ETV Bharat / sports

জেক পলৰ বিৰুদ্ধে হেভীৱেইট মেচত পৰাস্ত মাইক টাইছন - MIKE TYSON VS JAKE PAUL

জেক পলে সৰ্বসন্মত সিদ্ধান্তৰ দ্বাৰা বক্সিং কিংবদন্তী মাইক টাইছনক 58-54 ত পৰাস্ত কৰে । দুয়োগৰাকীয়ে এই মেচৰ পৰা উপাৰ্জন কৰা ধনৰ পৰিমাণ আপুনি জানেনে ?

MIKE TYSON VS JAKE PAUL
জেক পল বনাম মাইক টাইছন (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 17, 2024, 12:49 PM IST

স্প’ৰ্টছ ডেস্ক: শুকুৰবাৰে টেক্সাছৰ আৰ্লিংটনৰ এ টি এণ্ড টি ষ্টেডিয়ামত অনুষ্ঠিত এক ব্লকবাষ্টাৰ বক্সিং মেচত ইউটিউবাৰ-বক্সাৰ জেক পলে সৰ্বসন্মত সিদ্ধান্তৰ দ্বাৰা কিংবদন্তি মাইক টাইছনক পৰাস্ত কৰে ।

প্ৰথম দুটা ৰাউণ্ড টাইৰনৰ হাতত পৰাজিত হোৱাৰ পিছত পলে এক আশ্বৰ্যজনক প্ৰত্যাৱৰ্তন ঘটায় ৷ খেলুৱৈগৰাকীয়ে লাভ কৰে 78-74 নম্বৰ ৷

জেক পলৰ হাতত পৰাস্ত মাইক টাইছন

58 বছৰীয়া টাইছনে সুদীৰ্ঘ 19 বছৰৰ কাৰ্যকালৰ পিছত ৰিঙলৈ উভতিছিল ৷ আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী 27 বছৰীয়া পলৰ এই খেলখনৰ আগতে 10-1 ৰ অভিলেখ আছিল । এই খেলখনৰ পূৰ্বেই উত্তেজনাৰ সৃষ্টি হৈছিল, কিয়নো টাইছনে পলক চৰ শোধাই তেওঁ পৰাজিত নোহোৱাৰ দাবী কৰিছিল ।

টাইছনে জিকিছিল প্ৰথম দুটা ৰাউণ্ড

বাউটৰ প্ৰাৰম্ভিক ৰাউণ্ডত পলৰ পৰীক্ষা কৰা হৈছিল ৷ কিন্তু শেষত ভাগৰ আৰু বয়স দুয়োটাই টাইছনৰ ওপৰত কিছু প্ৰভাৱ পেলাইছিল । মাইক টাইছনে এই যুঁজত আগবাঢ়ি অনায়াসে প্ৰথম দুটা ৰাউণ্ডত জয়লাভ কৰিছিল । টাইছনে প্ৰথম আৰু দ্বিতীয় দুয়োটা ৰাউণ্ডতে 10-9 স্ক'ৰেৰে জয়লাভ কৰিছিল ।

টাইছনৰ ওপৰত বয়সৰ প্ৰভাৱ

ক্ৰমান্বয়ে ভাগৰুৱা অনুভৱ কৰিছিল টাইছনে ৷ যাৰ বাবে পলে প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰে ৷ পঞ্চমটো ৰাউণ্ডৰ আৰম্ভণিতে টাইছনৰ বাওঁ হুকে পলক জোকাৰি গৈছিল । কিন্তু শেষত পলে কিছু ভাল শ্বটৰ সহায়ত প্ৰত্যাৱৰ্তন কৰে ৷

খেলখনৰ মাজতে টাইছনে দুয়োখন ভৰিত শক্তিৰ অভাৱ অনুভৱ কৰে ৷ ৰাউণ্ডবোৰ ক্ৰমে আগুৱাই যোৱাৰ লগে লগে কিংবদন্তী টাইছনক ভাগৰুৱা যেন দেখা গৈছিল ৷ অন্তিমটো ৰাউণ্ডত পলে ভাগৰুৱা টাইছনক লক্ষ্য কৰি কেইটামান শ্বট মাৰে আৰু দুয়োজনে বাউটৰ শেষত এটা বিশেষ মুহূৰ্ত ভাগ-বতৰা কৰে ।

মাইক টাইছন আৰু জেক পলে কিমান কৰিছিল উপাৰ্জন ?

এই বিশেষ খেলখনৰ বাবে দুয়োজন বক্সাৰক কিমান টকা পৰিশোধ কৰা হৈছে, সেই বিষয়ে কোনো আনুষ্ঠানিক তথ্য নাই । প্ৰতিবেদন অনুসৰি, জেক পলে এই বৃহৎ যুঁজৰ পৰা 40 নিযুত আমেৰিকান ডলাৰ (প্ৰায় 337 কোটি টকা) উপাৰ্জন কৰিব । আনহাতে, কিংবদন্তী বক্সাৰ মাইক টাইছনে 20 মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় 168 কোটি টকা) লাভ কৰিব ।

লগতে পঢ়ক: ভাৰতীয় বক্সাৰ নীৰজ গোৱাটৰ ইতিহাস; পৰাস্ত কৰিলে ব্ৰাজিলৰ খেলুৱৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.