স্পৰ্টছ ডেস্ক, 14 এপ্ৰিল : আই পি এল 2024 ৰ 29 সংখ্যক মেচখনত দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এক উত্তেজনাপূৰ্ণ খেলত চেন্নাই ছুপাৰ কিংছৰ হাতত 20 ৰাণত পৰাস্ত হ’ল মুম্বাই ইণ্ডিয়ানছ ৷ জয়ৰ বাবে 207 ৰাণৰ লক্ষ্যৰ পম খেদি অপেনাৰ ৰোহিত শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পিচতো নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ল ঘৰুৱা দলটো ৷
ৰোহিত শৰ্মাই 63 বলত 105 ৰাণৰ এক চমকপ্ৰদ ইনিংছ খেলিলেও আনটো মূৰত যথাযোগ্য সঁহাৰি নোপোৱাত অথলে যায় তেওঁৰ আইপিএল কেৰিয়াৰৰ দ্বিতীয়টো শতক ৷ ৰোহিতৰ ইনিংছটোত আছিল 11 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী ৷
ভাৰতীয় দলৰ অধিনায়কৰ বাদে মুম্বাইৰ কোনো এগৰাকী বেটছমেনেই বিশেষ অৱদান আগবঢ়োৱাত সফল নহ’ল ৷ তিলক বাৰ্মাই 31 ৰাণ আৰু ঈশান কিষণে 23 ৰাণ কৰাৰ বাদে বাকীসকলৰ প্ৰদৰ্শন আছিল হতাশাজনক ৷ চেন্নাইৰ হৈ মাথিছা পাথিৰানাই 28 ৰাণৰ বিনিময়ত 4 উইকেট দখল কৰি আলহী দলটোৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰে ৷
ৱাংখেড়েত টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় ঘৰুৱা দল মুম্বাইয়ে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি চেন্নাই চুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 206 ৰাণ ৷ দলৰ হৈ অধিনায়ক ৰুতুৰাজ গায়কোৱাডে সাৰ্বাধিক 69 ৰাণ সংগ্ৰহ কৰে ৷ শিৱম ডুবেই বিস্ফোৰক বেটিঙেৰে 66 ৰাণৰ এক অপৰাজিত ইনিংছ খেলে ৷ মুম্বাইৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই 2 টা উইকেট দখল কৰে ৷ আনহাতে গেৰাল্ড কোয়েটজী আৰু শ্ৰেয়স গোপালে দখল কৰে 1 টাকৈ উইকেট ৷
উল্লেখ্য যে, দেওবাৰৰ ফলাফলৰ পিচত চলিত সংস্কৰণৰ আই পি এলত 6 খন মেচৰ 4 খনত জয় আৰু 2 খনত পৰাজয়ৰ সৈতে 8 পইণ্টেৰে চেন্নাই ছুপাৰ কিংছ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে ৷ একে সময়তে মুম্বাই ইণ্ডিয়ানছে সমসংখ্যক খেলৰ ভিতৰত মাত্ৰ 2 খন খেলত জয়লাভ কৰি 4 পইণ্টেৰে পইণ্ট তালিকাত অষ্টম স্থানত আছে ৷
লগতে পঢ়ক : ইডেনত কলকাতাৰ হাতত 8 উইকেটত পৰাস্ত লক্ষ্ণৌ - IPL 2024