স্প’ৰ্টছ ডেস্ক: 1 নৱেম্বৰৰ পৰা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-নিউজিলেণ্ডৰ মাজৰ তৃতীয় তথা অন্তিমখন টেষ্ট ৷ এই টেষ্টৰ পৰা বাদ পৰিছে নিউজিলেণ্ডৰ সোঁহতীয়া বেটছমেন কেন উইলিয়ামছন ৷
উইলিয়ামছনে ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগা টেষ্ট শৃংখলাৰ পূৰ্বে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ চলিত শৃংখলাৰ অন্তিমখন টেষ্টত অংশগ্ৰহণৰ পৰা বিৰত থাকিব ৷ যিয়ে ক্ৰিকেটাৰগৰাকীক বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাত সহায় কৰাৰ সম্ভাৱনা আছে ৷
Squad News | Kane Williamson will not travel to India for the third Test in Mumbai to ensure he his fit for the upcoming three-Test series against England 🏏 #CricketNationhttps://t.co/HpqP4w6Ufp
— BLACKCAPS (@BLACKCAPS) October 29, 2024
তৃতীয় টেষ্টৰ পৰা বাহিৰ কেন উইলিয়ামছন
28 নৱেম্বৰত হেগলি অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ'বলগীয়া প্ৰথম টেষ্টৰ পূৰ্বে সুস্থ হৈ উঠাৰ আশাৰে ক্ৰিকেটৰ পৰা আঁতৰত আছে উইলিয়ামছন ৷ শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাৰ সময়তে পিঠিত আঘাত পাইছিল ক্ৰিকেটাৰগৰাকীয়ে ৷
![IND VS NZ TEST SERIES](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/22786244_a.jpg)
নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে সদৰী কৰা অনুসৰি, উইলিয়ামছনে লাহে লাহে সুস্থ হ’বলৈ ধৰিছে ৷ কিন্তু ইংলেণ্ড আৰু নিউজিলেণ্ডৰ টেষ্ট শৃংখলালৈ ক্ৰিকেটাৰগৰাকী সুস্থ হৈ উঠিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব বুলিও ষ্টেডে মন্তব্য কৰে ৷
Kane Williamson to miss the 3rd Test Vs India in order to ensure his availability for the home Test series Vs England. pic.twitter.com/Y2G7Vo2YUO
— Mufaddal Vohra (@mufaddal_vohra) October 29, 2024
ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত অংশগ্ৰহণ
"কেন ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও বৰ্তমান সময়ত তেওঁ আমাৰ সৈতে যোগ দিবলৈ সম্পূৰ্ণৰূপে সাজু নহয় । কথাবোৰ আশাব্যঞ্জক যেন লাগিছে ৷ তেওঁ ইংলেণ্ডৰ হৈ যাতে খেলিবলৈ সাজু হ'ব পাৰে" বুলি ষ্টেডে মন্তব্য কৰে ।
BIG BLOW FOR NEW ZEALAND. 📢
— Johns. (@CricCrazyJohns) October 29, 2024
- Kane Williamson ruled out of the third Test against India. pic.twitter.com/kaCTpzatqs
লগতে কয়, "ইংলেণ্ডৰ শৃংখলাৰ বাবে এতিয়াও এমাহ বাকী আছে ৷ সেয়েহে এতিয়াও সতৰ্কতা গ্ৰহণ কৰিলে ক্ৰিষ্টচাৰ্চত প্ৰথমখন টেষ্টৰ পূৰ্বে সাজু হৈ উঠিব পাৰিব ক্ৰিকেটাৰগৰাকী" ৷
ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ডৰ 2-0 ত অগ্ৰগতি
তিনিখন মেচৰ টেষ্ট শৃংখলাটোত ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে নিউজিলেণ্ডে লাভ কৰিছে 2-0 ৰ অগ্ৰগতি ৷ বেংগালুৰু টেষ্টত জয়ী হোৱাৰ পিছত নিউজিলেণ্ডে পুনে টেষ্টতো ভাৰতৰ বিৰুদ্ধে জয়লাভ কৰে ৷
লগতে পঢ়ক: সলনি হ’ব টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ! দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে এই সালসলনি