ETV Bharat / sports

দীৰ্ঘকেশী বলাৰ ঈশান্ত শৰ্মাৰ 36 সংখ্যক জন্মদিন: বহুবাৰ জৰিমনা ভৰিও কটা নাছিল চুলি - ISHANT SHARMA 36TH BIRTHDAY - ISHANT SHARMA 36TH BIRTHDAY

Indian Bowler Ishant Sharma: ভাৰতৰ দ্ৰুত বলাৰ ইশান্ত শৰ্মাৰ আজি 36 তম জন্মদিন ৷ দীৰ্ঘকেশী বলাৰগৰাকীৰ আছে বহু আমোদজনক কাহিনী ৷ বহু সময়ত চুলিৰ বাবেই জৰিমনাও ভৰিবলগীয়া হৈছিল বলাৰগৰাকীয়ে ৷ তাৰপিছতো কিন্তু তেওঁ কটা নাছিল চুলি ৷ নিজৰ চুলিৰ প্ৰতি তীব্ৰ আবেগ থকা খেলুৱৈগৰাকীৰ বিষয়ে জানক কেইটামান আমোদজনক তথ্য...

ISHANT SHARMA 36TH BIRTHDAY
বলাৰ ঈশান্ত শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Sep 2, 2024, 4:10 PM IST

স্প’ৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ: ভাৰতীয় দ্ৰুত বলাৰ ইশান্ত শৰ্মাই আজি উদযাপন কৰিছে 36 বছৰীয়া জন্মদিন ৷ ভাৰতীয় ক্ৰিকেট দলৰ বহু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে বলাৰগৰাকী ৷ ইশান্ত শৰ্মাই অভিষেক মেচতে ৰিকী পণ্টিঙৰ দৰে আগশাৰীৰ বেটছমেনক বলিং কৰি তীব্ৰ সমস্যাত পেলাইছিল ৷

ঈশান্ত শৰ্মা বুলি ক’লে সাধাৰণতে মনলৈ আহে দীৰ্ঘকেশৰে ক্ষীণকায় যুৱকগৰাকীৰ কথা ৷ কিন্তু ইশান্ত শৰ্মাৰ নিজৰ চুলিৰ প্ৰতি থকা আবেগৰ কথা জনা লোক হয়তো খুব কমেইহে ওলাব ৷ স্কুলৰ দিনৰে পৰা দীঘল চুলি ৰাখিবলৈ ভালপোৱা ঈশান্তে বহুসময়ত নিজৰ চুলিৰ বাবে পৰিছিল সমস্যাত ৷

ইশান্ত শৰ্মাই নিজেই এটা সাক্ষাৎকাৰত কৈছিল যে, দীঘল চুলি ৰখাৰ বাবে তেওঁ বিদ্যালয়ত শাস্তিৰ সন্মুখীন হৈছিল ৷

"এবাৰ মই স্কুলত পঢ়ি থাকোতে অনুৰ্ধ-19 ক্ৰিকেট খেলিছিলো ৷ আমাৰ বিদ্যালয়ৰ উপ-প্ৰধান শিক্ষকগৰাকীয়ে দীঘল চুলিৰ শিক্ষাৰ্থীসকলক আগবাঢ়ি সন্মুখলৈ আহিবলৈ কৈছিল ৷ কিন্তু মই চুপ-চাপে সকলোৰে পিছফালে থিয় হৈ আছিলো । কিন্তু তাত উপস্থিত থকা সকলোৰে ভিতৰত মোৰ উচ্চতা আছিল সৰ্বাধিক" বুলি বলাৰগৰাকীয়ে সাক্ষাৎকাৰত কৈছিল ৷

"উপ-প্ৰধান শিক্ষকগৰাকীয়ে মোৰ চুলিত ধৰি প্ৰাৰ্থনা অনুষ্ঠিত হোৱা স্থানলৈ মোক চোঁচৰাই নিছিল ৷ কিন্তু এই সকলোবোৰৰ পাছতো মই মোৰ চুলি কটা নাছিলো"- ইশান্তে কয় ৷

ভাৰতৰ অনুৰ্ধ-19 শৃংখলাৰ সময়ত সংঘটিত আন এটা ঘটনাৰ বিষয়ে খেলুৱৈগৰাকীয়ে এনেদৰে কৈছিল, "লালু (লালচান্দ ৰাজপুত) চাৰ আমাৰ প্ৰশিক্ষক আছিল । সেয়েহে নিউজিলেণ্ডত তেওঁ মোক কৈছিল- ঈশান্ত, আপুনি ফেশ্বনেবল হৈ পৰিছে । আপুনি ইয়াত মডেল নহয়, যাৰ বাবে আপুনি আপোনাৰ চুলি কাটিব লাগিব । অন্যথা, আপুনি 100 ডলাৰ মেচৰ মাচুল পৰিশোধ কৰিব লাগিব"।

ঈশান্তে কৈছিল যে, "খেলুৱৈয়ে দীঘল চুলি ৰখাৰ ক্ষেত্ৰত প্ৰশিক্ষকে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল ৷ বিশেষকৈ মোক চুলি কটাৰ নিৰ্দেশ দিছিল প্ৰশিক্ষকে ৷ এবাৰ মই মোৰ চুলি কাটিবলৈ চেলুনলৈ গৈছিলো কিন্তু চেলুনখন খোলা নাছিল । সেইবাৰ মই ইমান ভাগৰি পৰিছিলো যে মই এইবোৰ একো নকৰিলো । তাৰপিছত মই জৰিমনা ভৰিবলগা হৈছিল । মই তেওঁলোকক জৰিমনা পৰিশোধ কৰিবলৈ কৈছিলো, কিন্তু মই মোৰ চুলি কটা নাছিলো"।

লগতে পঢ়ক: আশাই নাছিল জীয়াই থকাৰ: পিছে পেৰালিম্পিকত দুবাৰকৈ ব্ৰঞ্জ জিকি ৰচিলে ইতিহাস - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.