ETV Bharat / sports

টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষকৰ আই পি এলত প্ৰৱেশ, মেগা নিলামৰ পূৰ্বে এই দলত যোগদান - IPL 2025

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Indian Premier League 2025: টীম ইণ্ডিয়াক টি-20 বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তোলা প্ৰশিক্ষকগৰাকীৰ আই পি এলত প্ৰৱেশ ৷ কোনটো ফ্ৰেঞ্চাইজিয়ে এই প্ৰশিক্ষকগৰাকীক কৰিছে দলত অন্তৰ্ভুক্ত ? জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ ।

IPL 2025
বিক্ৰম ৰাথোড় আৰু ৰাহুল দ্ৰাবিড় (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2025 আৰম্ভ হোৱাৰ পূৰ্বে ৰাজস্থান ৰয়েলছে ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়ক দলৰ নতুন বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ভাৰতীয় প্রাক্তন অ’পেনিং বেটছমেন তথা নির্বাচক ৰাথোড়ৰ ৰাষ্ট্ৰীয় দলৰ সৈতে থকা কার্যকাল জুন মাহত টি-20 বিশ্বকাপ জয়ৰ পিছতে সমাপ্ত হয় ৷ কিন্তু পুনৰবাৰ ৰাথোড়ক ৰাহুল দ্ৰাবিড়ৰ সৈতে প্ৰশিক্ষকৰ ভূমিকাত দেখা পাব ক্ৰিকেটপ্ৰেমীসকলে ৷

ৰাজস্থান ৰয়েলছত বিক্ৰম ৰাথোড়ৰ যোগদান

দলটোৰ ফ্ৰেঞ্চাইজিয়ে প্ৰকাশ কৰা এক বিবৃতিত ৰাথোড়ে কয় যে, "ৰয়েলছ পৰিয়ালৰ অংশ হোৱাটো এক সৌভাগ্যৰ কথা । ৰাহুলৰ সৈতে পুনৰ কাম কৰাৰ সুযোগ লাভ আৰু যুৱ ক্ৰিকেটাৰৰে গঠিত প্ৰতিভাৱান দল এটাৰ সৈতে এই নতুন অভিজ্ঞতা হ’ব অত্যন্ত ৰোমাঞ্চকৰ । দলীয় দৃষ্টিভংগীত অৰিহণা যোগাবলৈ আৰু ৰয়েলছ আৰু ভাৰতৰ বাবে শীৰ্ষ শ্ৰেণীৰ খেলুৱৈ গঢ়ি তোলাৰ আমাৰ লক্ষ্যত কাম কৰিবলৈ মই আগ্ৰহী, যিয়ে চেম্পিয়নশ্বিপ জয় কৰাত সহায় কৰিব পাৰে" ৷

2019 চনৰ পৰা 2024 চনলৈ টীম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক হিচাপে কৰ্মৰত ৰাথোড়ে ভাৰতৰ হৈ 6 খন টেষ্ট আৰু 7 খন এদিনীয়া মেচ খেলিছে । তেওঁৰ কাৰ্যকালত ঋষভ পন্ত, শুভমন গিল, শ্ৰেয়ছ আয়াৰ, যশস্বী জয়ছোৱাল, কে এল ৰাহুলৰ দৰে বেটছমেনে সকলো ফৰ্মেটতে ৰাষ্ট্ৰীয় দলত প্ৰাধান্য লাভ কৰে ।

ৰাহুল দ্ৰাবিড়ৰ আদৰণি

ৰাথোড়ক দললৈ আদৰণি জনাই ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয়, "বিক্ৰমৰ সৈতে বহু বছৰে ঘনিষ্ঠভাৱে কাম কৰাৰ পিছত মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ক’ব পাৰো যে, তেওঁৰ কাৰিকৰী জ্ঞান, শান্ত আচৰণ আৰু পৰিস্থিতিৰ গভীৰ বুজাবুজিয়ে ৰাজস্থান ৰয়েলছৰ বাবে উপযুক্ত বুলি গণ্য কৰিব" ৷

দ্ৰাবিড়ে লগতে কয় যে, "আমি একেলগে এক শক্তিশালী সহযোগিতা গঢ়ি তুলিছো ৷ ভাৰতৰ সফলতাক আগুৱাই লৈ গৈছো আৰু মই তেওঁলোকৰ সৈতে পুনৰ দলটোত যোগদান কৰিবলৈ পাই ৰোমাঞ্চিত হৈছো । যুৱ প্ৰতিভাক লালন-পালন কৰা আৰু খেলুৱৈসকলৰ সম্ভাৱনা বৃদ্ধি কৰাৰ ক্ষমতা অমূল্য বিবেচিত হ’ব ৷ কাৰণ আমি আমাৰ দলটোক আৰু অধিক শক্তিশালী কৰাৰ লগতে ৰাজস্থান ৰয়েলছক বিশ্বমানৰ দল হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো" ।

উল্লেখ্য যে, শেহতীয়াকৈ গ্ৰেটাৰ নয়দাত আফগানিস্তানৰ বিৰুদ্ধে বাতিল হোৱা একমাত্ৰ টেষ্টৰ নিউজিলেণ্ডৰ সহায়ক কৰ্মচাৰীৰ সদস্য আছিল ৰাথোড় ৷ যিখন মেচ ধাৰাবাহিকভাৱে হোৱা বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে এটাও বল নপৰাকৈ বাতিল কৰিবলগীয়া হৈছিল ৷

লগতে পঢ়ক: নৱেম্বৰত আই পি এল 2025 ৰ মেগা নিলাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - IPL 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.