ETV Bharat / sports

অনুৰাগীৰ মাজত হ’ব তীব্ৰ যুঁজ; ৰ’নাল্ডোৰ অভিলেখৰ সৈতে সমতা স্থাপন লিঅ’নেল মেছিৰ

Messi vs Ronaldo records: মেছি-ৰ’নাল্ডোৰ অনুৰাগীসকলৰ মাজত পুনৰ এবাৰ তীব্ৰতৰ হ'ব যুঁজ ৷ কিয়নো মেছিয়ে ৰ’নাল্ডোৰ সৈতে এই অভিলেখৰ একে শাৰীতে উপনীত হৈছে ৷

author img

By ETV Bharat Sports Team

Published : 3 hours ago

FIFA WORLD CUP QUALIFIERS
লিঅ’নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ: আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে পৰ্তুগালৰ মহান আৰু চিৰ প্ৰতিদ্বন্দ্বী ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ 10 টা আন্তঃৰাষ্ট্ৰীয় অভিলেখৰ সৈতে স্থাপন কৰিছে সমতা ৷ এই গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈত পৰিণত হৈছে মেছি ।

বুধবাৰে আৰ্জেণ্টিনা আৰু বলিভিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া 2026 চনৰ বিশ্বকাপৰ বাবে দক্ষিণ আমেৰিকাৰ যোগ্যতা অৰ্জনৰ সময়ত মেছিয়ে অৰ্জন কৰে এই ঐতিহাসিক কৃতিত্ব ।

ৰ’নাল্ডোৰ সৈতে সমতা স্থাপন মেছিৰ

খেলখনৰ সময়ত মেছিয়ে নিজৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰি গ’ল প্ৰদানৰ অভিলেখ স্থাপন কৰে ৷ দলটোৰ হৈ প্ৰদান কৰা দুটাকৈ গ’লত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰকা ফুটবলাৰগৰাকীয়ে । তেওঁৰ অৱদানে দলটোক কলম্বিয়াৰ বুয়েনছ আইৰেছৰ আইকনিক মনুমেণ্টেল ষ্টেডিয়ামত বলিভিয়াক 6-0 গ’লৰ ব্যৱধানত পৰাস্ত কৰাত সহায় কৰে ।

গ’ল প্ৰদানৰ ক্ষেত্ৰত ৰ’নাল্ডোৰ পিছতে স্থান লাভ

খেলখনৰ 19 মিনিটত বলিভিয়াৰ মাৰ্চেলো চুয়াৰেজৰ ভুলৰ সুযোগ গ্ৰহণ কৰি মেছিয়ে এটা গ’ল কৰে ৷ যাৰ ফলত আৰ্জেণ্টিনাই খেলখনত লাভ কৰে অগ্ৰগতি । মেছিয়ে সমগ্ৰ মেচখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি হেট্ৰিক সম্পূৰ্ণ কৰি ৰ’নাল্ডোৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰিছিল ।

নিজকে শিশুৰ দৰে অনুভৱ কৰো: মেছি

খেলখনৰ পিছত আৰ্জেণ্টিনাৰ অধিনায়ক মেছিয়ে বুয়েনছ আইৰেছলৈ উভতি আহি অনুৰাগীসকলৰ মৰম অনুভৱ কৰাটো এক ভাল অনুভৱ আৰু ই তেওঁক অনুপ্ৰাণিত কৰে বুলি সদৰী কৰে । আৰ্জেণ্টিনাৰ তাৰকাজনে কৈছিল যে, তেওঁ নিজকে দলটোত শিশুৰ দৰে অনুভৱ কৰে ৷ কাৰণ তেওঁ দলৰ আনবোৰ সদস্য়ৰ সৈতে স্বাচ্ছন্দ্যবোধ কৰে" ।

মেছিয়ে কৈছিল, "ইয়াত উপস্থিত হৈ, সকলোৰে মৰম অনুভৱ কৰি বৰ ভাল লাগিছে ৷ তেওঁলোকে মোৰ নাম কোৱাৰ ধৰণতে মই বহুখিনি প্ৰভাৱিত হৈছো । ই মোক অনুপ্ৰাণিত কৰে । মই য’ত আছো, তাত সুখী হ'বলৈ ভালপাওঁ । মোৰ বয়স স্বত্বেও যেতিয়া মই ইয়ালৈ আহো, মই শিশুৰ দৰে অনুভৱ কৰো কাৰণ মই এই দলটোৰ সৈতে স্বাচ্ছন্দ্যবোধ কৰো । যেতিয়ালৈকে মই ভাল অনুভৱ কৰো আৰু মই বিচৰাধৰণে প্ৰদৰ্শন কৰিব পাৰো, মই ইয়াক উপভোগ কৰি থাকিম" ৷

লগতে পঢ়ক: 27 লাখ টকা দৰমহা, 50 দিনৰ ছুটী; চাকৰি বিচাৰি থকাসকলে কৰিব পাৰে আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.