ETV Bharat / sports

খেলপথাৰৰ বাহিৰত এগৰাকী ক্ৰিকেটাৰৰ অনন্য ৰূপ: ভগ্নীৰ সৈতে পালন কৰিলে ৰাখীবন্ধন - RAKSHABANDHAN 2024

author img

By ETV Bharat Sports Team

Published : Aug 19, 2024, 7:44 PM IST

Cricketer Suryakumar Yadav: টীম ইণ্ডিয়াৰ অন্যতম সদস্য সূৰ্যকুমাৰ যাদৱে সোমবাৰে এক আকৰ্ষণীয় ইনষ্টাগ্ৰাম কাহিনীৰ জৰিয়তে ভগ্নী দিনালক ৰাখীবন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ দিনালেও নিজৰ ইনষ্টাগ্ৰাম ফীডত দুয়োগৰাকীৰে ফটো পোষ্ট কৰি ককায়েকক একেই শুভেচ্ছা জনায় ৷

RAKSHABANDHAN 2024
ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ (IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ টি-20 ৰ নৱনিযুক্ত অধিনায়ক সূৰ্যকুমাৰ যাদৱে সোমবাৰে ৰাখীবন্ধন উপলক্ষে ভগ্নী দিনাল যাদৱক ইনষ্টাগ্ৰামৰ জৰিয়তে জনাই শুভেচ্ছা ৷ যাদৱে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰা দেখা গৈছে, য’ত ভাতৃ-ভগ্নী দুয়োৰে জীৱনৰ কিছু বিশেষ মুহূৰ্ত অন্তৰ্ভুক্ত হৈ আছে ।

সূৰ্যকুমাৰে ভগ্নীক তেওঁৰ আন এটা ধেমেলীয়া সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে আনন্দপূৰ্ণ ৰাখীবন্ধনৰ বাবে শুভেচ্ছা জনাইছিল । পোষ্টটোত ক্ৰিকেটাৰগৰাকীয়ে ভগ্নী দিনালক এটা হাই-ফাইভ দিয়া দেখা যায় ৷ এই বিশেষ মুহূৰ্তটোত দুয়োকে হাঁহিমুখে থকাও পৰিলক্ষিত হয় ৷

সূৰ্যই লিখিছিল এনেদৰে, "শুভ ৰাখীবন্ধন, উন্মাদনা একেবাৰে শীৰ্ষ পৰ্যায়ৰ" ৷

RAKSHABANDHAN 2024
সূৰ্যকুমাৰ যাদৱৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Screengrab of Suryakumar Yadav's Instagram Story)

ক্ৰিকেটাৰগৰাকীৰ 34 বছৰীয়া ভগ্নীয়ে আমেৰিকান বহুজাতিক প্ৰসাধন কোম্পানী এষ্টি লডাৰত ভিজুৱেল মাৰ্চেণ্ডাইজিং পৰিকল্পনাকাৰী হিচাপে কৰ্মৰত । তেওঁ মুম্বাইৰ পাৰ্ল একাডেমীৰ পৰা ফেশ্বন ব্যৱসায়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।

দিনালেও ভাতৃৰ সৈতে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি লিখিছিল, "শুভ ৰাখী ককাইদেউ । একেলগে থকাৰ আনন্দ আমাৰ নীৰৱ প্ৰেমৰ দৰে ৷ ইতিমধ্য়েই থাকিব লৈছোঁ । সদায়ে আমাৰ খিচিৰি ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত আচাৰ হৈ থাকিব" ৷

ক্ৰিকেটৰ ক্ষেত্ৰত বিস্ফোৰক সোঁহতীয়া বেটছমেনগৰাকীৰ নেতৃত্বত তেওঁৰ দলটোৱে আয়োজক শ্ৰীলংকাৰ বিৰুদ্ধে ক্লীন চুইপ কৰি শৃংখলাটো সফলতাৰে 3-0 ত দখল কৰে । ষ্টাইলিছ বেটছমেনগৰাকীয়ে তিনিটা ইনিংছত সংগ্ৰহ কৰিছিল 92 ৰাণ ৷ লগতে প্লেয়াৰ অৱ দ্য চিৰিজ হিচাপেও বিবেচিত হৈছিল ৷

সূৰ্য বৰ্তমান চলিত বুচি বাবু টুৰ্ণামেণ্টৰ মুম্বাই দলৰ অংশ । অৱশ্যে 5 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া সন্মানীয় দিলীপ ট্ৰফী 2024 আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ ইণ্ডিয়া চি দলত যোগদান কৰিব ।

লগতে পঢ়ক: কলকাতাৰ চিকিৎসকক ধৰ্ষণ-হত্যা: ভাতৃ, স্বামী, বন্ধু আৰু পিতৃক শিক্ষিত কৰাৰ আহ্বান ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱৰ - TRAINEE DOCTOR RAPE MURDER CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.