ETV Bharat / sports

মই বিচাৰো বৰপথাৰৰ পৰা অলিম্পিকলৈ আৰু খেলুৱৈ যাব লাগে: লাভলীনা - LOVLINA AND JAMUNA BODO

টকিঅ’ অলিম্পিকৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৰপথাৰত উপস্থিত লাভলীনা বৰগোহাঁই ৷ বক্সাৰগৰাকীৰ সৈতে উপস্থিত থাকে যমুনা বড়ো ৷ পঢ়ক সবিশেষ খবৰ...

LOVLINA AND JAMUNA BODO
বৰপথাৰত লাভলীনা আৰু যমুনা বড়ো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 1, 2024, 7:02 PM IST

স্প’ৰ্টছ ডেস্ক: "বৰপথাৰৰ লাভলীনা বক্সিং একাডেমী আৰম্ভ হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে আহিছো । অলিম্পিকত ব্যস্ত হৈ থকাৰ বাবে আহিব পৰা সম্ভৱ হোৱা নাছিল"- এই মন্তব্য টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ ।

গোলাঘাট জিলাৰ বৰপথাৰৰ গৃহভূমিত শনিবাৰে উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে অসম কন্যা তথা বক্সাৰ লাভলীনা বৰগোহাঁয়ে । এই ভ্ৰমণৰ সময়ত লাভলীনাৰ সৈতে উপস্থিত থাকে অন্যতম প্ৰতিভাৱান বক্সাৰ যমুনা বড়ো ৷ দুয়োগৰাকী খেলুৱৈয়ে বিয়লিৰ ভাগত পৰিদৰ্শন কৰে লাভলীনা বৰগোহাঁই বক্সিং একাডেমি ৷

খেলুৱৈ দুগৰাকীৰ উপস্থিতিত স্বাভাৱিকতে আনন্দিত হৈ পৰে একাডেমীখনত বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকল ৷

বৰপথাৰত লাভলীনা বৰগোহাঁই (ETV Bharat)

লাভলীনাই একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এনেদৰে কয়, "এই একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকল গাঁৱৰে ল'ৰা-ছোৱালী । মই সকলোতে জড়িত হ’ম, অলিম্পিকলৈ চাৰিবছৰ আছে । এইখন বক্সিং একাডেমিৰ পৰা অলিম্পিকলৈ যাতে খেলুৱৈ যাব পাৰে তাৰ প্ৰতি মই গুৰুত্ব দিম । প্ৰতিযোগিতাসমূহত অৱতীৰ্ণ হ'ব পৰাকৈ একাডেমিৰ খেলুৱৈসকলক বক্সিঙৰ কৌশলসমূহ শিকাব লাগিব । মই বিচাৰো বৰপথাৰৰ পৰা অলিম্পিকলৈ আৰু খেলুৱৈ যাব লাগে ৷’’

উল্লেখ্য যে, আগন্তুক দিনত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাসমূহত নিজকে কেনেদৰে প্রস্তুত কৰি তুলিব লাগিব, সেই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক টিপছ প্ৰদান কৰে লাভলীনাৰ লগতে যমুনা বড়োৱে ।

সমান্তৰালকৈ যমুনা বড়োৱে কয় যে, "খেলৰ বহুকেইটা লাভালাভ আছে ৷ এগৰাকী খেলুৱৈয়ে খেলৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে বেমাৰ-আজাৰৰ পৰা বাচি থাকিব পাৰে ৷ তদুপৰি আন আন বহুকেইটা সুবিধা লাভ কৰিব পাৰে খেলৰ জৰিয়তে ৷ অসমৰ খেলুৱৈসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক আগবঢ়াই লৈ যোৱাটোৱে আমাৰ লক্ষ্য" ৷

লগতে পঢ়ক: 94 বছৰীয়া আইতাৰ কান্ধত এজাক তৰুণৰ গধুৰ দায়িত্ব... কি কয় অভিজিত ভট্টাচাৰ্যই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.