ETV Bharat / sports

শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা ভাৰতীয় পেচবলাৰ মহম্মদ ছামীৰ - MOHAMMED SHAMI

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 7:11 PM IST

Mohammed Shami started bowling : ভাৰতৰ দ্ৰুতবলাৰ মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ৷ ইতিমধ্যে খেলুৱৈগৰাকীয়ে আৰম্ভ কৰিছে নেট বলিং অনুশীলন ৷ শীঘ্ৰেই টীম ইণ্ডিয়াৰ হৈ খেলপথাৰত নমা দেখা যাব ছামীক ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

MOHAMMED SHAMI
ভাৰতীয় পেচবলাৰ মহম্মদ ছামী (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 17 জুলাই: ভাৰতীয় ক্ৰিকেট দলৰ দৰ্শক তথা অনুৰাগীসকলৰ বাবে এক ভাল খবৰ ৷ শীঘ্ৰে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন ঘটিব ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুতবলাৰ মহম্মদ ছামীৰ ৷ ইতিমধ্যে খেলুৱৈগৰাকীয়ে আঘাতৰ পৰা আৰোগ্য লাভ কৰি আৰম্ভ কৰিছে নেট বলিং অনুশীলন ৷ এয়া ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে নিশ্চিতভাৱে এক সুখবৰ ৷

ভাৰতীয় বলাৰগৰাকীয়ে দীৰ্ঘদিনে আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰত আছে ৷ ছামীক শেষবাৰৰ বাবে আই চি চি এদিনীয়া বিশ্বকাপ 2023 ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নমা দেখা গৈছিল ৷ সোঁভৰিৰ গোৰোহাৰ আঘাতৰ বাবে ক্ৰিকেটৰ পৰা সাময়িক বিৰতি লৈ মাৰ্চত অস্ত্ৰোপচাৰ কৰোৱাইছিল মহম্মদ ছামীয়ে । খেলুৱৈগৰাকীয়ে দ্ৰুত আৰোগ্য় লাভ কৰাৰ সুবাদতে ভাৰতীয় ক্ৰিকেট দললৈ শীঘ্ৰে প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে ৷

ভাৰত আৰু বাংলাদেশে ছেপ্টেম্বৰত দুখনকৈ টেষ্ট মেচৰ ঘৰুৱা শৃংখলাত অংশগ্ৰহণ কৰিব ৷ মহম্মদ ছামীয়ে এই টেষ্ট শৃংখলাত অংশগ্ৰহণৰ সম্ভাৱনা আছে ৷ কিন্তু শৃংখলাটোত স্থান লাভ কৰাটো সম্পূৰ্ণৰূপে ছামীৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব ।

2023 চনৰ এদিনীয়া বিশ্বকাপত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল মহম্মদ ছামীয়ে ৷ এই শৃংখলাৰ 7 খনকৈ মেচত 24 টা উইকেট দখল কৰে ভাৰতীয় বলাৰগৰাকীয়ে । ছামীয়ে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা ফাইনেল মেচখনত দখল কৰিছিল 7 টাকৈ উইকেট ৷ এই সফলতাই শৃংখলাৰ সৰ্বাধিক উইকেট দখলকাৰীত পৰিগণিত কৰে ভাৰতীয় বলাৰগৰাকীক । যাৰ বাবে আই চি চি পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 ত কৰা অসাধাৰণ প্ৰদৰ্শনৰ বাবে ভাৰতৰ পেচবলাৰ মহম্মদ ছামীক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ; অৰ্জুন বঁটা গ্ৰহণ মহম্মদ শ্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.