স্প’ৰ্টছ ডেস্ক: শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ ৷ যিটো নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত তিনিখন মেচৰ টেষ্ট শৃংখলাত দেখা গৈছিল ৷
এই শৃংখলাত অধিনায়ক হিচাপে বেটৰে ৰাণ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল ক্ৰিকেটাৰগৰাকী ৷ যাৰ বাবে ভাৰতীয় দলটো 3-0 ব্যৱধানত নিউজিলেণ্ডৰ হাতত পৰাস্ত হ’বলগীয়া হয় ৷
ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা কেতিয়া গ্ৰহণ কৰিব অৱসৰ ?
টেষ্ট ক্ৰিকেটত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ পিছৰে পৰা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা কেতিয়া অৱসৰ ল'ব, তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ।
অৱশ্যে ৰোহিতে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ এনে সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অভিজ্ঞ ক্ৰিকেটাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তে ৰোহিতৰ অৱসৰৰ সন্দৰ্ভত সদৰী কৰিছে বৃহৎ আপডেট ।
ৰোহিতৰ অৱসৰৰ সন্দৰ্ভত শ্ৰীকান্তৰ আপডেট
ৰোহিত শৰ্মাৰ অৱসৰৰ সন্দৰ্ভত নিজৰ ইউটিউব চেনেলত কৃষ্ণমাচাৰী শ্ৰীকান্তে কৈছে যে, "ভাৰতীয় দলটোৱে এতিয়া ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগিব । যদি ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াত উন্নত প্ৰদৰ্শন নকৰে, মই ভাবো তেওঁ নিজেই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল'ব । তেওঁ কেৱল এদিনীয়া খেলিব । ইতিমধ্যে ৰোহিতে টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ত্যাগ কৰিছে । আমি মনত ৰাখিব লাগিব যে, তেওঁৰ বয়সো বাঢ়িছে । তেওঁ এতিয়া সৰু নহয়" ৷
ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে খেলিব 5 খন মেচৰ শৃংখলা
শ্ৰীকান্তে নৱেম্বৰত আৰম্ভ হ’বলগীয়া ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ বিষয়ে ইংগিত প্ৰদান কৰিছে ৷ অভিজ্ঞ ক্ৰিকেটাৰগৰাকীৰ মতে, যদি ৰোহিতে এই পাঁচখন মেচৰ টেষ্ট শৃংখলাত উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে, তেন্তে তেওঁ অৱসৰ গ্ৰহণ কৰিব পাৰে । অৱশ্যে বৰ্তমানলৈকে ৰোহিত শৰ্মা বা বি চি চি আইৰ পৰা এই অৱসৰৰ বিষয়ত কোনো তথ্য প্ৰকাশ পোৱা নাই ৷
টীম ইণ্ডিয়াই 22 নৱেম্বৰৰ পৰা প্ৰথমখন টেষ্ট মেচ খেলিব আৰু পাঁচখন টেষ্ট মেচৰ শৃংখলাটো 30 ডিচেম্বৰলৈকে চলিব । এই শৃংখলাটোৰ বাবে অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাৰ ওপৰত অৰ্পণ কৰা হৈছে ৷ কিন্তু শৃংখলাটোৰ প্ৰথমখন মেচত ৰোহিতে খেলিবনে নাই, সেই সন্দৰ্ভত কোনো কথা স্পষ্ট হোৱা নাই ৷
লগতে পঢ়ক: সমালোচনাৰে থকা-সৰকা ৰোহিত শৰ্মাক, ঋষভ পন্তৰ প্ৰশংসাৰে পঞ্চমুখ নিউজিলেণ্ডৰ সংবাদ মাধ্যম