ETV Bharat / sports

একেখন খেলত দুটাকৈ দলৰ হকে খেলাতো কেনেদৰে সম্ভৱ ? ডেনি জনছেনে ৰচিলে ইতিহাস - DANNY JANSEN RECORD

author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 3:41 PM IST

Major league baseball: একেখন খেলত এগৰাকী খেলুৱৈৰ দুয়োটা দলৰ হকে অংশগ্ৰহণ । পিছে এয়া কেনেকৈ সম্ভৱ ? শুনাত অসম্ভৱ যেন লাগিলেও আমেৰিকাৰ বিখ্যাত মেজৰ লীগত সেয়াই ঘটিছিল । একেখন খেলত দুয়োটা দলৰ হৈ খেলা খেলুৱৈত পৰিণত হৈছিল ডেনি জনছেন । পিছে এই ডেনি জনছেননো কোন জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

DANNY JANSEN RECORD
ডেনি জনছেন (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেজৰ লীগ বেছবল কেচাৰ ডেনি জনছেনে এক চমকপ্ৰদ সাফল্য অৰ্জনৰে গঢ়ে এক অভিলেখ ৷ জনছেন একেখন খেলত অংশগ্ৰহণ কৰা দলবোৰৰ হৈ খেলা প্ৰথমগৰাকী খেলুৱৈত পৰিণত হৈছিল । একেজন খেলুৱৈয়ে দুটা দলৰ হৈ খেলত কেনেদৰে অংশগ্ৰহণ কৰিব পাৰে, সেয়া শুনিলে আচৰিত হ'ব আপুনি । কিন্তু প্ৰকৃততে খেলপথাৰত সেয়াই ঘটিছিল ।

দৰাচলতে জনছেনে 26 জুনত বষ্টন ৰেড চক্সৰ বিৰুদ্ধে টৰণ্টো ব্লু জেছৰ হৈ বেটিং কৰিবলৈ খেলপথাৰত নামিছিল ৷ খেলৰ মাজতে বৰষুণে বাধা প্ৰদান কৰাত খেলখন পিছুৱাই দিয়া হয় ৷ নিৰ্ধাৰিত সময়তকৈ এমাহ পিছত অৰ্থাৎ 27 জুলাইত জনছেনক ৰেড চক্সলৈ স্থানান্তৰ কৰা হয় ৷ যাৰ ফলত তেওঁ বৰষুণৰ বাবে পিছুৱাই দিয়া খেলখনত নিজৰ দলৰ বিৰুদ্ধে খেলাৰ সুবিধা লাভ কৰে ।

জনছেনে তেওঁৰ স্থানান্তৰৰ পিছত অৱশ্যে ৰেড চক্সৰ হৈ একাধিক খেলত অংশগ্ৰহণ কৰা নাই ৷ বৰষুণৰ বাবে পিছুৱাই দিয়া খেলখন সোমবাৰে পুনৰ আৰম্ভ হোৱাত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছিল । এইটোৱে এম এল বি তাৰকা ডেনি জনছেনক একেখন খেলত দুয়োটা দলৰ হৈ খেলিবলৈ সুযোগ প্ৰদান কৰে ৷ কেচাৰ ডেনি জনছেনে একেখন খেলতে বষ্টন ৰেড চক্স আৰু টৰণ্টো ব্লু জেছৰ হৈ খেলি অভিলেখ সৃষ্টি কৰে ।

জনছেনে এথলেটিকছৰ সৈতে হোৱা বাৰ্তলাপত এনেদৰে কয়, "মই নাজানো এই সিদ্ধান্তই খেলপথাৰত কেনেদৰে কাম কৰে । মই ইয়াৰ বিষয়ে বহুবাৰ শুনিছো" । বৰষুণৰ বাবে খেল পুনৰ আৰম্ভ হোৱাৰ আগতে জেনছেনে কৈছিল, "মই কেৱল মোৰ মূৰ তললৈ কৰি খেলি যাম । এয়া নিশ্চিতভাৱে এটা ভাল দিশ"।

"নিশ্চিতভাৱে কৃতজ্ঞ । সঁচাকৈয়ে যেতিয়া মই এই বিষয়ে শুনিছিলো, মই ভবা নাছিলো যে মই এইটো কাম কৰা প্ৰথমগৰাকী ব্যক্তিত পৰিণত হ’ম । এই খেলখন দীৰ্ঘদিন ধৰি চলি আছে । এয়া এই খেলত ঘটি থকা সেই বিচিত্ৰ ঘটনাবোৰৰে মাজৰ এটা । ই অত্যন্ত বিৰল আৰু দৰ্শনীয়" ৷

লগতে পঢ়ক: বিৰাট কোহলী ইতিহাসৰ শ্ৰেষ্ঠ ফিনিচাৰ আৰু সৰ্বশ্ৰেষ্ঠ হোৱাইট বল খেলুৱৈ: জেমছ এণ্ডাৰছন - JAMES ANDERSON ON VIRAT KOHLI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.