ETV Bharat / sports

ক্ৰিকেটক বিদায় জনোৱা 5 খেলুৱৈ অন্তৰ্ভুক্ত আই পি এলৰ নিলামত - IPL AUCTION 2025

Top 5 retired players list: আই পি এল 2025 মেগা নিলামৰ বাবে নাম পঞ্জীয়ন কৰা বিশ্বৰ শীৰ্ষ 5 গৰাকী ক্ৰিকেটাৰ কোন জানেনে ?

IPL Auction 2025
ডেভিদ ৱাৰ্ণাৰ আৰু ট্ৰেণ্ট ব'ল্ট (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 6, 2024, 9:02 PM IST

স্প’ৰ্টছ ডেস্ক: মেগা ক্ৰিকেট ইভেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) পৰৱৰ্তী ছিজনৰ বাবে নাম পঞ্জীয়ন কৰা খেলুৱৈসকলৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ।

কেইজনমান ক্ৰিকেটাৰ আছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে যদিও এই ধনী লীগত এতিয়াও খেলিব বিচাৰে । এনে 5 গৰাকী শীৰ্ষ খেলুৱৈৰ ওপৰত এবাৰ চকু ফুৰাও আহক-

1) জেমছ এণ্ডাৰছন (আই পি এল নিলাম 2025 ৰ আধাৰ মূল্য – 1.25 কোটি)

সকলো ক্ৰিকেটাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আচৰিত কথাটো আছিল ইংলেণ্ডৰ কিংবদন্তি ফাষ্ট বলাৰ জেমছ এণ্ডাৰছনৰ উপস্থিতি । এণ্ডাৰছনে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) নিলামৰ বাবে নাম পঞ্জীয়ন কৰিছে ।

2024 চনৰ জুলাইত লৰ্ডছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচ খেলাৰ পিছত শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা টেষ্ট বিশেষজ্ঞজনে তেওঁৰ আধাৰ মূল্য 1.25 কোটি টকা ৰাখিছে । এণ্ডাৰছনে ক্ৰিকেট কেৰিয়াৰত 19 খন আন্তঃৰাষ্ট্ৰীয় টি-20 কে ধৰি মুঠ 44 খন টি-20 ত অংশ লৈছে ৷ তদুপৰি 32.14 গড়ে আৰু 8.47 ইক’ন’মিক ৰেটৰ সৈতে দখল কৰিছে 41 টা উইকেট ।

2) ডেভিদ ৱাৰ্ণাৰ (আই পি এল নিলাম 2025 আধাৰ মূল্য- 2 কোটি)

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ ডেভিদ ৱাৰ্ণাৰেও পূৰ্বৰ ফ্ৰেঞ্চাইজি দিল্লী কেপিটেলছে (ডি চি) তেওঁক ৰিটেইনচন খেলুৱৈৰ তালিকাৰ পৰা বাদ দিয়াৰ পিছত নিলামত অন্তৰ্ভুক্ত কৰিছে নিজৰ নাম ৷ ৱাৰ্ণাৰ আই পি এলত এটা সাধাৰণ নাম আছিল আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত তৃতীয় সৰ্বাধিক চাৰি (663) ৰ অভিলেখ গঢ়িছিল । ৱাৰ্ণাৰৰ নামত আছে সৰ্বাধিক অৰ্ধশতক (66) ৷

ডেভিদ ৱাৰ্ণাৰ 2015 চনৰ পৰা 2021 চনলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (এছ আৰ এইচ) অধিনায়ক আছিল । লক্ষণীয়ভাৱে তেওঁ দলটোক 2016 চনত প্ৰদান কৰিছিল প্ৰথমটো আই পি এলৰ খিতাপ ৷ 151.42 ষ্ট্ৰাইক ৰেটত 848 ৰাণ সংগ্ৰহ কৰি দলটোৰ বাবে দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হৈছিল ৱাৰ্ণাৰ ৷ তেওঁ 2013 চনত দিল্লী কেপিটেলছৰ সৈতে অধিনায়কত্বত আত্মপ্ৰকাশ কৰিছিল, তেওঁ ঋষভ পন্তৰ অনুপস্থিতিত 2023 চনত পুনৰ ফ্ৰেঞ্চাইজিৰ অধিনায়কৰ দায়িত্ব চম্ভালিছিল ৷

