ETV Bharat / sports

আইপিএল ২০২৫ : নিলামৰ পূৰ্বে লক্ষ্ণৌৱে এৰিব বিচাৰিছে কে এল ৰাহুলক

KL Rahul To Release By LSG : আগন্তুক বৰ্ষৰ আইপিএলৰ মেগা নিলামৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে কে এল ৰাহুলক এৰিবলৈ সাজু হৈছে ।

KL Rahul To Release By LSG
নিলামৰ পূৰ্বে লক্ষ্ণৌৱে এৰিব বিচাৰিছে কে এল ৰাহুলক (AFP)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

নতুন দিল্লী : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) আগন্তুক মেগা নিলামৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ (এলএছজি) ডাঙৰ সিদ্ধান্ত । দলটোৱে বৰ্তমানৰ অধিনায়ক কে এল ৰাহুলক চুক্তিৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে । ইয়াৰ অৰ্থ হৈছে ৰাহুলে আগন্তুক বৰ্ষৰ আইপিএল মেগা নিলামত অংশগ্ৰহণ কৰিব লাগিব । তাৰ পৰাই যিকোনো ফ্ৰেন্সাইজীয়ে ৰাহুলৰ ওপৰত নিলাম মূল্য আগবঢ়াব পাৰিব ।

টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আগন্তুক ছিজনৰ বাবে মেগা নিলামৰ পূৰ্বে কে এল ৰাহুলক মুকলি কৰি দিবলৈ সাজু হৈছে । আনহাতে, যুৱ ফাষ্ট বলাৰ মায়ংক যাদৱক তেওঁলোকে দলত ৰাখিব বিচৰা খেলুৱৈসকলৰ ভিতৰত এজন । লগতে কেৰিবিয়ান বেটছমেন নিকোলাছ পুৰাণ আৰু ভাৰতীয় লেগ স্পিনাৰ ৰবি বিষ্ণয় হৈছে দলটোত চুক্তি বাহাল ৰাখিবলগা আন দুগৰাকী খেলুৱৈ ।

উল্লেখ্য যে ৰাহুলে বিগত ৩ টা আইপিএল ছিজনৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ফ্ৰেন্সাইজীৰ অধিনায়কত্ব কৰিছে । কিন্তু প্ৰাপ্ত খবৰ অনুযায়ী, দল মেনেজমেণ্ট ৩২ বছৰীয়া ৰাহুলৰ ষ্ট্ৰাইক ৰেটত সন্তুষ্ট নহয় ।

আই পি এল সূত্ৰই টাইমছ অব ইণ্ডিয়াক জনোৱা মতে, "মেণ্টৰ জাহিৰ খান আৰু প্ৰশিক্ষক জাষ্টিন লেংগাৰকে ধৰি এলএছজি মেনেজমেণ্টে তেওঁৰ খেলৰ তথ্য বিশ্লেষণ কৰিছে । তাৰ পৰা এইটো প্ৰকাশ পাইছে যে কে এল ৰাহুলে দীৰ্ঘসময় ধৰি বেটিং কৰা প্ৰায় সকলো মেচতে দলটো পৰাস্ত হৈছে । ইয়াৰ দ্বাৰা প্ৰকাশ পায় যে তেওঁৰ ষ্ট্ৰাইক ৰেটৰ খেলৰ গতিৰ সৈতে সামঞ্জস্য নাই । ইম্পেক্ট প্লেয়াৰৰ নিয়ম প্ৰৱৰ্তনৰ লগে লগে স্ক'ৰ বৃদ্ধি হৈ আহিছে । সেয়ে তেনে এজন খেলুৱৈক বেটিং অৰ্ডাৰৰ শীৰ্ষত ইমান সময় ল'বলৈ দিব নোৱাৰি ।" অৱশ্যে ফ্ৰেন্সাইজীটোৱে ৰাহুলক মুকলি কৰি দিলেও তেওঁৰ বাবে নিলামত অংশগ্ৰহণ কৰাটো এলএছজিয়ে বাছনি কৰিব পাৰে আৰু সেইটো বিকল্প খোলা থাকিব ।

আইপিএলৰ সূত্ৰই উল্লেখ কৰা মতে, "মায়ংক হৈছে এলএছজিৰ আৱিষ্কাৰ । দলটোৱে এনে এটা সময়ত তেওঁৰ ওপৰত বিনিয়োগ কৰিছিল, যেতিয়া কোনেও তেওঁৰ বিষয়ে একো নাজানিছিল । তেওঁ এইটো প্ৰমাণ কৰিছে যে মেচ এখনত তেওঁ কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে ।"

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে এলএছজিয়ে আয়ুষ বাডোনি আৰু বাঁওহতীয়া পেচাৰ মহছিন খানক আনকেপড খেলুৱৈ হিচাপে ধৰি ৰখাৰ বিকল্পটো বিবেচনা কৰিব পাৰে ।

উল্লেখ্য যে নতুন ৰিটেনচন নিয়মে ফ্ৰেন্সাইজীসমূহক আইপিএল, ২০২৫ ৰ মেগা নিলামৰ বাবে ছয়জনলৈকে খেলুৱৈক ৰাখিবলৈ অনুমতি দিয়ে । সেয়েহে আইপিএল ফ্ৰেন্সাইজীৰ দ্বাৰা এনে ধৰণে খেলুৱৈক ধৰি ৰখাৰ বিকল্প ক্ৰিকেট জগতত আলোচনাৰ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :কমনৱেলথ গেমছ 2026ত ভাৰতৰ পদক জয়ৰ আশাত ডাঙৰ আঘাত, কাৰণটো হ’ল…
লগতে পঢ়ক :ৰুতুৰাজ গায়কোৱাড়ৰ নেতৃত্বত ভাৰত এ দল ঘোষণা বিচিচিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.