স্পৰ্টছ ডেস্ক, ২৩ জুন : টি-২০ বিশ্বকাপ ২০২৪ ৰ ৪৬ সংখ্যক মেচখন অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত আফগানিস্তানে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায় ৷ য’ত আফগানিস্তানে কেংগাৰু বাহিনীক ২১ ৰাণত পৰাস্ত কৰে । এই জয়ৰ লগে লগে আফগানিস্তান দলটো ছেমি ফাইনেলত প্ৰৱেশৰ আশাও বঢ়া দেখা গৈছে ।
খেলৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি আফগানিস্তানক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰিবলৈ অহা আফগানিস্তানৰ অ’পেনিং বেটছমেনসকলে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়ায় । অষ্ট্ৰেলিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানক ২০ অভাৰত ১৪৮ ৰাণ সংগ্ৰহ কৰিবলৈ সুযোগ দিয়ে ৷ ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানৰ অৰ্ধশতকৰ সহায়ত আফগানিস্তানে ১৪৮ ৰাণ সংগ্ৰহ কৰে ।
কেৱল এয়াই নহয়, এই দুয়োগৰাকী অ’পেনাৰে প্ৰথম উইকেটত ৯৫ টা বলত ১১৮ ৰাণৰ সংগ্ৰহ কৰে । কিন্তু এই দুজন আউট হোৱাৰ পাচত দলটোৱে মাত্ৰ ৩০ ৰাণহে কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : আমেৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়; নায়কৰ ৰূপত ৰ'ষ্টন চেজ - T20 World Cup 2024
ইফালে ৰহমানুল্লাহ গুৰবাজে ৪৯ টা বলত ৬০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ইব্ৰাহিম জাদ্ৰানে ৪৮ বলত ৫১ ৰাণ সংগ্ৰহ কৰে ৷ তেওঁ চাৰিৰ বিপৰীতে কেৱল ৬ টা ছয় মাৰিবলৈ সক্ষম হয় ৷ এই দুজন বেটছমেনৰ বাহিৰে আন কোনোৱে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷ ফলত দলটোৱে মাত্ৰ ১৪৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷
কৰিম জান্নাতে ৯ বলত ১৩ ৰাণ, অধিনায়ক ৰছিদ খানে ৫ বলত ২ ৰাণ, মহম্মদ নবীয়ে ৪ বলত ১০ ৰাণ আৰু গুলবাদিন নাইবে ০ ৰাণ সংগ্ৰহ কৰি খেলপথাৰৰ পৰা উভতি আহিবলৈ বাধ্য হয় ।
এই মেচত অষ্ট্ৰেলিয়াৰ বলাৰ পেট কমিন্সে অভিলেখ গঢ়ি বিশ্বকাপৰ দ্বিতীয়টো হেট্ৰিক দখল কৰে । ইয়াৰ বাহিৰেও এডাম জাম্পাই ২ টা আৰু মাৰ্কাছ ষ্টয়নিছে ১ টা উইকেট দখল কৰে ।
লগতে পঢ়ক : নয়ডাত বাংলাদেশ আৰু আফগানিস্তানৰ মাজত হ'ব খেল; বিচিচিআইয়ে দিলে অনুমতি - BAN vs AFG match in India
আফগানিস্তানৰ ১৪৯ ৰাণৰ লক্ষ্য ভেদিবলৈ অষ্ট্ৰেলিয়াই প্ৰথম অভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । নবীন উল হকে একেবাৰে তৃতীয় বলত অ’পেনাৰ ট্ৰেভিছ হেড (০)ক পেভিলিয়নৰ পথ দেখুৱাই দিয়ে । ইয়াৰ পাছত নবীনে পুনৰ দ্বিতীয়টো অভাৰত অধিনায়ক মিচেল মাৰ্ছক ১২ ৰাণত আউট কৰে । ষষ্ঠ অভাৰত ডেভিদ ৱাৰ্নাৰেও মাত্ৰ ৩ ৰাণ সংগ্ৰহ কৰি খেলৰ পৰা বাহিৰ হ’ব লগা হয় ।
অষ্ট্ৰেলিয়াৰ শেষ ভৰষা আছিল গ্লেন মেক্সৱেলৰ ওপৰত ৷ গ্লেন মেক্সৱেলে ৪১টা বলত ৫৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । এই খেলত গুলবাদিন নাইবক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় । ৪ অভাৰত ২০ ৰাণত ৪ উইকেট দখল কৰে । প্ৰতিটো অভাৰত নাইবে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।
ইয়াৰ পিছত নবীন উল হকে ৪ অভাৰত ২০ ৰাণত ৩টা উইকেট দখল কৰে । মেচত অধিনায়ক ৰছিদ খান, ফজল হক ফাৰুকী আৰু মহম্মদ নবীয়ে এটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক : ভাৰত বনাম বাংলাদেশ : ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশ - T20 WORLD CUP