ETV Bharat / sports

ঘৰুৱা খেলপথাৰ বুলি বেছি ভাবি থকা নাই; ৰিয়ান পৰাগ - IPL 2024 - IPL 2024

IPL 2024 Guwahati Matches: বুধবাৰে অনুষ্ঠিত হ'বলগা আই পি এলৰ RR আৰু PBKS ৰ মেচৰ পূৰ্বে মঙলবাৰে বর্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলে অনুশীলন কৰে । অনুশীলনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰে ৰিয়ান পৰাগে ।

IPL 2024 Guwahati Matches
ৰিয়ান পৰাগৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 8:34 PM IST

ৰিয়ান পৰাগৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ১৪ মে' : চলিত আইপিএলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থাকি হঠাতে ছন্দ হেৰুৱাই কোৱালিফায়িঙৰ বাবে যুঁজ দিবলগা হোৱা ৰাজস্থান ৰয়েলছে দুখন ঘৰুৱা মেচৰ বাবে গুৱাহাটীত উপস্থিত হৈছে । উল্লেখ্য যে প্ৰথমৰে পৰা সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা ৰাজস্থান ৰয়েলছে ধাৰাবাহিকভাৱে তিনিখন মেচত পৰাস্ত হোৱাৰ পিচত বুধবাৰে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আনহাতে, বুধবাৰে অনুষ্ঠিত হ'বলগীয়া মেচখনৰ পূৰ্বে মঙলবাৰে বর্ষাপাৰা ষ্টেডিয়ামত দুয়োটা দলে অনুশীলনত অংশ লয় ।

নিশ্চিতভাৱে ৰাজস্থান ৰয়েলছৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া মেচ দুখনৰ বাবে অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰিয়ান পৰাগৰ বাবে । চলিত আইপিএল ছিজনত ৰিয়ানৰ প্ৰদৰ্শন আৰু ঘৰুৱা খেলপথাৰত স্থানীয় খেলুৱৈগৰাকীৰ খেল উপভোগ কৰিবলৈ অনুৰাগীয়ে যথেষ্ট উৎসাহিত হৈ আছে । ইফালে অনুশীলনৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হৈ সংবাদমেল সম্বোধন কৰে ৰিয়ান পৰাগে ।

সংবাদমেল সম্বোধন কৰি ৰিয়ানে কয়, "জছ বাটলাৰৰ অনুপস্থিতিৰ বাবে দলে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ।" আনহাতে, নিজৰ প্ৰদৰ্শন আৰু অনুভৱ সন্দৰ্ভত ৰিয়ানে কয়, "মই ঘৰুৱা খেলপথাৰ বুলি বেছি ভাবি থকা নাই । সকলোৱে খেল চাবলৈ আহক । বেছি ভাবি থাকিলে খেল বেয়া হয় । বৰ্ষাপাৰা এখন হাই স্ক’ৰিং খেলপথাৰ । অৱশ্যে কুঁৱলীৰ বাবে অসুবিধা হ’ব পাৰে ।"

ইফালে নিজৰ অলৰাউণ্ড প্ৰদৰ্শন সন্দৰ্ভত ৰিয়ানে কয়, "ইম্পেক্ট প্লেয়াৰৰ বাবে এইবাৰ বলিঙত সুবিধা পোৱা নাই । তথাপি মই বলিঙৰ বাবেও সাজু হৈ আছোঁ, অনুশীলন কৰি আছোঁ ।" আনহাতে, অসমীয়া খাদ্য সন্দৰ্ভত প্ৰশ্ন কৰাত ৰসিকতাৰে মন্তব্য কৰি ৰিয়ানে কয়, "বহুকেইগৰাকী খেলুৱৈয়ে গাহৰি মাংস খাই ভালপায় । তেওঁলোকক গাহৰি মাংস খুৱাইছোঁ ।" অসমলৈ আহি বাহিৰৰ খেলুৱৈসকলৰ কিহত আগ্ৰহ বুলি সোধাত চলিত ছিজনত সুন্দৰ ফৰ্মত থকা ৰিয়ানে কয় যে তেওঁলোকে কামাখ্যা দৰ্শন কৰাৰ লগতে কাজিৰঙা ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

ইফালে আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা । বুধবাৰে আৰু ১৯ তাৰিখে হ'বলগীয়া মেচ দুখনৰ পূৰ্বে বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকাতকৈ অধিক বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

সমান্তৰালভাৱে জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড, বিষ্ণুপুৰ ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড, জি এন বি ৰোড, কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল । আনহাতে, বুধবাৰৰ মেচখনৰ বাবে ইতিমধ্যে প্ৰায় ৮০% টিকট বিক্ৰী হোৱা বুলি উদ্যোক্তাসকলে জনাইছে ।

লগতে পঢ়ক :15 আৰু 19 মে’ত বৰ্ষাপাৰাত যুঁজ: গুৱাহাটীত উপস্থিত হ’ল ৰাজস্থান ৰয়েলছ - IPL MATCH IN GUWAHATI

লগতে পঢ়ক :গুৱাহাটীত উপস্থিত হ’ল পাঞ্জাৱ কিংছ, 15 মে’ত ৰাজস্থানৰ বিৰুদ্ধে যুঁজ - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.