স্প’ৰ্টছ ডেস্ক: সোমবাৰে স্পেনিছ ফুটবলৰ এক ঐতিহাসিক মুহূৰ্তত ম্যানচেষ্টাৰ চিটিৰ মিডফিল্ডাৰ ৰোড্ৰিৰ নাম সন্মানীয় বেলন ডি'অৰ বঁটা বিজয়ী হিচাপে ঘোষণা কৰা হয় ।
ম্যানচেষ্টাৰ চিটিৰ ৰোড্ৰিৰ বেলন ডি'অৰ 2024 খিতাপ জয়
28 বছৰীয়া ৰোড্ৰিয়ে ৰিয়েল মাদ্ৰিদৰ ভিনিচিয়াছ জুনিয়ৰ আৰু জুড বেলিংহামৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি লাভ কৰে এই বঁটা । বিগত ছিজনত, ৰোড্ৰিয়ে চিটিৰ একেৰাহে চতুৰ্থ খিতাপ দখলত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা ।
Rodri, it's all yours! #ballondor pic.twitter.com/OeyieiRQYe
— Ballon d'Or (@ballondor) October 28, 2024
তেওঁ এই বছৰৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপতো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছিল ৷ য’ত স্পেইনে অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ দখল কৰিছিল ।
1990 চনত লোথাৰ মাথাছৰ পিছত এই বঁটা লাভ কৰা ৰোড্ৰি স্পেইনৰ প্ৰথম ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে পৰিচিত হৈছিল । আলফ্ৰেডো ডি ষ্টেফানো (1957 আৰু 1959) আৰু লুইছ চুয়াৰেজ (1960)ৰ পিছত এই বঁটা লাভ কৰা তৃতীয়গৰাকী স্পেনিছ ফুটবলাৰত পৰিগণিত হয় ৰোড্ৰি ।
Press conference time for Rodri! #ballondor pic.twitter.com/G6OF8gggJ2
— Ballon d'Or (@ballondor) October 28, 2024
এই বঁটা স্পেনিছ ফুটবলৰ বাবে এক বিজয়ৰ দৰে
ৰোড্ৰিয়ে বঁটা গ্ৰহণ কৰি কৈছিল যে, "এই বঁটা স্পেনিছ ফুটবলৰ বাবে এক বিজয় । আজিৰ জয় মোৰ বাবে নহয়, এয়া স্পেনিছ ফুটবলৰ বাবে ৷ আন বহুতো খেলুৱৈৰ বাবে, যিসকলে ইয়াক লাভ কৰিব পৰা নাই ৷ তেওঁলোকে ইয়াৰ যোগ্য যেনে (আন্দ্ৰেছ) ইনিয়েষ্টা, জাভি (হাৰ্ণাণ্ডেজ), ইকাৰ (কাচিলাছ), চাৰ্জিঅ’ বাস্কুৱেটছ আৰু আন বহুতো । এয়া স্পেনিছ ফুটবল আৰু মিডফিল্ডাৰৰ ব্যক্তিত্বৰ বিষয়" ৷
The 2024 winners list! #ballondor pic.twitter.com/kV28kY5io7
— Ballon d'Or (@ballondor) October 28, 2024
মেছি বা ৰ’নাল্ডো নহয়
2008 চনৰ পিছত এয়া মাত্ৰ তৃতীয়বাৰৰ বাবে আছিল, য’ত লিঅ’নেল মেছি বা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ বাহিৰেও আন এজন খেলুৱৈয়ে এই বঁটা লাভ কৰিছিল । 2003 চনৰ পিছত এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল য’ত দুয়োজন তাৰকা খেলুৱৈৰ কোনোৱেই এই বঁটাটোৰ বাবে মনোনীত ব্যক্তিৰ তালিকাত স্থান লাভ কৰা নাছিল ৷ যাৰ ফলত ফুটবলত এটা যুগৰ পৰিসমাপ্তি ঘটিছিল ।
লেমিন য়ামাল শ্ৰেষ্ঠ
অন্যান্য বঁটা সমূহৰ শাখাত ৰাষ্ট্ৰীয় দলত ৰোড্ৰিৰ সতীৰ্থ লেমিন য়ামালে শ্ৰেষ্ঠ অনুৰ্ধ-21 খেলুৱৈৰ শাখাত কোপা ট্ৰফী জয় কৰিছিল ৷ আনহাতে, আইতানা বোনামতীয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে বেলন ডি'অৰ জিকিছিল ।
The 2024 Ballon d'Or full ranking! ✨#ballondor pic.twitter.com/eQgfogUI8y
— Ballon d'Or (@ballondor) October 28, 2024
হাৰমোচোলৈ ছক্ৰেটিছ পুৰস্কাৰ
ফুটবলত মহিলাৰ অধিকাৰৰ যুঁজত থকা গুৰুত্বপূৰ্ণ ভূমিকা আৰু ক্ৰীড়াত লিংগ বৈষম্যৰ বিৰুদ্ধে সাহসী স্থিতিৰ বাবে জেনিফাৰ হাৰমোচোক প্ৰদান কৰা হৈছিল ছক্ৰেটিছ বঁটা । ৰিয়েল মাদ্ৰিদ বছৰটোৰ পুৰুষৰ ক্লাব আছিল ৷ আনহাতে, মেনেজাৰ কাৰ্লো আন্চেলোটিক বছৰটোৰ পুৰুষৰ প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰা হৈছিল ।