3) ফাফ ডু প্লেচিছ (আই পি এল নিলাম 2025 আধাৰ মূল্য – 2 কোটি)

2022 চনৰ পৰা 2024 চনলৈ তিনিটা আই পি এল ছিজনৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) ৰ নেতৃত্ব দিয়া ফাফ ডু প্লেচিছক আগন্তুক লীগৰ বাবে ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব নোৱাৰিলে । ডু প্লেচিছে যোৱা দুটা ছিজনত আৰ চি বিৰ বাবে নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল । 2024 চনত তেওঁ একেৰাহে 7 টা জয়ৰ সৈতে দলটোক প্লে-অফ পৰ্যায়লৈ নিয়াত সহায় কৰিছিল ৷

2023 চনত তেওঁ 153.68 ষ্ট্ৰাইক ৰেটত 14 খন মেচত 730 ৰাণৰ সৈতে অৰেঞ্জ কেপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আছিল । আৰ চি বিৰ আগতে তাৰকা বেটছমেনজনে চেন্নাই চুপাৰ কিংছ (চি এছ কে) আৰু ৰাইজিং পুনে চুপাৰ জায়েণ্টছৰ হৈ আই পি এলত খেলিছে ।

4) মইন আলী (আই পি এল নিলাম 2025 আধাৰ মূল্য- 2 কোটি)

প্ৰাক্তন ইংৰাজ ক্ৰিকেটাৰ মইন আলীয়ে 2018 চনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ আই পি এলত আত্মপ্ৰকাশ কৰিছিল আৰু পিছত চেন্নাই চুপাৰ কিংছৰ অংশ হৈছিল । আলীয়ে 2023 চনত চি এছ কে-ক তেওঁলোকৰ পঞ্চম আই পি এল খিতাপ দখল কৰাত সহায় কৰে ৷

খেলুৱৈগৰাকীয়ে 124 ৰাণ সংগ্ৰহ কৰিছিল আৰু 5 টা উইকেট দখল কৰিছিল । তেওঁ এতিয়ালৈকে আই পি এল কেৰিয়াৰত 67 খন মেচ খেলিছে আৰু 22.78 গড়ে সংগ্ৰহ কৰিছে 1,162 ৰাণ ৷ লগতে বিশ্বজুৰি বিভিন্ন ফ্ৰেঞ্চাইজি লীগ খেলাৰ এক বিশাল অভিজ্ঞতাও আছে এইগৰাকী ক্ৰিকেটাৰৰ ।

5) ট্ৰেণ্ট ব'ল্ট (আই পি এল নিলাম 2025 আধাৰ মূল্য – 2 কোটি)

মাৰাত্মক চুইং বলিঙৰ বাবে বিখ্যাত কিৱি পেচাৰজনে ৰাজস্থান ৰয়েলছৰ সৈতেও ভংগ কৰিছে সম্পৰ্ক ৷ কিন্তু তেওঁক ফ্ৰেঞ্চাইজিয়ে ধৰি ৰাখিব পৰা নাই । ব'ল্টে প্ৰায়ে পাৱাৰ প্লে অভাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু ইনিংছৰ আৰম্ভণিতে সফলতা প্ৰদান কৰি আহিছে ।

মেগা নিলামত তেওঁৰ উপলব্ধতাই তেওঁলোকৰ নতুন বল আক্ৰমণ শক্তিশালী কৰিব বিচৰা বহুতো ফ্ৰেঞ্চাইজিৰ আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । ভূৱনেশ্বৰ কুমাৰৰ পিছত তেওঁ পাৱাৰ প্লেত দ্বিতীয় সৰ্বাধিক উইকেট (63) লোৱাৰ অভিলেখ গঢ়িছে আৰু প্ৰায় প্ৰতিটো ফ্ৰেঞ্চাইজিয়ে তেওঁক দলত অন্তৰ্ভুক্ত কৰিব বিচাৰে । ব'ল্টে 104 খন খেলত 26.7 গড়ে 121 টা উইকেট আৰু 8.29 ৰ ইক’ন’মিক ৰেট অৰ্জন কৰিছে ।

লগতে পঢ়ক: শেষ মুহূৰ্তত স্থান সলনি; ৰিয়াদত অনুষ্ঠিত নহয় আই পি এলৰ মেগা নিলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.