ETV Bharat / sports

নীৰজৰে কি কথা-বতৰা হৈছিল মনু ভাকৰৰ মাতৃৰ ? সুমেধা ভাকৰে কৰিলে প্ৰকাশ - Rumours of Manu and Neeraj Affair

author img

By ETV Bharat Sports Team

Published : Aug 13, 2024, 7:56 PM IST

Manu Bhaker mother Sumedha Bhaker: ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ সৈতে ভাইৰেল ভিডিঅ’টোত কি কথা-বতৰা হৈছিল মনু ভাকৰৰ মাতৃৰ ? মনুৰ পিতৃৰ স্পষ্টীকৰণৰ পাছত মাতৃ সুমেধা ভাকৰে ক’লে নীৰজৰে হোৱা কথা-বতৰা সন্দৰ্ভত । পঢ়ক সম্পূৰ্ণ খবৰ।

Manu Bhaker mother sumedha Bhaker
মনু ভাকৰ আৰু নীৰজ চোপ্ৰা (IANS Photo)

স্প’ৰ্টছ ডেস্ক, ১৩ আগষ্ট: পেৰিছ অলিম্পিক ২০২৪ৰ পিচত নীৰজ চোপ্ৰাই মনু ভাকৰ আৰু মাতৃ সুমেধা ভাকৰৰ সৈতে মত বিনিময় কৰা দুটা ভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । এই ভাইৰেল ভিডিঅ’বোৰে নীৰজ চোপ্ৰা আৰু মনু ভাকৰৰ মাজত সম্পৰ্ক থকা উৰাবাতৰিত ইন্ধন যোগাইছিল আৰু তেওঁলোকৰ বিবাহ সম্পৰ্কীয় আলোচনাও তীব্ৰতৰ হৈ পৰিছিল ।

নীৰজ আৰু মনুৰ মাতৃৰ ভিডিঅ' ভাইৰেল:

মনু ভাকৰৰ মাতৃ সুমেধা ভাকৰ আৰু নীৰজ চোপ্ৰাৰ সাক্ষাৎকাৰৰ এই ভিডিঅ'টোত মানুহে ধেমালিতে কয় যে, জেভেলিন থ্ৰ' ষ্টাৰগৰাকী তেওঁৰ কন্যাৰ বাবে উপযুক্ত সংগী হয়নে জানিবলৈ কথা পাতিছে । পেৰিছ অলিম্পিকৰ তাৰকা দুগৰাকীৰ বিবাহৰ উৰাবাতৰি সন্দৰ্ভত মনুৰ পিতৃ ৰাম কিষাণ ভাকৰে স্পষ্টীকৰণ দিয়াৰ পিচত মনুৰ মাতৃ সুমেধাই নীৰজৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে মুকলিকৈ কয় ।

লগতে পঢ়ক: প্ৰেমৰ ডোলেৰ বান্ধ খাইছে নেকি মনু ভাকৰ আৰু নীৰজ চোপ্ৰা ? ছ'চিয়েল মিডিয়াত তীব্ৰ চৰ্চা - Paris Olympics 2024

মনুৰ মাতৃয়ে প্ৰকাশ কৰিলে মনৰ গোপন কথা:

দেওবাৰে পেৰিছ গেমছৰ সামৰণি অনুষ্ঠানৰ পিচত ভাৰতীয় দলটো ঘৰলৈ উভতি অহাৰ পিচত পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সুমেধাই কয় যে নীৰজক লগ পাই তেওঁ সুখী আৰু নীৰজ তেওঁৰ বাবে পুত্ৰৰ দৰে ৷ তেওঁ আশা কৰে যে তেওঁৰ কন্যাৰ লগতে সকলো পদক বিজয়ীয়ে দেশলৈ অধিক সন্মান কঢ়িয়াই আনিব ।

তেওঁৰ লগতে কয়, "মই তেওঁৰ (মনু ভাকৰ) বাবে সুখী । খেলুৱৈসকলৰ বাবেও মই সুখী । পেৰিছলৈ যাওঁতে হকী দল, অমন ছেহৰাৱত, নীৰজ চোপ্ৰাক লগ পাইছিলো । সকলোৰে বাবে মই বৰ সুখী হৈছিলো । মই মাথোঁ আশা কৰিছো এই সকলো খেলুৱৈয়ে পদক লাভ কৰি থাকিব আৰু এই দেশৰ সকলো মাতৃ সুখী হৈ থাকিব ।"

মনুৰ দেউতাকে স্পষ্ট কৰিলে সকলো কথা

দৈনিক ভাস্কৰৰ সৈতে কথা পাতি মনুৰ দেউতাকে কৈছিল, "মনু এতিয়াও বহুত সৰু । তেওঁৰ বিয়াৰ বয়সো হোৱা নাই । এই মুহূৰ্তত আমি এই বিষয়ে ভবাও নাই ।" ইফালে মনুৰ মাতৃ সুমেধাই নীৰজৰ সৈতে কথা পতা ভিডিঅ’টোৰ সন্দৰ্ভত তেওঁ কছিল, "মনুৰ মাকে নীৰজক পুত্ৰৰ দৰেই ব্যৱহাৰ কৰে ।"

লগতে পঢ়ক: বিয়াত বহিব নেকি মনু ভাকৰ-নীৰজ চোপ্ৰা ? বিষয়টোত ষ্টাৰ শ্বুটাৰৰ পিতৃয়ে প্ৰথমবাৰৰ বাবে খুলিলে মুখ - rumours of Manu and Neeraj Affair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.