদন অনুসৰি, 2015 চনলৈ ভাৰতত প্ৰায় 6.5 নিযুত লোক হৃদৰোগত আক্ৰান্ত হৈছিল । ইয়াৰ ভিতৰত প্ৰায় 2.5 কোটি লোকৰ বয়স 40 বছৰ বা তাতকৈ কম বুলি জনা গৈছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, যোৱা 10 বছৰত আমাৰ দেশত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 75 শতাংশলৈ বৃদ্ধি পাইছে । হৃদযন্ত্ৰৰ এটা অংশই তেজ আৰু অক্সিজেন পৰিবহণ কৰিবলৈ অক্ষম হোৱাৰ পৰিপ্ৰেক্ষিততে বৃদ্ধি হৈছে হৃদৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা ৷

লগতে পঢ়ক: ফুটবল প্ৰশিক্ষকৰ বিৰুদ্ধে কিশোৰক যৌন নিৰ্যাতনৰ অভিযোগ: গোচৰ ৰুজু - ALLEGATION OF MOLESTATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.